বলীউডত পদাৰ্পন কৰিব দুই ষ্টাৰ কিডেঃ কিন্তু কোন এই ষ্টাৰ কিড

বলীউডত পদাৰ্পন কৰিব দুই ষ্টাৰ কিডেঃ কিন্তু কোন এই ষ্টাৰ কিড

একালৰ জনপ্ৰিয় অভিনেত্ৰী পদ্মনী কোলহাপুৰে আৰু পৰিচালক প্ৰদীপ শৰ্মাৰ পুত্ৰ প্ৰিয়াংক আৰু ৰবি কিশানৰ জীয়ৰী ৰীবাক অনতি পলমে দৰ্শকে দেখা পাব বলীউডত ৷ "সব কুশল মংগল" নামেৰে এখন চলচ্চিত্ৰৰ জৰিয়তে বলীউডত খোজ পেলাব বলীউডৰ এই দুই ষ্টাৰ কিডে ৷এই কথা টুইটাৰ যোগে প্ৰকাশ কৰিছে ছবি সমীক্ষক তৰুণ আদৰ্শই৷

https://twitter.com/taran_adarsh/status/1090140338369454080

সদ্যহতে এই দুই ষ্টাৰ কিডৰ এই বাতৰিয়ে উৎসুকতা প্ৰকাশ কৰিছে চলচ্চিত্ৰ প্ৰেমী সকলে৷ সব কুশল মংগল ছবিখন ডায়ৰেক্ট কৰিব কৰণ কাশ্যাপে ৷ ছবিখন প্ৰ’ডাকশ্যন নিতিন মনমোহন দেশাইৰ জীয়ৰী প্ৰাচীৰ ৷ইফালে প্ৰিয়াংক আৰু ৰিবাৰ উপৰিও এই ছবিখনত অভিনয় কৰিব বলীউডৰ বহু ন পুৰণি শিল্পীয়ে ৷তাৰ ভিতৰত বলীউডৰ অভিনয় কৰা অক্ষয় খান্না অন্যতম ৷উল্লেখ্য যে মাৰ্চৰ পৰা সব কুশল মংগল ছবিখনৰ দৃশ্যগ্ৰহণ হ’ব ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com