প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬: ৰাজ্যসভাত গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিক্ৰিয়া

প্ৰসংগঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬: ৰাজ্যসভাত গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ প্ৰতিক্ৰিয়া

মংগলবাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক লোকসভাত গৃহীত কৰাৰ পিছত সম্প্ৰতি সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ আজি ৰাজ্য সভাত বিধেয়কখন উত্থাপন কৰাৰ পিছত গৃহমন্ত্ৰী ৰাজমন্ত্ৰী সিঙৰ(Rajnath Singh) মন্তব্য

এই বিধেয়ক কেবল অসমৰ বাবে নহয় ৷

দেশৰ বিভিন্ন ৰাজ্যত এই বিধেয়ক প্ৰযোজ্য হ’ব ৷

৬ জনগোষ্ঠীক জনজাতিকৰণৰ সিদ্ধান্ত ৷

অন্যান্য জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত থাকিব ৷

অসম চুক্তিৰ সন্দৰ্ভত মন্তব্য কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয় যে,

অসম চুক্তি কাৰ্যকৰী কৰাৰ পক্ষপাতি আমি৷

উত্তৰ পূবৰ সকলো মুখ্যমন্ত্ৰসকলৰ সৈতে আলোচনা কৰিম ৷

উত্তৰ পূবৰ পৰিস্থিতিৰ আইন শৃংখলা সম্প্ৰতি নিয়ন্ত্ৰণত আছে ৷

ইফালে মংগলবাৰে লোকসভাত ৰাজনাথ সিঙে কয় যে এই বিধেয়ক কেৱল মাত্ৰ অসমৰ কাৰণে নহয়। বিধেয়কখনৰ হিতাধিকাৰীসকলে ভাৰতবৰ্ষৰ যিকোনো ৰাজ্যতে বসবাস কৰিব পাৰিব ৷ভাৰত চৰকাৰে অসম চৰকাৰ আৰু জনসাধাৰণক সকলো প্ৰকাৰৰ সহযোগিতা কৰাৰ কাৰণে বদ্ধ পৰিকৰ বুলিও কয় ৰাজনাথ সিঙে ৷উল্লেখ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখনে ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত আফগানিস্তান, পাকিস্তান আৰু বাংলাদেশৰ পৰা অহা ছয়টা সংখ্যালঘু হিন্দু,শিখ জৈন,বৌদ্ধ,খ্ৰীষ্টান আৰু পাৰ্ছি ধৰ্মৰ লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিব ৷

অধিক খবৰৰ বাবে পঢ়ক : ব্ৰেকিং নিউজ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com