বলীউডৰ প্লাছৰ পৰা জিৰো চাইজ ফিগাৰলৈ পৰিৱৰ্তন হোৱা চেলীব্ৰেটীৰ তালিকাঃ এই তালিকাৰ পৰা প্ৰেৰণা পাব পাৰে আপুনিও

বলীউডৰ প্লাছৰ পৰা জিৰো চাইজ ফিগাৰলৈ পৰিৱৰ্তন হোৱা চেলীব্ৰেটীৰ তালিকাঃ এই তালিকাৰ পৰা প্ৰেৰণা পাব পাৰে আপুনিও

আপোনালোকে নিশ্চয় অনুভৱ কৰে যে এগৰাকী অভিনেত্ৰী বা এজন অভিনেতা হোৱা সহজ নহয় ৷বলীউডৰ অভিনেতা সকলে কৰা যিকোনো চৰিত্ৰৰ অভিনয়ত নিজকে বিলীন কৰি দিয়া,সেই নিৰ্দিষ্ট চৰিত্ৰটোৰ লগত একাত্ম হৈ যোৱাটো সহজ কথা নহয়। ইয়াৰোপৰি তেওঁলোকৰ শৰীৰৰ সঠিক ভাৱে,বা উপযুক্ত ব্যায়ামৰ জৰিয়তে সঠিক গঠন দিয়া আদিৰ লগতে বিভিন্ন আনুসংগিক দিশৰ ওপৰত গুৰুত্ব দিব লগা হয়৷কিন্তু তাৰ কাৰণে তেওঁলোকৰ চাৰিওকাষে থাকে ট্ৰেইনাৰ,এডভাৰ্জাৰ, নিউট্ৰিচ’নিষ্ট ৷এই সকলোৰে সহযোগত তথা কঠিন কৰ্মশৈলীৰ অন্ততহে তেওঁলোকৰ সুস্থ সৱল,আটিল শৰীৰেহে তথা সুন্দৰ অভিনেয়েৰে আমাক আমোদ দিব পাৰে ৷ চাওঁ আহক বলীউডত প্লাছ চাইজ শৰীৰৰ পৰা সুন্দৰ আটিল শৰীৰ লাভ কৰা বিটাউনৰ চেলিব্ৰেটীৰ তালিকা,যাৰ পৰা প্ৰেৰণা পাব পাৰে আপুনিও ৷

চাৰা আলী খান

বলীউডৰ নৱাগতা অভিনেত্ৰী চাৰা আলী খানে (Sara Ali Khan) সম্প্ৰতি মোহাছন্ন কৰিছে চলচ্চিত্ৰ প্ৰেমীক ৷ দুখন ছবিৰ জৰিয়তে সম্প্ৰতি চৰ্চাৰ শীৰ্ষত চাৰা আলী খান৷কিন্তু চাৰা আলী খানৰ পূৰ্বৰ ফ’টো সমূহ নিৰীক্ষণ কৰিলে আচৰিত হ’ব আপুনি ৷ কাৰণ প্লাছ চাইজ শৰীৰৰ পিছত "কেদাৰনাথ" আৰু "চিম্বা"ৰ সাৰা আলী খান যেন সম্পূৰ্ণ পৃথক। আশ্চৰ্য্যজনক কথা এয়ে যে,বেছি ওজনৰ কাৰণে সাৰাক মাতৃয়েও চিনি পাব পৰা নাছিল ৷আৰু আজি আমাৰ সকলোৰে মৰমৰ অভিনেত্ৰী হৈ পৰিল সাৰা আলী খান ৷

দ্বিতীয়তে বলীউডৰ অন্য এগৰাকী অভিনেত্ৰী সোনম কাপুৰ৷ বলীউডৰ "মিছ ষ্টাইল আইকন"সোনম কাপুৰক অভিনয়তকৈ অভিনেত্ৰী গৰাকীয়ে পৰিধান কৰা পোচাকৰ কাৰণে প্ৰসিদ্ধ। কিন্তু আপুনি আছৰিত হ’ব যে,সোনম কাপুৰৰ প্ৰথম ছবি "সাৱৰিয়া"ত অভিনয় কৰাৰ পূৰ্বে ওজন আছিল ৮৬ কেজি। ইয়াৰ পিছতে সোনমে উচিত ব্যায়াম,খাদ্যৰ তালিকা পৰিৱৰ্তন কৰি ৮৬ কেজি ওজনৰ পৰা ৩০ কেজিলৈ হ্ৰাস কৰে ৷ এক সাক্ষাৎকাৰত সোনমে কয় যে মই মোৰ ওজন হ্ৰাস কৰাত সহায় কৰা সকলো লোকলৈ ধন্যবাদ জনাইছোঁ ৷ সাধাৰণতে দেখা যায় যে আমি প্ৰায়ে চকলেট,আইচক্ৰীম, তৈল যুক্ত খাদ্য খাই যথেষ্ঠ ভাল পাঁও ৷এই সন্দৰ্ভত সোনম কাপুৰে কয় যে মই এগৰাকী কিশোৰী হিচাপে চকলেট,আইচক্ৰীম জাতীয় খাদ্য মোৰ প্ৰিয় আছিল ৷কিন্তু সেই খাদ্য সমূহৰ পৰা মই দূৰত থাকোঁ ৷

