বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই বিয়াৰ পিছত মিষ্টাৰ জোন্সৰ সৈতে শ্বেয়াৰ কৰিলে ফ’টো

বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাই বিয়াৰ পিছত মিষ্টাৰ জোন্সৰ সৈতে শ্বেয়াৰ কৰিলে ফ’টো

বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সে যোধপুৰৰ উমেদ ভৱনত বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছতে সম্প্ৰতি দুয়োকে একেলগে সময় অতিবাহিত কৰা দেখা গৈছে ৷চলিত বৰ্ষত নিক জোন্সে পত্নী প্ৰিয়াংকাৰ সহিতে বন্ধু বান্ধৱীৰ লগত পাৰ্টি কৰি এই সপ্তাহটোক উল্লেখ্যনীয় কৰি তোলে ৷এই সম্পৰ্কে পিচি অৰ্থাৎ প্ৰিয়াংকা চোপ্ৰাই ইনষ্টাগ্ৰামৰ জৰিয়তে এখন ফ’টো শ্বেয়াৰ কৰি লিখে যে,"What a great night celebrating our friends who are nominated for the grammys"Good luck every one.

https://www.instagram.com/p/BtuRL1PH8Qw/

উল্লেখ্য যে,১ আৰু ২ ডিচেম্বৰত যোধপুৰৰ উমেদ ভৱনত প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ বিবাহ সম্পন্ন হয়। ১ ডিচেম্বৰত প্ৰিয়াংকা আৰু নিকৰ খ্ৰীষ্টীয়ান ৰীতি নীতিৰে বিবাহ সম্পন্ন হোৱাৰ বিপৰীতে ২ ডিচেম্বৰত অগ্নিক সাক্ষী কৰি হিন্দু ৰীতি নীতিৰে বিবাহপাশত আৱদ্ধ হয় নিক আৰু প্ৰিয়াংকা । হিন্দু ৰীতি নীতিৰে বিবাহ সম্পন্ন হওঁতে নিক জোন্স ঘোৰাঁৰ ওপৰতো উঠে ৷ লগতে প্ৰিয়াংকা আৰু নিকৰ বিয়াত প্ৰায় ১১ জন পণ্ডিতৰ মন্ত্ৰৰ উচ্চাৰণত বিয়া সম্পন্ন হয় ৷

অন্যহাতে প্ৰিয়াংকা নিকৰ বিয়াত হলীউডৰ বহু অভিনেতা অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰে ৷তাৰ ভিতৰত ড্ৰবেন জনচন,কানাডীয়ান অভিনেত্ৰী লিলী সিং,আন্তঃৰাষ্ট্ৰীয় অভিনেত্ৰী তথা নৃত্যশিল্পী য়াস্মীন অল মচৰী,অমেৰিকাৰ অভিনেতা জোনাথন টক্কৰ,অভিনেত্ৰী এলিজাবেথ চেম্বাছ,আমেৰিকান গায়ক মাৰ্টিন গেৰিক্স,আমেৰিকাৰ গায়ক ফেংকী জোনাচ অন্যতম ৷

য’ত উপস্থিত আছিল হলীউডৰ লগতে বলীউডৰ বহু অভিনেতা অভিনেত্ৰী ৷ উল্লেখ্য যে,হলীউড তথা বলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ প্ৰেম তথা বিয়াকলৈ চৰ্চাৰ যেন অন্ত নপৰিব অনুৰাগীসকলৰ মাজত। প্ৰায়ে প্ৰিয়ংকাৰ প্ৰেম,ষ্টাইল,গ্লেমাৰ আদি সকলোবোৰ চৰ্চা শীৰ্ষত থাকে ৷

প্ৰিয়ংকাতকৈ ১০ বছৰ সৰু হলীউডৰ গায়ক নিক জোন্সৰ লগত হোৱা প্ৰেম সম্পৰ্কত বাৰুকৈয়ে সমালোচনাৰ সন্মুখীন হৈছিল প্ৰিয়াংকা ৷ অন্যহাতে বলীউডৰ লগতে হলীউডৰ ছবিতো নিজৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে প্ৰিয়াংকা চোপ্ৰা ৷ সৰু পৰ্দাৰ জনপ্ৰিয় চিৰিয়েল কুৱান্টিক’ ত অভিনয়েৰে প্ৰিয়াংকা চোপ্ৰাই হলীউডৰ প্ৰেমীৰ অতি চিনাকী হৈ পৰে ৷ কিন্তু সকলো সমালোচনাৰ অন্ত পেলাই ২ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হ’ল প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্স ৷

