ফিল্ম ফেয়াৰত বলীউড চেলীব্ৰেটীৰ সমাহাৰঃ শীৰ্ষত পদ্মাৱত

ফিল্ম ফেয়াৰত বলীউড চেলীব্ৰেটীৰ সমাহাৰঃ শীৰ্ষত পদ্মাৱত

মুম্বাইৰ বীকেছিস্থিত জিয়ো গাৰ্ডেনত শনিবাৰে হৈ গ’ল চলিত বৰ্ষৰ ৬৪ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড অনুষ্ঠান ৷ বলীউডৰ বহু ষ্টাৰ ছুপাৰষ্টাৰৰ সমাহাৰ হোৱা ফিল্ম ফেয়াৰৰ অনুষ্ঠানটিৰ আঁত ধৰে শ্বাহৰুখ খান আৰু ৰাজ কুমাৰ ৰাওে ৷ অনুষ্ঠানটিত ৰাজী আৰু অন্ধাধুনে সৰ্বশ্ৰেষ্ঠ ছবিৰ খিতাপ লাভ কৰে ৷ ইয়াৰ বিপৰীতে আলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰে ক্ৰমে জনপ্ৰিয় অভিনেত্ৰী আৰু অভিনেতাৰ খিতাপ লাভ কৰে ৷ ফিল্ম ফেয়াৰ অনুষ্ঠানটিত বিশেষ ভাৱে জিলিকি উঠিল সঞ্জয় লীলা ভাঞ্চালীৰ পদ্মাৱত ৷

ৰনৱীৰ সিং,দীপিকা পাডুকন আৰু ছাহিদ কাপুৰৰ অভিনীত পদ্মাৱত ছবিখন নমিনেট লাভ কৰে ১৭ টা শিতানত ৷ কিন্তু পদ্মাৱত পুৰস্কৃত হয় ৪টা শিতানত ৷ শ্ৰেষ্ঠ অভিনেতাৰ শিতানত ৰনৱীৰ সিং, শ্ৰেষ্ঠ সংগীতৰ শিতানত,শ্ৰেষ্ঠ নেপথ্য গায়কৰ শিতানত আৰু শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফাৰৰ শিতানত পুৰস্কৃত হয় । ইফালে মেঘনা গুলজাৰৰ তথা আলিয়া ভাট্টৰ অভিনীত ৰাজী ছবিখনে ১৫ টা শিতানত নমিনিশ্যন লাভ কৰে ৷ ইয়াৰে শ্ৰেষ্ঠ অভিনেত্ৰী আলিয়া ভাট্ট আৰু শ্ৰেষ্ঠ ডাৰেক্টৰ সহিতে পাঁচটা শিতানত পুৰস্কৃত হয় ৰাজী ছবি খনে ৷

ক্ৰাইম থ্ৰিলাৰ ছবি অন্ধাধুন আৰু ৱধাই হো ছবিখনে ১১ টাকৈ শিতানত নমিনেশ্যন লাভ কৰে ৷ ফিল্ম ফেয়াৰ অনুষ্ঠানত নীতা সন্ধু,মৌনি ৰয়, জাহ্নৱী কাপুৰ,বিক্কী কৌশল,ৰনৱীৰ সিং আৰু কৃতি চাননে নিজৰ নৃত্যানুষ্ঠান পৰিবেশন কৰে ৷ ইফালে অনুষ্ঠানটিত ৰাজকুমাৰ ৰাও,জেকী শ্ৰফ,পত্ৰলেখা গুলজাৰ,নিখিল আডৱানী,উৰ্বশী ৰ’তেলাৰ দৰে ষ্টাৰ সকলৰ ষ্টাইল, ফেশ্বন আছিল বিশেষকৈ মন কৰিব লগীয়া ৷ ইংৰাজী আলোচনী ফিল্ম ফেয়াৰে হিন্দী ছবিজগতলৈ বিশেষ অৱদান দিয়া সকলক তথা সৰ্বশ্ৰেষ্ঠ অৱদান আগবঢ়োৱা সকলক ফিল্ম ফেয়াৰ এৱাৰ্ড প্ৰদান কৰে ৷

১৯৫৪ চনৰ পৰা আৰম্ভ হৈছিল ফিল্ম ফেয়াৰ এৱাৰ্ড ৷ সেই সময়ত ৰাষ্ট্ৰীয় ছবিৰ পুৰস্কাৰৰ স্থাপনা হোৱাই নাছিল ৷ ফিল্মফেয়াৰ পুৰস্কাৰ জনতাৰ মত আৰু জুৰি সদস্যসকলৰ মতামতৰ ওপৰত ভিত্তি কৰি দিয়া হয়। প্ৰথমতে এই পুৰস্কাৰ নাম আছিল দ্য কালাৰ্ছ ৷ এই নামটো ছবি সমূহৰ সমালোচক ক্লেয়ৰ মেন্দিনোছাৰ নামৰ ওপৰত আধাৰিত আছিল ৷ ১৯৫৪ চনৰ ২১ মাৰ্চত দিয়া পুৰস্কাৰৰ শিতানত কেৱল পাঁচটা পুৰস্কাৰহে ৰখা হৈছিল ৷

