বলীউডৰ তিনিওজন খানে সাৱলীল অভিনয়েৰে ছবি উপহাৰ দিছে দৰ্শকক : ৰাজকুমাৰ ৰাও

বলীউডৰ তিনিওজন খানে সাৱলীল অভিনয়েৰে  ছবি উপহাৰ দিছে দৰ্শকক : ৰাজকুমাৰ ৰাও

সম্প্ৰতি বলীউডৰ অভিনেতাসকলৰ ভিতৰত সকলোৰে মুখে মুখে প্ৰায়ে শুনা এটা নাম হৈছে ৰাজকুমাৰ ৰাও(Rajkumar Rao) ৷ ৰাজকুমাৰ ৰাওৰ প্ৰায় সংখ্যক ছবিয়েই সম্প্ৰতি বলীউডৰ বক্স অফিচত সফলতাৰে আগবাঢ়িছে ৷ কিন্তু অভিনেতা ৰাজকুমাৰ ৰাওে বলীউডৰ তিনিজন প্ৰসিদ্ধ খান,শ্বাহৰুখ খান,আমিৰ খান,ছলমান খানৰ দৰে ষ্টাৰ ডম আছে বুলি কেতিয়াও নাভাবে ৷ এক সাক্ষাতকাৰত বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাওয়ে কয় যে, বলীউডত সাৱলীল অভিনয়, ৰোমাঞ্চ, সকলোৰে উপযুক্ত সংমিশ্ৰণত নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা তিনি খানৰ লগত তেওঁৰ তুলনা কৰাটো কেতিয়াও উচিত ন’হব ৷ আমিৰ ছাৰ,শ্বাহৰুখ ছাৰ,ছলমান ছাৰ তিনিওজনেই যেনেধৰণৰে ছবি উপহাৰ দৰ্শকক আগবঢ়াইছে,সেয়া অবিশ্বাস্য। গতিকে মোৰ দৰে অভিনেতা অভিনেত্ৰীসকলৰ লগত তেওঁলোকৰ তুলনা কৰাটো সমীচিন নহ’ব ৷

বলীউডৰ তিনিজন প্ৰসিদ্ধ খান ছুপাৰষ্টাৰ৷আমি সকলোৱে তেওঁলোকক ভাল পাওঁ ৷ তেওঁলোকৰ অভিনয়ক ভাল পাওঁ ৷মই নিজেও বলীউডৰ তিনিওজন খানৰ অনুৰাগী ৷ আমি সম্প্ৰতি নতুন ৷ আমাৰ লগত আমাক প্ৰমাণ কৰিবৰ কাৰণে বহুত সময় আছে ৷ লগতে ৰাজকুমাৰ ৰাওয়ে কয় যে মোৰ অনুভৱ হয় যে বলীউডৰ তিনি জন ছুপাৰষ্টাৰৰ ওচৰত যেনেধৰণৰ ষ্টাৰডম আছে সেয়া পুনৰাই যে আহিব সেয়া সন্দেহৰ আৱৰ্তত ৷ ষ্টাৰডমৰ সম্পৰ্কে ৰাজকুমাৰ ৰাওৰ মন্তব্য যে মই যি কাম কৰোঁ তাৰ জৰিয়তে মই বহুত সুখী অনুভৱ কৰোঁ ৷ যদি মই কৰা অভিনয়ৰ জৰিয়তে মই নিজক প্ৰতিষ্ঠা কৰিব বিচাৰোঁ ৷তেন্তে মই সুখী হ’ম ।

অন্যহাতে ৰাজকুমাৰে লাভ কৰা বিভিন্ন কাহিনীসমূহৰ বিষয়ে কয় যে শ্ৰুতা দৰ্শকে কিছুমান নিৰ্দিষ্ট কাহিনীহে ভাল পায় ৷ আজিৰ প্ৰজন্মই কি প্ৰত্যক্ষ কৰিব বিচাৰে বা কেনে ধৰণৰ প্ৰসংগ এটাক চাব বিচাৰে তাক লৈ বহুত চিন্তিত ৷মই প্ৰায়ে নতুন বিষয়বস্তুক উপস্থাপন কৰিব বিছাৰো ৷ মোৰ প্ৰথম "লভ চেক্স আৰু ধোখা"ৰ পিছত মই মোক নিজকে এজন অভিনেতা হিচাপে সীমাৰ ভিতৰত থাকি আগবাঢ়িবলৈ প্ৰয়াস কৰিছোঁ ৷মই সুখী যে চলচ্চিত্ৰ প্ৰেমীসকলে মোক আদৰি লৈছে ৷

উল্লেখ্য যে,বলীউডৰ সফলতাৰ জখলাত আগুৱাই যোৱা ৰাজকুমাৰ ৰাওে এতিয়াওঁ নিজৰ স্কীপ্ত নিজে পঢ়ে ৷এই সন্দৰ্ভত ৰাজকুমাৰে কয় যে মই বিভিন্ন ধৰণৰ স্কীপ্ত পাওঁ৷তাৰ ভিতৰত কিছু অত্যন্ত সুন্দৰ ৷লগতে ৰাওে কয় মই সকলো স্কীপ্ত পঢ়ো ৷ এজন অভিনেতাই সকলো ধৰণৰ স্কীপ্ত পঢ়িব লাগে , বুজিব লাগে ৷ইফালে ৰাজকুমাৰ ৰাও,সোনম কাপুৰ আৰু অনিল কাপুৰৰ ছবি "এক লড়কী কো দেখা তো এছা লগা" ছবিখনৰ সন্দৰ্ভত ৰাজকুমাৰে কয় যে,ছবিখনত মোৰ চৰিত্ৰটোতকৈ কাহিনীটো ভাল ৷সেয়েহে মই ছবিখন কৰিলোঁ ৷আমাৰ সমাজৰ প্ৰাসংগিক বিসয়বোৰক লৈ ছবিখন নিৰ্মিত ৷ পৰিয়ালকেন্দ্ৰিক,প্ৰেম, বন্ধুত্ব সকলোৰে সংমিশ্ৰণত এই ছবিখন নিৰ্মিত হৈছে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com