প্ৰিয়াংকা চোপ্ৰা আৰু নিক জোন্সৰ প্ৰেমৰ সন্দৰ্ভত প্ৰকাশ কৰে যে, ২০১৭ চনত প্ৰিয়াংকা আৰু নিকক ডিজাইনাৰ Ralph Lauren য়ে এটি শ্ব’ত ভাগ ল’বলৈও আমন্ত্ৰণ জনাইছিল ৷ ইয়াৰ পিছত প্ৰিয়াংকা আৰু নিক নিউয়ৰ্কৰ এটি পাৰ্টিত মিলিত হৈছিল যদিও পিছত প্ৰিয়াংকাই নিউয়ৰ্কস্থিত বাসগৃহলৈও নিকক আমন্ত্ৰণ জনাইছিল ৷সেই সময়ত প্ৰিয়াংকাৰ ঘৰত মাতৃ মধু চোপ্ৰাও আছিল ৷ প্ৰিয়াংকাই কয় যে আমি ঘৰত বহু ঘন্টা কথা পাতিছিলো ৷ লগতে সেই সময়ত কোনো চুম্বন হোৱা নাছিল বুলি আলোচনীখনৰ আগত প্ৰকাশ কৰে প্ৰিয়াংকাই ৷আলোচনীখনৰ আগত প্ৰিয়াংকাই নিকে আগবঢ়োৱা প্ৰেমৰ প্ৰস্তাৱ সম্বন্ধেও প্ৰকাশ কৰে ৷

তৃতীয়বাৰৰ কাৰণে নিকে প্ৰিয়াংকাক লগ কৰোতেই নিকৰ অনুভৱ হৈছিল যে নিকে জীৱন লগৰী হিচাপে বিচৰা গৰাকী প্ৰিয়াংকায়েই হয় ৷ নিকৰ কাৰণে প্ৰিয়াংকাই হৈছে উপযুক্ত ৷ নিক জোন্সৰ ভাষ্য অনুসৰি নিকে প্ৰিয়াংকাৰ জন্মদিনত প্ৰিয়াংকাক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱা নাছিল ৷ নিকে প্ৰিয়াংকাক প্ৰেমৰ প্ৰস্তাৱ দিছিল গ্ৰীচত ৷প্ৰিয়াংকাৰ কাৰণে নিকে এসপ্তাহৰ আগতেই আঙুঠি ক্ৰয় কৰিছিল ৷ গ্ৰীচত নিকে প্ৰিয়াংকাৰ সন্মুখত আঙুঠিটো আগবঢ়াই সুধিছিল যে মই এই আঙুঠিটো তোমাৰ হাতত দিব পাৰোনে ৷লগতে প্ৰিয়াংকাৰ লগত বিবাহ পাশত আৱদ্ধ হৈ বিশ্বৰ সকলোতকৈ সুখী ব্যক্তি হ’ব বিচৰাৰ কথা প্ৰকাশ কৰে নিকে ৷

নিকে ৰোমান্টিকতাৰে আগবঢ়োৱা বিয়াৰ প্ৰস্তাৱত প্ৰিয়াংকা প্ৰায় ৪৫ ছেকেণ্ড বাকৰুদ্ধ হৈ পৰিছিল।যদিও নিকৰ প্ৰেম তথা বিয়াৰ প্ৰস্তাৱত সন্মতি জনায় প্ৰিয়াংকাই । অন্যহাতে প্ৰিয়াংকাই নিক জোন্সক অ’ল্ড মেন জোন্সচ বুলি মাতে ৷ কাৰণ, নিকে প্ৰিয়াংকাৰ দৃষ্টিভংগীক,ধাৰণাক ভাল পাই ৷ প্ৰিয়াংকাই যেনেদৰে বাস্তৱক আকোঁৱালি লয় সেয়া নিকে ভাল পায়৷সেয়েহে প্ৰিয়াংকাই নিকক “অল্ড মেন জোন্স”বুলি মাতে ৷

প্ৰকৃততে, সচৰাচৰ দেখা যায় যে,এগৰাকী মহিলাই এজন পুৰুষৰ পৰা মৰম আৰু সন্মান লাভ কৰাটো সাম্প্ৰতিক সময়ত বহুত ডাঙৰ কথা ৷তেনেস্থলত প্ৰিয়াংকই নিকৰ পৰা পোৱা মৰম আৰু সন্মান লৈ চাই প্ৰিয়াংকাক ভাগ্যৱতী বুলি ক’ব লাগিব ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com