বানাৰসৰ মালাইৰ সোৱাদ লৈছেনে আপুনি?

বানাৰসৰ মালাইৰ সোৱাদ লৈছেনে আপুনি?

"মালাই" শব্দটো শুনাৰ লগে লগে সকলোৰে জিভালৈ পানী আহে ৷ অহাটো স্বাভাৱিক ৷ কাৰণ মালাই ১০০ শতাংশ লোকৰ ভিতৰত ৯৯ শতাংশৰে প্ৰিয় । ইফালে সম্প্ৰতি শীতৰ বতৰ ৷ শীতৰ বতৰত সকলোৱে গৰম গৰম চাহ, পকৰা আদি উপকৰণ খাই ভাল পায়৷ কিন্তু দেশৰ কিছু সংখ্যক ঠাইত কিছুমান বিশেষ বস্তুৰ কাৰণে বিশেষভাৱে জনপ্ৰিয় ।তাৰ ভিতৰত উত্তৰ প্ৰদেশৰ বানাৰসত পোৱা "মালাই" বিশেষভাৱে জনপ্ৰিয় ৷

কিন্তু এক বিশেষ সূত্ৰত খবৰ অনুসৰি এই মালাই সমূহ তৈয়ৰী কৰিবলৈ বিশেষভাৱে কিছুমান লোক আহে বানাৰসলৈ ৷ কাৰণ এই মালাইসমূহ তৈয়াৰ কৰা সহজ নহয় । মাটিৰ সৰু সৰু পাত্ৰত উপলব্ধ মালাইত বাদাম, পিস্তা তথা অন্যান্য সামগ্ৰীৰে অত্যন্ত সোৱাদ যুক্ত হয় মালাই ৷ বানাৰসত মিঠাইৰ সোৱাদ লৈ পোৱা এজন লোকৰ ভাষ্য অনুসৰি স্বৰ্গ দৰে যদি মিঠাইৰ সোৱাদ ল’বলৈ মন আছে তেন্তে আপুনি যাব পাৰে বানাৰসলৈ ৷

আনহাতে "মলাই" তৈয়াৰ কৰা বিধি যথেষ্ট দীঘলীয়া ৷ প্ৰথমতে কেঁচা গাখীৰক লোহা বাচনত উতলাই অলপ ডাঠ কৰি নিশাটো নিয়ৰত ৰখা হয় ৷ ইয়াৰ পিছত পুৱা মলাই তৈয়াৰ কৰিবৰ কাৰণে পিষ্টা,মেৱা ইলাইছি দি সোৱাদযুক্ত কৰি আপ্যায়নৰ উপযোগী কৰে ৷ অন্যহাতে বানৰসৰ মালাই প্ৰসিদ্ধ বিদেশী পৰ্যটকসকলৰ মাজত। লগতে যুৱতীসকলৰ কাৰণ মালাই খোৱাটো এই কাৰণেই অতি প্ৰয়োজনীয় যে মালাই ছালৰ কাৰণে অত্যন্ত ভাল ৷ আৰু কোৱা হয় যদি আপুনি বানাৰস ফুৰাবলৈ গৈছে আৰু যদি আপুনি বানাৰসৰ মালাই খোৱা নাই তেন্তে আপুনি বানাৰস ফুৰাই নাই ৷ গতিকে নিজৰ পৰিয়াল পৰিজনৰ লগত বানাৰস যাঁওক আৰু মালাইৰ সোৱাদ লওক ৷

অধিক খবৰৰ বাবে পঢ়ক: বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com