বাংলাদেশৰ ভূমিত ভাৰত বিৰোধী কোনো ধৰণৰ কাৰ্যৰ ক্ষেত্ৰত অনুমতি দিয়া ন’হব:ৰকিবুল হক

বাংলাদেশৰ ভূমিত ভাৰত বিৰোধী কোনো ধৰণৰ কাৰ্যৰ ক্ষেত্ৰত অনুমতি দিয়া ন’হব:ৰকিবুল হক

বাংলাদেশৰ ভূমিত ভাৰত বিৰোধী কোনো ধৰণৰ কাৰ্যৰ ক্ষেত্ৰত অনুমতি দিয়া ন’হব। এই মন্তব্য বাংলাদেশৰ ভাৰপ্ৰাপ্ত মহাসচিব ৰকিবুল হকৰ ৷ ৰাজধানী দিল্লীত হোৱা এক অনুষ্ঠানত ভাগ লৈ এই মন্তব্য কৰে ৰকিবুল হকে ৷ বাংলাদেশৰ মহাসচিবজনে কয় যে গুৱাহাটীত এয়াৰ হাব নিৰ্মাণ কৰাৰ কাৰণে এয়াৰলাইচেন্স কাম কৰি আছে ৷ ভাৰত চৰকাৰে স্বীকাৰ কৰিছে যে বাংলাদেশৰ মাটিৰ প্ৰয়োগ যিকোনো ভাৰত বিৰোধী কামৰ কাৰণে ব্যৱহাৰ নকৰে। সেয়েহে অতীত পৰা সাম্প্ৰতিক সময়লৈকে দুয়োখন দেশৰ সম্পৰ্ক মজবুট হৈ আছে ৷ দুয়োখন দেশেই সম্প্ৰতি বিভিন্ন দিশত নিজৰ বিভাগ সমূহত শীঘ্ৰেই বিকাশৰ পথত আগবাঢ়িছে ৷

লগতে বিকাশৰ আঞ্চলিক ক্ষেত্ৰসমূহত অধিক গুৰুত্ব দিয়াৰ কথাও উল্লেখ কৰে ৰকিবুল হ’কে ৷ বাংলাদেশে আঞ্চলিক ক্ষেত্ৰসমূহৰ উন্নতিৰ কাৰণে যথেষ্ট সহযোগিতা আগবঢ়াব ৷ অন্যহাতে ৰকিবুল হ’কে অংশ লোৱা এই অনুষ্ঠানটো আয়োজন কৰিছিল ইণ্ডিয়ান চেম্বাৰ অফ কমাৰছে ৷এই অনুষ্ঠানত বানিজ্য মন্ত্ৰ্যালয়ৰ অতিৰিক্ত মহসচিব সুধাংশু পাণ্ডেই বানিজ্যৰ সমূহৰ নীতি সমূহ উপযুক্ত ভাৱে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰে ৷ সুধাংশু পাণ্ডয়ে কয় যে সহযোগিতা চৰকাৰৰ প্ৰথম পদক্ষেপ ৷গুৱাহাটীত এয়াৰ হাব পৰিৱৰ্তন কৰাৰ কাৰণে এয়াৰলাইচেন্স কাম কৰি আছে ৷ বাস্তবিকতে,বানিজ্য মন্ত্ৰ্যালয়ে এখন আঁচনিৰ জৰিয়তে কাম কৰি থকাৰ কথাও কয় অতিৰিক্ত মহাসচিবে ৷

লগতে উত্তৰ পূবৰ ৰাজ্য সমূহৰ জৈৱিক কৃষিত গুৰুত্ব আৰোপ কৰি কয় যে আমি উত্তৰ পূবৰ ৰাজ্যৰ পৰা কৃষিত উৎপাদিত সামগ্ৰী সমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ নিয়াৰ সন্দৰ্ভত আঁচনি তৈয়াৰ কৰি আছোঁ ৷এই মন্তব্য ৰকিবুল হ’কৰ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com