বলীউডৰ ভাইজান চলমান খানৰ ছবিত অভিনয় কৰিবলৈ সাজু কাৰ্তিক আয়ানৰ অন স্কীণ গাৰ্ল ফেণ্ড

বলীউডৰ ভাইজান চলমান খানৰ ছবিত অভিনয় কৰিবলৈ সাজু কাৰ্তিক আয়ানৰ অন স্কীণ গাৰ্ল ফেণ্ড

বলীউডৰ ভাইজান চলমান খানে সততে নতুন প্ৰতিভাসমূহক তেওঁৰ ছবিত সুযোগ দি দৰ্শকৰ সন্মুখত চিনাকী কৰাই দিয়ে ৷ সম্প্ৰতি চলমান খানে ছবি জগতৰ এগৰাকী অভিনেত্ৰীক তেওঁৰ ছবিত সুযোগ দিবলৈ সিদ্ধান্ত লৈছে ৷ তেওঁ হৈছে কাৰ্তিক আয়ানৰ অন স্কীণ গাৰ্ল ফেণ্ড ৷ হয়,আপুনি ঠিকেই ভাবিছে চনু কী টিটো কী চুইটী ছবিত কাৰ্তিক আয়ানৰ গাৰ্ল ফেণ্ডৰ ভূমিকাত অভিনয় কৰা অভিনেত্ৰী নুসৰট ভৰুচায়ে চলমান খানৰ আহিব লগীয়া এখন ছবিত অভিনয় কৰিব।

এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি ছবিখনৰ কাষ্টিং সম্প্ৰতি হৈ আছে ৷ আৰু দৃশ্যগ্ৰহণো অনতি পলমে আৰম্ভ হ’ব ৷ ৰাজ সাণ্ডিল্যই ছবিখনৰ সংলাপ লিখিব ৷ ইয়াৰ পূৰ্বতে ৰাজ চাণ্ডিল্যই নুসৰট আৰু আয়ুস্মানৰ কাৰণে ড্ৰীম গাৰ্লক পৰিচালনা কৰিছিল ৷ এই ছবিখন হ’ব এখন ৱেডিং ড্ৰামা শীৰ্ষক প্ৰেম কাহিনী ৷ ছবি খনৰ দৃশ্য গ্ৰহণ হ’ব দিল্লীত ৷ ইফালে ছলমান খানৰ লগত কাম কৰিবলৈ পাই উৎসাহী হৈ পৰে অভিনেত্ৰী নুসৰট ৷

ছলমান খানৰ দৰে অভিনেতাৰ লগত কাম কৰিবলৈ পায় বলীউডৰ সকলো ষ্টাৰ প্ৰায়ে উৎসুক হৈ থাকে ৷ অন্যহাতে ছলমান খানে শেহতীয়াকৈ নুতনৰ নাতিনী প্ৰনুতন আৰু জহীৰ ইকবালক ন’টবুক নামৰ ছবিখনৰ জৰিয়তে লন্স কৰিব ৷ ইয়াৰ পূৰ্বতে ছলমান খানে বলীউডৰ আন এগৰাকী চৰ্চিত অভিনেত্ৰী দিশা পাটানীক ভাৰত ছবিখনত অভিনয়ৰ কাৰণে সুযোগ দিয়ে ৷ কিন্তু চলমানৰ ছবিত অভিনয় কৰিবলৈ 'ভাৰত'ৰ জৰিয়তে সৌভাগ্য ঘটে আন এখন ছবিৰ ৷সেইখন হৈছে কিক ২ ৷ কাৰণ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি দিশা কিছু দিনৰ পূৰ্বতে সাজিদ নাডিয়াডৱালাৰ অফিচত অহা যোৱা কৰা প্ৰসংগতে বি টাউনত কিক ২ ছবিখনৰ লগত দিশা পাটানীৰ নাম সাঙুৰ খাইছে ৷

অন্যহাতে সদ্যহতে চৰ্চা লাভ কৰি থকা ভাৰতত দিশা পাটানিয়ে চলমান খানৰ ভগ্নীৰ চৰিত্ৰত কাম কৰিছে ৷ এই ছবিখনত দিশাৰ উপৰিও কেটৰীনা কাইফ,টাবু,নোৰা ফতেহী আৰু সুনীল গ্ৰোৱৰে অভিনয় কৰিছে ৷ উল্লেখ্য যে ছলমান খানৰ লগত ভাৰত হৈছে দিশাৰ প্ৰথম ছবি ৷ ভাৰত ছবিখন ২০১৪ চনত দক্ষিণ কোৰিয়াৰ ছবি অ’ড টু মাই ফাদাৰ কাহিনীৰ আধাৰত নিৰ্মিত ৷ ভাৰত ছবিখনত অভিনয় কাৰণে প্ৰথমতে প্ৰিয়াংকা চোপ্ৰাৰ নাম চৰ্চালৈ আহিছিল ৷ কিন্তু শেষত প্ৰিয়াংকা চোপ্ৰাক নাকচ কৰি কেটৰীণা কাইফে ভাৰতত অভিনয় কৰে ৷

ইয়াৰ উপৰিও ছলমান খানে বলীউডত বহু নতুন প্ৰতিভাক নিজৰ প্ৰডাকচনৰ ছবিত অভিনয় কৰিবলৈ সুযোগ দিছে ৷তাৰ ভিতৰত জেৰিন খান,ছলমানৰ খানৰ প্ৰাক্তন প্ৰেমিকা ঐশ্বৰ্য্য ৰায় বচ্চনৰ লুকৰ অভিনেত্ৰী স্নেহা উলাল,সুনীল চেট্টীৰ জীয়ৰী আথিয়া চেট্টী,আদিত্য পাঞ্চালীৰ পুত্ৰ সুৰয পাঞ্চালী,২০১৩ চনত মুক্তি প্ৰাপ্ত জয় হো’ৰ যোগেদি বলীউডলৈ যাত্ৰা কৰিছিল ডেইজী শ্বাহ,ছলমান খানৰ ভগ্নী অৰ্পিতা খানৰ পতি আয়ুষ শৰ্মা,লৱৰাত্ৰীত আয়ুষ শৰ্মাৰ সহশিল্পী বৰীনা হুচেইন ৷

অৱশ্যে ছলমান খানে যেতিয়া চলমান খান ফিল্ম প্ৰডাকচন হাউচ আৰম্ভ কৰিছিল, তেতিয়াই ঘোষণা কৰিছিল যে,ছলমানে নতুন প্ৰতিভা সমূহক উলিয়াই আনিব ৷ কিন্তু নতুন প্ৰতিভাসমূহক ছলমানে ছবিসমূহত স্থান দিলে যদিও সেই ষ্টাৰ সমূহে চলচ্চিত্ৰ প্ৰেমীৰ হৃদয়ত স্থান পাবলৈ সক্ষম ন’হল।

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com