বলীউডৰ এগৰাকী অভিনেত্ৰীৰ অনুৰাগী কেটৰীনা কাইফ

বলীউডৰ এগৰাকী অভিনেত্ৰীৰ অনুৰাগী কেটৰীনা কাইফ

কেটেৰীণা কাইফ সম্প্ৰতি চলমান খানৰ লগত ভাৰত ছবিখনৰ দৃশ্যগ্ৰহণত ব্যস্ত আছে ৷ তেনে সময়তে অভিনেত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে যে কেটেৰীণা কাইফ কৰীনা কাপুৰৰ ভীষণ অনুৰাগী ৷ লগতে অভিনেত্ৰী গৰাকীয়ে মন্তব্য কৰে যে কৰীণাই নিজৰ মেটাব’লিজ’ম পৰিৱৰ্তন কৰিব বিচাৰে,যাতে অভিনেত্ৰী গৰাকীয়ে জিম পৰিহাৰ কৰিব পাৰে ৷ইয়াৰ পিছত কেটেৰীণাই কৰীনাৰ দৰে চকুৰ ৰং পৰিৱৰ্তন কৰি নীলা অথবা সেউজীয়া কৰি ল’ব ৷

ইফালে কেটৰীণা ভাল পোৱা ডান্সৰ ষ্টেপৰ বিষয়ে অভিনেত্ৰী গৰাকীয়ে কয় যে যেতিয়া কেটৰীনা উদাস হয় ,তেতিয়া ৯০ দশকৰ প্ৰসিদ্ধ ছবি প্যাৰ কিয়া তো ডৰনা কিয়া ছবিৰ "অ’ অ’ জানে জানা’ গীতটিত নৃত্য কৰে ৷ উল্লেখ্য যে কেটৰীনা আৰু ৰনবীৰে এটা সময়ত ইজনে সিজনৰ লগত প্ৰায় ৬ বছৰৰ ৰিয়েলেশ্যনত থকাৰ পিছতো দুয়োজন বিচ্চিন্ন হয় ৷ সকলোৰে বিশ্বাস আছিল যে,কেটৰীণা আৰু ৰণবীৰে দুয়োজনৰ প্ৰেমৰ সম্পৰ্কক দ্বিতীয় স্তৰলৈ নিব ৷

কিন্তু ৰনবীৰ আৰু কেটৰীনাৰ ব্ৰেকআপৰ পিছত কেটৰীনা আজিও চিংগল হৈ আছে ৷অৱশ্যে ৰনবীৰে আলিয়াৰ লগত প্ৰেমৰ সম্পৰ্কক আগবঢ়াই নিছে ৷ ইফালে এক সাক্ষাৎকাৰত কেটৰীনা প্ৰেমৰ সম্পৰ্কৰ সম্পৰ্কত প্ৰশ্ন কৰোঁতে কয় যে,কেটৰীনাই প্ৰকৃততে এই সম্পৰ্কে একো নাজানে ৷ কেটৰীনা সম্প্ৰতি চিংগল৷

উল্লেখ্য যে চলমান খান আৰু কেটৰীণা কাইফৰ অভিনীত ছবি “ভাৰত”ৰ দৃশ্যগ্ৰহণ হৈছে মুম্বাই,মালতা,দিল্লী আৰু পঞ্জাৱত ৷ ছবিখনৰ প্ৰযোজক পৰিচালকসকলে সদ্যহতে ছবিখনৰ teaser মুকলি কৰিছে আৰু সেই সময়তে ছবিখনৰ ট্ৰেইলৰ চাবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে সকলো চলচ্চিত্ৰ প্ৰেমীয়ে৷

ইফালে ভাৰত ছবিখনৰ যিকোনো সময়তে ফ’টো অথবা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।সদ্যহতে,ভাৰত ছবিখনৰ এখন ফ’টো মুকলি হৈছে অনুৰাগীসকলৰ মাজত৷ ফ’টোখনত দেখা গৈছে যে,ছবিখনৰ অভিনেতা চলমান খানে এখন চকীত বহি আছে আৰু চকীখনত লিখা আছে ভাৰত । ভাৰত ছবি খনত চলমান খান আৰু কেটৰীণা কাইফৰ উপৰিও অভিনয় কৰিছে দিশা পাটানী,সুনীল গ্ৰ’ভাৰ,টাবু আৰু জেকী শ্ৰফে ৷অন্যহাতে, ভাৰত ছবিখনৰ গীতসমূহৰ ক্ষেত্ৰটো বিশেষ গুৰুত্ব প্ৰদান কৰিছে নিৰ্মাতাসকলে ৷ইতিমধ্যে ছলমান খান আৰু কেটৰীণা কাইফে এটা বিয়াৰ এটি গান দৃশ্যগ্ৰহণ কৰিছে।

এক তথ্য অনুসৰি ভাৰত ছবিখনত বহু কেইটা গীত সংযোজিত কৰিছে৷ সততে দেখা যায় যে চলমান খানৰ প্ৰায় সমূহ ছবি ঈদত মুক্তি লাভ কৰে ৷ব্যক্তিক্ৰম নহয় এইবাৰো ৷চলিত বৰ্ষৰ ঈদত মুক্তি পাব চলমান খানৰ “ভাৰত” ৷ ইফালে অভিনেত্ৰী কেটৰীনা কাঈফেও ভাৰত ছবিখনৰ দৃশ্যগ্ৰহণ স্থানৰ পৰা এখন ফ’টো শ্বেয়াৰ কৰিছে কৰিঅ’গ্ৰাফাৰ বৈভৱী মাৰ্চেন্টৰ সৈতে ৷ ফ’টোখনত কেটৰীণাই কৰিঅ’গ্ৰাফাৰ বৈভৱী মাৰ্চেন্টক সৌহাদ্দ্যপূৰ্ণ আলিংগণেৰে থকা দেখা গৈছে। লগতে ফ’টোখনৰ বেকগ্ৰাউণ্ড আছে ফুলেৰে সজ্জিত হৈ ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com