প্ৰসংগঃলোকসভা নিৰ্বাচনঃ বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিয়ে প্ৰস্তুত কৰিব তালিকা

প্ৰসংগঃলোকসভা নিৰ্বাচনঃ বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিয়ে প্ৰস্তুত কৰিব তালিকা

নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিজেপিৰ কেন্দ্ৰীয় সংসদীয় সমিতিয়ে শনিবাৰে অসমৰ কাৰণে প্ৰাৰ্থীসকলৰ তালিকা প্ৰস্তুত কৰিব ৷ কিন্তু তাৰ প্ৰাকমুহুৰ্তত নতুন দিল্লীত অগপ নেতা সকলৰ সহিতে এখন বৈঠক অনুষ্ঠিত হ’ব। ড° হিমন্ত বিশ্ব শৰ্মাই সংবাদমাধ্যমৰ সন্মুখত মন্তব্য কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত আমাৰ স্থিতি পৰিৱৰ্তন হোৱা নাই। লোকসভা নিৰ্বাচনৰ পিছত আমি এই বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰিম ৷ সকলোৰে পৰামৰ্শ আৰু সহ সিদ্ধান্তত এটা ইয়াৰ এটা সমাধান হ’ব ৷ সংবাদমাধ্যমৰ বাহিৰে আমাক কোনেও নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত প্ৰশ্ন কৰা নাই ৷

সম্প্ৰতি আমাৰ প্ৰধান উদ্দেশ্য হৈছে উত্তৰ পূব আৰু দেশৰ বিকাশৰ কাৰণে পুনৰাই নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিচাপে অধিস্থিত কৰা ৷ মন্ত্ৰী ড° শৰ্মাই লগতে কয় যে, ১৭ মাৰ্চত নেডাৰ এটা দলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ লগত এখন বৈঠক অনুষ্ঠিত হ’ব । এই বৈঠক খনত ৰাজ্যৰ বিজেপি,অগপ, বিপিএফৰ অন্যান্য নেতাসকল উপস্থিত থাকিব । অগপৰ লগত হোৱা মিত্ৰতাৰ সন্দৰ্ভত মন্ত্ৰী ড° শৰ্মাই কয় যে,আমাৰ উদ্দেশ্য হৈছে নৰেন্দ্ৰ মোডীক পুনৰাই প্ৰধানমন্ত্ৰী পদত অধিস্থিত কৰা ৷

ইফালে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই কয় যে,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত ১৩ মাৰ্চত হোৱা এখন বৈঠকত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুয়োটা দলৰে মাজৰ সম্পৰ্কৰ কথা উল্লেখ কৰে। আমি আশা কৰিছোঁ যে আলোচনাৰ মাধ্যমেৰে এক সিদ্ধান্তত উপনীত হৈ সমস্যা সমূহৰ সমাধান হ’ব। উল্লেখ্য যে,ইয়াৰ পূৰ্বে মন্ত্ৰী ড° হিমন্ত শৰ্মাই সন্মিলিত গণ শক্তি আৰু মিচিং সম্প্ৰদায়ৰ কিছু নেতাৰ লগত পৃথকে এখন বৈঠক অনুষ্ঠিত কৰে ৷মিছিং সম্প্ৰদায়ৰ নেতা সকলে আগন্তক লোকসভা নিৰ্বাচনত বিজেপিক সমৰ্থন কৰাৰ কাৰণে সিদ্ধান্ত লয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com