বলীউডৰ অভিনেতা ৰনবীৰ কাপুৰে দুগৰাকী অভিনেত্ৰীৰ, ছ’চিয়েল মিডিয়াৰ জৰিয়তে গোপনে ৰাখে প্ৰত্যেকটো খবৰ

বলীউডৰ অভিনেতা ৰনবীৰ কাপুৰে দুগৰাকী অভিনেত্ৰীৰ, ছ’চিয়েল মিডিয়াৰ জৰিয়তে গোপনে  ৰাখে প্ৰত্যেকটো খবৰ

বলীউডৰ অভিনেতা ৰনবীৰ কাপুৰে শেহতীয়াকৈ মন্তব্য কৰিছে যে অভিনেতা গৰাকীয়ে গোপনে দীপিকা পাডুকন আৰু কেটৰীনা কাইফক ছ’চিয়েল মিডিয়াত ফ’ল’ কৰে ৷ অৰ্থাৎ দুয়ো গৰাকী প্ৰাক্তন প্ৰেমিকাৰ ইনষ্টাগ্ৰাম একাউন্টত নজৰ ৰাখে ৰনবীৰ কাপুৰে ৷ ইয়াৰ উপৰিও ৰনবীৰে প্ৰেমিকা আলিয়া ভাট্ট আৰু দীপিকা পাডুকনৰ পতি ৰনৱীৰ সিঙৰ ওপৰতো নজৰ ৰাখে ৷

বলীউডৰ অন্য এগৰাকী অভিনেত্ৰী কৰীনা কাপুৰ খানৰ দৰে ৰনবীৰ কাপুৰৰ ইনষ্টাগ্ৰাম,ফেচবুক অথবা টুইটাৰত একাউন্ট নাই যদিও ৰনবীৰ এটা গোপন একাউন্ট আছে। ইফালে এটি মত বিনিময় অনুষ্ঠানত কেটৰীনাই প্ৰকাশ কৰে যে মোক ৰনবীৰে শিকাইছিল যে কেনেকৈ ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰিব লাগে ।অন্যহাতে,সম্প্ৰতি ৰনবীৰৰ দীপিকা পাডুকন আৰু ৰনৱীৰ সিঙৰ লগত ভাল বন্ধুৰ সম্পৰ্ক আছে। নিউয়ৰ্কত থাঁকোতে দীপিকা পাডুকনে নীত সিং আৰু ঋষি কাপুৰক সাক্ষাৎ কৰিছিল।

লগতে ৰনৱীৰে সিঙ আৰু ৰনবীৰ কাপুৰক একেলগে দেখা গৈছিল কৰণ জোহৰৰ কফী উইথ কৰণত ৷ ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্টক সম্প্ৰতি দেখিবলৈ পোৱা গৈছে এটি অনলাইন শ্ব’পিং ৱেবচাইটত ৷ শুক্ৰবাৰে চোহা আলি খানৰ পতি কুনাল খেমুৰ জন্ম দিনত কৰিশ্মা কাপুৰৰ সৈতে দেখিবলৈ পোৱা গ’ল আলিয়া আৰু ৰনবীৰ কাপুৰক ৷

উল্লেখ্য যেআলিয়া ভাট্ট আৰু ৰনবীৰ কাপুৰৰ প্ৰেমৰ সম্পৰ্ক সম্প্ৰতি সৰ্বজন বিদিত ৷ শেহতীয়াকৈ দুয়োজনকে বিভিন্ন অনুষ্ঠানত প্ৰত্যক্ষ কৰিছে সকলো অনুৰাগীয়ে ৷ বিগত দিনত,ৰনবীৰ কাপুৰে আলিয়া ভাট্টক কেনেধৰণৰ অনুভৱ দিয়ে সেই সম্পৰ্কত মন্তব্য দিয়ে। এগৰাকী অভিনেত্ৰী হিচাপে ৰনবীৰ কাপুৰৰ বিষয়ে কি ভাবে সেই কথা ব্যক্ত কৰিছে ৷

ৰনবীৰ কাপুৰৰ সন্দৰ্ভত আলিয়াই কয় যে ৰনবীৰে অভিনেত্ৰী গৰাকীক পৃথক অনুভৱ কৰোৱাই। ৰনবীৰৰ পৰা বহুত কথা শিকিবলৈ পায় আলিয়াই ৷ সেয়া লাগিলে এজন অভিনেতা ৰূপতেই হওক বা এজন ব্যক্তি ৰূপতেই হওক ৷ ৰনবীৰৰ লগত আয়ান মুখাৰ্জীৰ ব্ৰহ্মাস্ত ছবিত অভিনয় কৰাৰ সন্দৰ্ভত আলিয়া ভাট্টে কয় যে ৰনবীৰক এজন অভিনেতাৰ ৰূপত আলিয়াই বহু ভাল পায় ৷ৰনবীৰৰ ছবিসমূহত অভিনেতাজন বহু সতেজ,শক্তিশালী আৰু বাস্তৱ সম্পন্ন ৷ ৰনবীৰে আলিয়াই বিভিন্ন ক্ষেত্ৰত যাতে উচ্চ সম্পন্ন কাম কৰিব পাৰে তাৰ কাৰনে সদায় প্ৰেৰণা দি অহাৰ কথাও উল্লেখ কৰে ৷

ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্টৰ ছবি ব্ৰহ্মাস্তৰ মুক্তিৰ দিন পিছুৱাই দিয়া হৈছে। এই সন্দৰ্ভত ৰনবীৰ কাপুৰে কয় যে ছবিখনৰ পৰিচালক আয়ান মুখাৰ্জীয়ে এই ছবিখনৰ কাৰণে কঠোৰ শ্ৰম কৰিছে ৷ ছবিখনৰ কাৰণে জীৱনৰ সমস্তখিনি অৰ্পন কৰিছে ৷বিগত ছয়বছৰৰ পৰা ছবিখনৰ কাম কৰি থকা হৈছে ৷আৰু ছবিখনৰ প্ৰত্যেকজন ব্যক্তি ছবিখনৰ লগত অতি আন্তৰিকতাৰে জৰিত হৈ আছে ৷

ইফালে প্ৰথম বাৰৰ কাৰণে ৰনবীৰ কাপুৰ আৰু আলিয়া ভাট্টক একেখন স্কীণত চাবলৈ অধীৰ আগ্ৰহেৰে বাটচাই আছে ছবিখন অনুৰাগীসকল ৷ সদ্যহতে ছবিখনৰ মুক্তিৰ দিন ২০২০ লৈ আগবঢ়াই নিছে। ছবিখনত ৰনবীৰ কাপুৰ,আলিয়া ভাট্টৰ উপৰিও মৌনি ৰয়,অমিতাভ বচ্চন,অক্কিনী নাগাৰ্জুনাই অভিনয় কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com