প্ৰিয়াংকা চোপ্ৰা আৰু পৰিণীতী চোপ্ৰাই ঘৰলৈ আদৰিছে নতুন অতিথিকঃ কিন্তু কোন এই অতিথি ?

প্ৰিয়াংকা চোপ্ৰা আৰু পৰিণীতী চোপ্ৰাই ঘৰলৈ  আদৰিছে নতুন অতিথিকঃ কিন্তু কোন এই অতিথি ?

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা সম্প্ৰতি ভাৰতত ৷ সেয়েহে ভগ্নী পৰিণীতি চোপ্ৰাৰ সহিতে এখন ফ’টো অনুৰাগীলৈ আগবঢ়াইছে পৰিণীতি চোপ্ৰাই। ইফালে পৰিণীতি চোপ্ৰাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত প্ৰিয়াংকা চোপ্ৰাৰ লগত এটি বুমেৰাং ভিডিঅ’ আগবঢ়াইছে অনুৰাগীলৈ ৷ আৰু কেপশ্যনত লিখিছে নাইটছ লাইক দিজ ৷

পৰীনিতী চোপ্ৰাই নিজৰ পৰিয়াললৈ বেলী চোপ্ৰা নামৰ এটি কুকুৰক আদৰি আনিছে। ইফালে হালধীয়া ৰঙৰ পোচাকেৰে প্ৰিয়াংকা চোপ্ৰাক দেখা গৈছিল মুম্বাই এয়াৰ প’ৰ্টত ৷ মংগলসূত্ৰৰ সৈতে প্ৰিয়াংকা চোপ্ৰাক লাগিছে অত্যন্ত সুন্দৰ ৷

https://www.instagram.com/p/BwqtzDhgGII/

অন্যহাতে চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছ দিল্লীত সিদ্ধাৰ্থ চোপ্ৰা আৰু ইশ্বিতাৰ বিবাহৰ ৰিং চেৰিমনীৰ কাৰণে আহিছিল ৷ এই সন্দৰ্ভত এখন ফ’টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল প্ৰিয়াংকা চোপ্ৰাই ৷

https://www.instagram.com/p/BuYgeBPH7BB/

ইফালে বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা আৰু হলীউডৰ গায়ক তথা প্ৰিয়াংকা চোপ্ৰাৰ স্বামী নিক জ’নাছেশেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন ফ’টো অনুৰাগীলৈ আগবঢ়াইছে ৷ অৱশ্যে বলীউড আৰু হলীউডৰ ছুপাৰষ্টাৰ দম্পতীয়ে সততে বিভিন্ন ধৰণৰ ফ’টো অনুৰাগীলৈ আগবঢ়াই চৰ্চাৰ শীৰ্ষত থাকে ৷

প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোনাছ দুয়োজন ইজনে সিজনৰ লগত কিছুদিন প্ৰেমৰ সম্পৰ্কত থকাৰ পিছত বিবাহ পাশত আৱদ্ধ হয় ৷ বিয়াৰ পিছত দুয়ো গৰাকী ছুপাৰষ্টাৰে ইজনে সিজনৰ লগত কটোৱা মুহুৰ্তসমুহৰ ফ’টো প্ৰায়ে চ’চিয়েল মিডিয়াৰ যোগে অনুৰাগীলৈ আগবঢ়াই ৷

নৱবিবাহিতা দম্পতী প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছে প্ৰথম বাৰৰ কাৰণে ইষ্টাৰ একেলগে পালন কৰিলে ৷ আৰু এই সন্দৰ্ভত কেইখন ফ’টো আগবঢ়াইছে অনুৰাগীলৈ ৷ ইফালে প্ৰিয়াংকা চোপ্ৰাই পুনৰ এখন ফ’টো ইনষ্টাগ্ৰামৰ জৰিয়তে অনুৰাগলৈ আগবঢ়াইছে ৷

ফ’টোখনত প্ৰিয়াংকা চোপ্ৰাক গোলপীয়া ৰঙৰ পোচাক আৰু নিক জ’নাছক নীলা ৰঙৰ পোচাকত দেখা গৈছে। ফ’টোখনত প্ৰিয়াংকা চোপ্ৰাই নিক জ’নাছক উদ্দেশ্য কৰি লিখিছে যে U make me smile.I’m proud of you!#number 1#husbandappreciationpost” ৷

বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা আমেৰিকাৰ বোৱাৰী হলেও,এগৰাকী ভাৰতীয় বোৱাৰীৰ লক্ষণ দেখা যায় অভিনেত্ৰী গৰাকীৰ মাজত ৷ প্ৰিয়াংকা চোপ্ৰাৰ ছ’চিয়েল মিডিয়াৰ একাউন্টত সততে স্বামী নিক জ’নাছৰ লগতে জ’নাছ ব্ৰাদাৰ্ছ আৰু জ’নাছ চিষ্টাৰ্ছৰ ফ’টোৱে ভৰি থাকে ৷ অলপতে প্ৰিয়াংকাই ইনষ্টাগ্ৰাম একাউন্টত ডেনিয়েল জ’নাছ আৰু চ’ফী টনাৰৰ লগত এখন ফ’টো প’ষ্ট কৰিছে ৷ আৰু লিখিছে জে চিষ্টাৰ্ছ আকৌ একেলগে৷

লগতে প্ৰিয়াংকা জ’ জনাছৰ প্ৰেমিকা ছ’ফি আৰু কবিন জ’নাছৰ পত্নী ডেনিয়েলক টেগ কৰিছে ৷ এই তিনিগৰাকী অথাৎ জে চিষ্টাৰ্ছক দেখিবলৈ পোৱা গৈছে “চাকাৰ” ভিডিঅ’টিত ৷ আৰু সদ্যহতে তেওঁলোকে “কুল” মুক্তি দিছে ৷ ইফালে কুল মুক্তি দিয়াৰ পিছতো প্ৰিয়াংকা চোপ্ৰাই সমগ্ৰ পৰিয়ালৰ এখন ফ’টো শ্বেয়াৰ কৰিছে ৷ ফ’টো খনত নিক জ’নাছ, কবিন জ’নাছ, জ’ জ’নাছ,সফী ট’নাৰ আৰু ডেনিয়েল জ’নাছৰ দেখা গৈছে ৷

ইফালে প্ৰিয়াংকা ছোপ্ৰাক শেহতীয়াকৈ দেখা যাব দ্য স্কাই ইজ পিংকত ৷ প্ৰিয়াংকাৰ উপৰিও ছবিখনত আছে ফাৰহান আখতাৰ আৰু জাইৰা বসীম ৷ নিক জ’নাছ সম্প্ৰতি ব্যস্ত আছে জুমাজী ৱেনকাম টু দ্য জংগলত ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com