বলীউডৰ অভিনেতা বৰুণ ধাৱনৰ অনুৰাগীসকলৰ কাৰণে সুখবৰ

বলীউডৰ অভিনেতা বৰুণ ধাৱনৰ অনুৰাগীসকলৰ কাৰণে সুখবৰ

বলীউডৰ এসময়ৰ প্ৰসিদ্ধ ছবি কুলী নাম্বাৰ ওৱান ছবিখন এতিয়াও জনপ্ৰিয় ৷ কুলী নাম্বাৰ ১ ত মুখ্য ভূমিকাত অভিনয় কৰিছিল বলীউডৰ অভিনেত্ৰী কৰিশ্মা কাপুৰ আৰু অভিনেতা গোবিন্দাই ৷ ডেভিড ধাৱানৰ এই ছবিখনে বলীউডৰ এক প্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰিছিল ৷ ২০১৭ চনত ডেভিড ধাৱনে ৯০ দশকৰ অন্য এখন জনপ্ৰিয় ছবি "জুৰুৱা"ৰ ৰিমেক কৰে ৷

জুৰুৱাত অভিনয় কৰিছিল ছলমান খান,কৰিশ্মা খানে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ বিপৰীতে জুৰুৱা ২ ত অভিনয় কৰিছিল বৰুৱা ধাৱন,তাপ্সী পান্নু আৰু জেকলিন ফাৰ্ণাণ্ডেজে ৷ কিন্তু সম্প্ৰতি লাভ কৰা এক বিশেষ তথ্য অনুসৰি ডেভিড ধাৱনে পুনৰাই কুলী নাম্বাৰ ১ ক নিৰ্মাণ কৰিব ৷

কুলী নাম্বাৰ ২ ত থাকিব ডেভিড ধাৱনৰ পুত্ৰ বৰুণ ধাৱন আৰু বলীউডৰ ষ্টাৰ ডিভা সাৰা আলি খান। অৱশ্যে এতিয়াও সম্পূৰ্ণ ভাৱে এই তথ্যক অনুৰাগীলৈ আগবঢ়োৱা নাই ছবিখনৰ নিৰ্মাতায়ে ৷ এক বিশেষ তথ্য অনুসৰি কুলী নাম্বাৰ 1 ৰ ৰিমেকৰ প’ষ্টাৰ ২৪ এপ্ৰিলত মুকলি কৰিব পাৰে ৷অৰ্থাৎ বৰুণ ধাৱন জন্ম দিনত। অৱশ্যে ইয়াৰ দৃশ্যগ্ৰহণ কেতিয়াবাই হৈ গ’ল ৷ কিন্তু বৰুণ ধাৱনৰ জন্ম দিনৰ লগত সংগতি ৰাখিহে এই প’ষ্টাৰ মুকলি কৰিব দৰ্শকলৈ ৷ইফালে সম্প্ৰতি বলীউডৰ অভিনেতা বৰুণ ধাৱন ব্যস্ত আছে কলংক ছবিৰ প্ৰমোশ্যনত ৷ সাৰা আলী ব্যস্ত আছে লভ আজ কল ২ ত ।

বলীউডত সম্প্ৰতি চৰ্চিত হৈ থকা এখন ছবি হৈছে লভ আজ কল ২৷ কাৰ্তিক আয়ান আৰু সাৰা আলী খানে অভিনয় কৰা ছবিখনক লৈ উৎসুক চলচ্চিত্ৰ প্ৰেমীসকল ৷ কিন্তু সম্প্ৰতি লভ আজ কল ২ ছবিখনত সাৰা আলী খানৰ উপৰিও অন্য এগৰাকী নায়িকা থকাৰ তথ্য পোৱা গৈছে ৷ ছবিখনৰ দৃশ্যগ্ৰহণৰ দিল্লীৰ সূছী সম্প্ৰতি শেষ হৈছে ৷

ছবিখনত সাৰা আলী খানৰ উপৰিও কাৰ্তিক আয়ানে দুগৰাকী হিৰোইনৰ লগত ৰোমাঞ্চ কৰিব বুলি খবৰ চৰ্চা লাভ কৰিছে ৷ ইফালে ছবিখনত অভিনয় কৰা বাকী হিৰোইন দুগৰাকী কোন সেয়া সম্প্ৰতি জানিব পৰা হোৱা নাই ৷অন্যহাতে লভ আজ কল ২ মুক্তি পাব ২০২০ চনৰ “ভেলেন্টাইন ডে”ত ৷

ইফালে সাৰা আলী খানে বা কাৰ্তিক আয়ানে প্ৰায়ে লভ আজ কল ২ৰ দৃশ্য গ্ৰহণ সময়ৰ বিভিন্ন অনুৰাগীলৈ আগবঢ়াই ৷ অন্যহাতে কাৰ্তিক আয়ানৰ প্ৰতি সাৰা আলী খানৰ দুৰ্বলতাৰ কথাও চৰ্চিত হৈ আছে এই সময়ত ৷ কেদাৰনাথৰ জৰিয়তে বলীউডত পদাৰ্পন কৰা অভিনেত্ৰী সাৰা ৰনৱীৰ সিঙৰ লগত ৰোহিত চেট্টীৰ চিম্বাত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷

ইফালে মুক্তিৰ অপেক্ষাত থকা ছবি কলংকৰ শেহতীয়াকৈ প্ৰকাশ পোৱা এখন প’ষ্টাৰে খলকনি তুলিছে বলীউডৰ অনুৰাগীৰ মাজত ৷ প’ষ্টাৰ খনত ছবিখনৰ অভিনেতা বৰুন ধাৱনে এটা ষাড় গৰুৰ লগত যুঁজ দি থকা দেখিবলৈ পোৱা গৈছে। এই প’ষ্টাৰখনত চলচ্চিত্ৰ প্ৰেমীক সোঁৱৰাই তুলিব বাহুবলী ছবি খনৰ কথা ৷ প’ষ্টাৰ খনত দাড়ি,আটিল শৰীৰেৰে বৰুণ ধাৱানৰ চকুত দেখা পোৱা গৈছে যুঁজ দিয়াৰ সাহস।

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com