বলীউডৰ অভিনেতা চলমান খানৰ কাৰণে ভাঞ্চালীৰ ছবিৰ গীতত কণ্ঠ দান নকৰে অৰিজিৎ সিঙে

বলীউডৰ অভিনেতা চলমান খানৰ কাৰণে ভাঞ্চালীৰ ছবিৰ গীতত কণ্ঠ দান নকৰে অৰিজিৎ সিঙে

বলীউডৰ অভিনেতা চলমান খান আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে ১৯ বছৰৰ পিছত শেহতীয়াকৈ কাম কৰিব ইনচে আল্লাহ নামৰ ছবিখনত । কিন্তু সঞ্জয় লীলা ভাঞ্চালীয়ে চলমান খানে বেয়া পোৱা যিকোনো কাম কেতিয়াও নকৰে ৷ সেয়েহে সঞ্জয় লীলা ভাঞ্চালীয়ে বহুত প্ৰসিদ্ধ ছবিৰ গীতত কণ্ঠ দান কৰা অৰিজিত সিঙক চলমান খানৰ কাৰণে ভাঞ্চালীৰ ছবিৰ গীতৰ কণ্ঠদান কৰাৰ পৰা দূৰত ৰাখে ৷গতিকে সকলোৰে কাৰণে এই কথা স্পষ্ট হৈ পৰিছে যে অৰিজিত সিং আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে একেলগে ইনচেআল্লাহত কাম নকৰে ৷

ইফালে সততে চলচ্চিত্ৰৰ খবৰ ৰখা অনুৰাগীসকলে জানে যে চলমান খান আৰু অৰিজিত সিঙৰ মাজত থকা সম্পৰ্কটো কেনেধৰণৰ ৷ সেয়েহে ভাঞ্চালীয়ে অৰিজিৎ সিঙক দূৰ ৰাখিছে চলমান খানৰ পৰা ৷ কিন্তু অৰিজিৎ সিঙে ভাঞ্চালীৰ কাৰণে কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠ দান কৰিছে ৷ তাৰ ভিতৰত পদ্মাৱত অন্যতম ৷ এক এৱাৰ্ড অনুষ্ঠানত চলমান খান আৰু অৰিজিৎ সিঙৰ মাজত মতানৈক্য হৈছিল। ২০১৩ চনত হোৱা অনুষ্ঠানত অৰিজিৎ সিঙে লাভ কৰিছিল শ্ৰেষ্ঠ গায়কৰ পুৰস্কাৰ ৷ সেই সময়তে পুৰস্কাৰ ল’বলৈ পলমকৈ উপস্থিত হয় অৰিজিৎ ৷ চলমান খানে অৰিজিতক প্ৰশ্ন কৰে যে তুমি শুই গৈছিলা নেকি?অৰিজিতে কয় যে আপোনালোকে শুৱাই দিলে ৷ ছলমান খানৰ অনুসৰি ইয়াৰ অৰ্থ এইটোৱেই যে ছলমানৰ অভিনয় আমনিদায়ক ৷ ইয়াৰ পিছতে ছলমান খানে কয় যে তুম হি হো দৰে গীত গালে মানুহ শুৱই ৷

অন্যহাতে ছলমান খান আৰু অৰিজিত সিঙৰ এই শীতল যুদ্ধৰ পিছতে চলমান খানে অৰিজিত সিঙৰ লগত "বজৰংগী ভাইজান" "প্ৰেম ৰতন ধন পায়ো "আৰু "কিক" ছবিত খনত কাম কৰাৰ কাৰণে সিদ্ধান্ত নাকচ কৰে ৷ কিক ছবিখনত মহম্মদ ইৰফানৰ লগত কাম কৰে চলমান খানে ৷ ইয়াৰোপৰি চুলতান ছবিখনত "জগ ঘুমেয়া"ৰাহত ফাতেহ আলি খান আৰু অৰিজিৎ সিঙ দুয়োজন গায়কে গীতত কণ্ঠ দান কৰে যদিও অৰজিৎ সিঙে গোৱা গীতটি নাকচ কৰি ৰাহত ফাতেহ আলি খানৰ গীতটি ছবিখনত সন্নিবিষ্ট কৰে ।

ইয়াৰ মাজতে সঞ্জয় লীলা ভাঞ্চালীৰ ইনচেআল্লাহ ছবিখনৰ কাহিনী ভাইৰেল হৈ পৰা খবৰ আহিছে ৷ ছবিখনত ছলমান খান ৪০ ৰ উদ্ধৰ এজন ব্যৱসায়ীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ আৰু আলিয়া ভাট্টে ছলমান খানতকৈ আধা বয়সৰ যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে ৷ ছবিখনত এনে এক জেনেৰেশ্যনৰ প্ৰেম কাহিনী আছে যাৰ বয়সৰ হিচাপ সম্পূৰ্ণ পৃথক ৷আলিয়া ভাট্ট আৰু ছলমান খানৰ বয়সৰ আধাৰ হিছাপে লৈয়ে নিৰ্মাণ কৰা হৈছে ইনচেআল্লাহ ছবিখন ৷ ইনচেআল্লাহ ছবিখনৰ দৃশ্যগ্ৰহণ হ’ব ঋষিকেশ,হৰিদ্বাৰ আৰু বাৰানসীৰ দৰে মোহনীয় ঠাইত ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com