বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টক কৰণ জোহৰৰ হাতৰ পুতলা আখ্যা কংগনা ৰাণাউটৰঃকিন্তু কিয়?

বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টক কৰণ জোহৰৰ হাতৰ পুতলা আখ্যা কংগনা ৰাণাউটৰঃকিন্তু কিয়?

বলীউডৰ অভিনেত্ৰী কংগনা ৰানাউটে সততে বিভিন্ন বিতৰ্কৰ বেহুত সোমাই চৰ্চাৰ শীৰ্ষত থাকে ৷ বিগত সময়ত কংগনা ৰাণাউটৰ মুক্তি প্ৰাপ্ত ছবি "মণিকৰ্ণিকা দ্য কুইন অফ ঝান্সী"ক লৈ হোৱা বিবাদ সৰ্বজন বিদিত ৷ মণিকৰ্ণিকা মুক্তিৰ প্ৰাকমুহুৰ্ততটো যিদৰে বিতৰ্কৰ আৱৰ্তত আছিল,ঠিক সেইদৰে মুক্তি পিছতো আছে চৰ্চাৰ শীৰ্ষত ৷ কংগনা ৰাণাউটে মণিকৰ্নিকা দ্য কুইন অব ঝান্সী লৈ বিতৰ্ক হৈ থকাৰ সময়ত আলিয়া ভাট্টৰ দৰে বলীউডৰ ষ্টাৰে ছবি খনৰ প্ৰশংসা অথবা বিতৰ্ক সন্দৰ্ভত কোনো মন্তব্য নিদিয়াকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ইয়াৰ পিছতে আলিয়া ভাট্টে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া কৰি কয় যে আলিয়াই ইচ্ছাকৃত ভাবে বিৰক্তি কৰিব বিচৰা নাছিল ৷ আৰু ইয়াৰ কাৰণে আলিয়াই ব্যক্তিগত ভাৱে ক্ষমাপ্ৰাৰ্থী বুলিও উল্লেখ কৰে। এক তথ্য অনুসৰি,আলিয়াৰ এই মন্তব্যৰ পিছতে কংগনা ৰানাউটে সাক্ষাৎ কৰে আলিয়া ভাট্টক৷আৰু আলিয়াক মণিকৰ্নিকাৰ বিবাদ,কংগনাৰ ব্যক্তিগত বিবাদ নেকি বুলি নেকি প্ৰশ্ন কৰে ৷লগতে কংগনা ৰানাউটে কয় যে মণিকৰ্নিকা ছবিখনত সম্পূৰ্ণ দেশখনৰ কথা কোৱা হৈছে ৷ গতিকে বলীউডে এই প্ৰসংগত কিয় নিৰৱতা অৱলম্বণ কৰিছে ৷

ইফালে আলিয়াক কংগনাই তেওঁৰ ছবি চাবলৈ কিয় ভয় কৰিছে বুলি প্ৰশ্ন কৰে ৷ ইয়াৰ বিপৰীতে কংগনা ৰানাউটে আলিয়াক উপদেশ দিয়ে যে, দেশৰ মহিলা সৱলী কৰণৰ লগতে অন্যান্য দিশত আলিয়াই মনোনিবেশ কৰক ৷ মণিকৰ্নিকা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য নকৰাক লৈ কটাক্ষ কৰি কংগনাই কয় যে কৰণ জোহৰৰ হাতৰ পুতলা বুলি সততে উত্থাপিত হৈ থকা প্ৰসংগটো যদি সচাঁ হয়, তেন্তে আলিয়াৰ বলীউডত হোৱা উত্থান সহজে মানি নলয় কংগনা ৰাণাউডে ৷ কংগনা ৰাণাউটৰ অনুসৰি যদি আলিয়াই কেৱল টকা উপাৰ্জন কৰিবৰ কাৰণেহে বেছি মনোযোগ দিছে,যিকোনো বিতৰ্কিৰ সন্দৰ্ভত কোনো মন্তব্য নকৰে, তেন্তে আলিয়াৰ এই সফলতাৰ কোনো মূল্য নাই ৷

উল্লেখ্য যে ২৫ জানুৱাৰী মুক্তি লাভ কৰা কংগনা ৰানাউটৰ মণিকৰ্নিকাঃদ্য স্কীন অফ ঝান্সী নামৰ ছবিখনৰ সম্প্ৰতি বক্স অফিচত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে ৷ কংগনাৰ “মণিকৰ্নিকা” মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত যথেষ্ট বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ৷কৰণী সেনাই মন্তব্য কৰিছিল যে যদিহে “মণিকৰ্নিকা”মুক্তি পোৱাৰ প্ৰাকমুহুৰ্তত তেওঁলোকক প্ৰদৰ্শন নকৰে তেন্তে কৰণী সেনা ছবিগৃহ সমূহ ভাঙি দিব ।ইয়াৰ পিছতেই কংগনাও কৰণী সেনাৰ বাক্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদিহে কৰণী সেনাই মণিকৰ্নিকাৰ ওপৰত কৰা বিতৰ্কসমূহ স্তব্ধ নকৰে তেন্তে পৰিস্থিতি ভীষন হ’ব ৷এই কথাতেই ক্ষুদ্ধ হৈ কৰণী সেনাই কংগনাক ক্ষমা খুজিবলৈ কয়। লগতে কয় যে যেতিয়ালৈকে কংগনাই ক্ষমা নোখোজে তেতিয়ালৈকে কৰণী সেনাই প্ৰতিবাদ সাব্যস্ত কৰাৰ কথাও কয়।কংগনা হৈছে বলীউডৰ অত্যাধিক উপাৰ্জন কৰা চেলিব্ৰেট্ৰীসকলৰ ভিতৰত অন্যতম ৷ সাৱলীল অভিনয়ৰ কাৰণে কংগনাই বহু পুৰস্কাৰেৰে পুৰস্কৃত হৈছে। ইয়াৰ ভিতৰত তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লগতে জনপ্ৰিয় ফৰ্বছ আলোচনীত পাঁচবাৰকৈ নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com