চাওঁ আহক, ফিল্ম ফেয়াৰত বিজয়ী সকলৰ তালিকা শ্ৰেষ্ঠ জনপ্ৰিয় ছবি ৰাজী,শ্ৰেষ্ঠ ছবি ক্ৰিটিক্স এৱাৰ্ড অন্ধাধুন,শ্ৰেষ্ঠ ডাৰেক্টৰ মেঘনা গুলজাৰ (ৰাজী),শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেতা লিডিং ৰ'ল পুৰুষ ৰনবীৰ কাপুৰ (সঞ্জু),ক্ৰিটিক্স এৱাৰ্ড শ্ৰেষ্ঠ অভিনেতা আয়ুস্মান খুৰানা (অন্ধাধুন),ৰনৱীৰ সিং (পদ্মাৱত),শ্ৰেষ্ঠ জনপ্ৰিয় অভিনেত্ৰী লীডিং ৰ’ল আলিয়া ভাট্ট(ৰাজী),ক্ৰিটিক্স এৱাৰ্ড শ্ৰেষ্ঠ অভিনেত্ৰী নীনা গুপ্তা(ৱধাই হো),শ্ৰেষ্ঠ অভিনেতা চাপোৰ্টিং ৰ’ল গজৰাজ ৰাও (ৱধাই হো),ৱিক্কী কৌশল (সঞ্জু) ৷

শ্ৰেষ্ঠ অভিনেত্ৰী চাৰ্পোটিং ৰ’ল সুৰেখা সিখৰী (ৱধাই হো),শ্ৰেষ্ঠ অৰিজিনেল ষ্টৰী অনুভৱ সিন্হা (মুল্ক),শ্ৰেষ্ঠ সংলাপ অক্ষত ঘিলডিয়াল ৱধাই হো,শ্ৰেষ্ঠ স্কীণ প্লে’ শ্ৰীৰাম ৰাঘবন,অৰিজিত বিশ্বাস,পুজা লাধা সুৰতী,য়োগেশ চান্দেকৰ,হেমন্ত ৰাও (অন্ধাধুন),লাইফটাইম এচিভমেন্ট পুৰস্কাৰ শ্ৰীদেৱী,শ্ৰেষ্ঠ অভিনেতা ডেবিউ ইশান খট্টৰ (বিয়ণ্ড দ্য ক্লাউডছ),শ্ৰেষ্ঠ অভিনেত্ৰী ডেবিউ সাৰা আলী খান (কেদাৰনাথ), শ্ৰেষ্ঠ ডেবিউ ডাৰেক্টৰ অমৰ কৌশিক (স্ত্ৰী), শ্ৰেষ্ঠ এক্সন বিক্ৰম দহিয়া,সুনীল ৰোড্ৰিগ্জ (মুক্কাবাজ),শ্ৰেষ্ঠ সংগীত এলবাম সঞ্জয় লীলা ভাঞ্চালীৰ পদ্মাৱত ৷

শ্ৰেষ্ঠ লিৰিক্স এ ৱতন গুলজাৰৰ (ৰাজী),শ্ৰেষ্ঠ গায়ক অৰিজিৎ সিং এ ৱতন (ৰাজী),শ্ৰেষ্ঠ গায়িকা শ্ৰেয়া ঘোষাল ঘুমৰ (পদ্মাৱত), আৰডি বৰ্মন এটি বিশেষ বটাঁ লাভ কৰে নিলাদ্ৰী কুমাৰ (লেলা মজনু),শ্ৰেষ্ঠ চিনেম’টোগ্ৰাফী পংকজ কুমাৰ (তুম্বাড),শ্ৰেষ্ঠ ভিএফএক্স ৰেড চিলীজ (জিৰো),শ্ৰেষ্ঠ ব্ৰেকগ্ৰাউণ্ড স্কোৰ ডেনিয়েল জৰ্জ অন্ধাধুন),শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফ কৃতি মহেশ মিডিয়া জ্যোতি তোমৰ ঘুমৰ (পদ্মাৱত),শ্ৰেষ্ঠ এডিটং পুজা লাধা সুৰতী (অন্ধাধুন),শ্ৰেষ্ঠ প্ৰডাকশ্যন ডিজাইন নিতিন জিহানী চৌধুৰী,ৰাজেশ য়াদৱ (তুম্বাড),শ্ৰেষ্ঠ চাউণ্ড ডিজাইন কুনাল শৰ্মা (তুম্বাড),শ্ৰেষ্ঠ কষ্টিউম শীতল শৰ্মা (মন্টো) ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com