প্ৰসংগ সুৰা ট্ৰেজেডীঃ এক বিশেষ পদক্ষেপ আবকাৰী বিভাগৰ

প্ৰসংগ সুৰা ট্ৰেজেডীঃ এক বিশেষ পদক্ষেপ আবকাৰী বিভাগৰ

উজনি অসমৰ গোলাঘাটত সুৰা সেৱন কৰি প্ৰায় ১৫০ জন লোকৰ মৃত্যু হোৱাৰ পিছতে তৎপৰ হৈ উঠিছে আবকাৰী বিভাগ ৷ সুৰা পৰীক্ষণ কৰা সন্দৰ্ভত ৰাজ্যৰ আবকাৰী বিভাগে পুনেস্থিত নেশ্যনেল কেমিকেল লেব’ট’ৰীলৈ (National Chemical Laboratory) এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ আবকাৰী বিভাগে এনচিএলক সুৰাত মেথানল অথবা অন্যান্য বিষাক্ত পদাৰ্থ পৰীক্ষণ কৰা উপযুক্ত এটি কিটৰ ব্যৱস্থা কৰিবলৈ কৈছে ৷যাতে সুৰা পৰীক্ষা কৰা সেই কিট, আবকাৰী বিভাগে আৰক্ষী,জিলাৰ বিষয়া, সুৰাৰ দোকান সমূহত এই বিশেষ কিট বিতৰণ কৰিব পাৰে ৷

লগতে বজাৰটো এই কিট সমূহ সততে উপলব্ধ হোৱাৰ ব্যৱস্থা কৰা হ’ব ৷ কাৰণ,জনসাধাৰণে যাতে নিজৰ ঘৰতে সুৰাসমূহ পৰীক্ষা কৰিব পাৰে ৷ ইফালে দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত আবকাৰী বিভাগৰ এক বিশেষ সূত্ৰৰ ভাষ্য অনুসৰি, ইথানল সুৰাত ব্যৱহাৰ কৰা এক স্পিৰিট ৷ ই মেথানললৈ পৰিৱৰ্তন হয়। গোলাঘাট আৰু যোৰহাট জিলাৰ চাহ বাগান সমূহত সুৰা খাই মৃত্যু হোৱা লোকসকলে সেৱন কৰা সুৰাত অধিক পৰিমাণৰ মেথানল পোৱা গৈছে ৷

উল্লেখ্য যে পাৰম্পৰিক ভাৱে দেশীয় সুৰা অসমৰ চাহ বাগানৰ কিছু অঞ্চলত ব্যৱহাৰ কৰা হয় ৷ আবকাৰী বিভাগ এতিয়াওঁ নিশ্চিত নহয় যে এই ধৰণৰ সুৰাত কেনেধৰণৰ সামগ্ৰী ব্যৱহাৰ কৰা হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com