অভিনেত্ৰী ভূমি পাডনেকাৰৰ "দম লগাকে হেইছা"ছবিখনত অভিনয় কৰাৰ সময়ত ওজন আছিল ৭২ কেজি ৷ এক তথ্য অনুসৰি ভূমিয়ে ছবি খনৰ কাৰণে অত্যাধিক ওজন বৃদ্ধি কৰিছিল। কিন্তু আশ্চৰ্য্যজনক ভাৱে ভূমি পাডনেকাৰে "দম লগাকে হেইছা" ছবিখনৰ পিছত নিজৰ ওজন হ্ৰাস কৰে । আৰু হৈ পৰে ছুপাৰ ফিট ৷মুম্বাইত জন্ম গ্ৰহণ কৰা এই অভিনেত্ৰী গৰাকীয়ে প্ৰায় ২৭ কিলো ওজন হ্ৰাস কৰি চৰ্চালৈ আহে ৷

মহেশ ভাট্টক জীয়ৰী তথা বলীউডৰ অভিনেত্ৰী আলিয়া ভাট্টেও ওজন হ্ৰাস কৰি অভিনয় কৰে আলিয়াৰ প্ৰথম ছবি Student of year ত ৷ অভিনেত্ৰী আলিয়াই পিতৃ মহেশ ভাট্টৰ অন্তৰালত থাকি এক ডায়েট প্লেনক অগ্ৰাধিকাৰ দি ১৬ কেজি হ্ৰাস কৰে ৷

বলীউডৰ চিৰসেউজ অভিনেতা শত্ৰুঘ্ন সিন্হাৰ জীয়ৰী সোনাক্ষী সিন্হাৰ ওজন আছিল ৯০ কেজি ৷কিন্তু উচিত ডায়েট প্লেনৰ সৈতে সোনাক্ষীয়ে প্ৰায় ৩০ কেজি হ্ৰাস কৰি অভিনয় কৰে চলমান খানৰ ছুপাৰহিট ছবি "দাবাঙ"ত ৷

আমাৰ সকলোৰে মৰমৰ তথা প্ৰিয় অভিনেত্ৰী বেব" অৰ্থাৎ কৰীনা কাপুৰ চৰ্চালৈ আহিছিল যেতিয়া কৰীণাই yeh mera dil pyaar ka deewana শীৰ্ষক গীতটিত ডান্স কৰিছিল ৷কিন্তু ইয়াৰ পিছতেই কৰীণা জিৰো চাইজ শৰীৰেৰে এন্ট্ৰী কৰে বলীউডৰ "টাশ্যন"ছবিৰ জৰিয়তে ৷কৰীণাই চেক্সী আৰু আল্ট্ৰা স্লিম ফিগাৰেৰে প্ৰথম বাৰৰ কাৰণে বিকীনীৰ জৰিয়তে চলচ্চিত্ৰৰ আলোচকসকলৰ মাজত ধুমুহাৰ সৃষ্টি কৰে৷

বলীউডৰ অন্য এগৰাকী অভিনেত্ৰী জেৰিন খানৰ প্ৰথমতে ওজন আছিল ১০০ কেজি ৷ কিন্তু সম্প্ৰতি জেৰিনৰ ওজন ৫৭ কেজি ৷

অন্যহাতে ওজন হ্ৰাস কৰাত যে অকল মহিলা যুৱতীসকলৰে গুৰুত্ব আছে,এনে নহয়।যুৱক সকলৰো আছে সমানেই গুৰুত্ব৷তাৰ জলন্ত উদাহৰণ হ’ল অৰ্জুন কাপুৰ ৷প্ৰযোজক পৰিচালক বনী কাপুৰৰ পুত্ৰ অৰ্জুন কাপুৰে বলীউডত পদাৰ্পন কৰে Ishaqzaade ৰ জৰিয়তে ৷ কিন্তু "চ’কৰা জাৱাঁ"গীতটিত চিক্স পেকেৰে দৰ্শকৰ মাজলৈ অহা অৰ্জুন কাপুৰৰ প্ৰথমতে ওজন আছিল ১৩০ কেজি ৷ কিন্তু পিছত উচিল ডায়েট প্লেন তথা ব্যায়ামৰ জৰিয়তে প্ৰায় ৫০ কেজি ওজন হ্ৰাস কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com