বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব ৰাম মাধৱৰ মিত্ৰতা ভংগৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ আহ্বান এজিপিক

বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব ৰাম মাধৱৰ মিত্ৰতা ভংগৰ সন্দৰ্ভত পুনৰ বিবেচনা কৰিবলৈ আহ্বান এজিপিক

বিজেপিৰ ৰাষ্ট্ৰীয় মহাসচিব ৰাম মাধৱে (Ram Madhav )অসম গণ পৰিষদক আহ্বান কৰিছে যে চলিত চৰকাৰখনৰ লগত কৰা মিত্ৰতা ভংগৰ সিদ্ধান্তক পুনৰাই বিচাৰ কৰে ৷লগতে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাজনে এক সংকেট দিছে যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ক ৰাজ্যসভাত চৰ্চা কৰিবলৈ আহিব পাৰে ৷ শুক্ৰবাৰে গুৱাহাটীত অটল বিহাৰী বাজপেয়ীৰ ভৱনত সাংবাদিকৰ লগত হোৱা কথা বাৰ্তাত ৰাম মাধৱে কয় যে আমি এজিপিক আহ্বান কৰিছোঁ যাতে তেওঁলোকে দিছপুৰত চৰকাৰৰ লগত লোৱা মিত্ৰতা ভংগৰ সিদ্ধান্তক পুনৰাই বিচাৰ কৰে ৷

ইফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই পৰ্যন্ত তিনিজন এজিপি মন্ত্ৰীৰ পদত্যাগ পত্ৰ ৰাজভৱনলৈ প্ৰেৰণ কৰা নাই ৷মুখ্যমন্ত্ৰী সোনোৱালে আশা কৰিছে যে এজিপি নিজৰ সিদ্ধান্ত পৰিৱৰ্তন কৰিব ৷২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি আৰু এজিপিয়ে মিত্ৰতাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল । আৰু ৰাজ্যবাসীয়ে তেওঁলোকক সহাঁৰি দিছিল ৷অন্যহাতে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ৰ সন্দৰ্ভত বিতৰ্ক অব্যাহত থাকোঁতেই ৯ জানুৱাৰীত এজিপিৰ তিনিজন মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত,আৰু ফণী ভূষণ চৌধুৰীয়ে পদত্যাগ পত্ৰ দিয়ে । ৰাম মাধৱে লগতে মন্তব্য কৰে যে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সম্প্ৰতি ৰাজ্যবাসী উত্তাল হৈ আছে ।

ইয়াৰে কিছু সংখ্যক লোকে বাস্তৱিক ৰূপত প্ৰতিবাদ কৰিছে ৷অন্যান্য কিছুৱে কৰিছে ৰাজনৈতিক লাভালাভৰ কাৰণে ।ৰাজ্যখনত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবৰ কাৰণে বিধেয়কখনত বিৰোধ কৰা লোক এতিয়াও আছে ৷ বিধেয়ক খনক অনাৱশ্যক ৰূপত বিৰোধ কৰি আছে ৷ এই বিধেয়কখন কেৱল অসম কাৰণে নহয় ।সমগ্ৰ দেশৰ কাৰণে৷এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এই বিধেয়কখন গৃহীত হ’লে বাংলাদেশৰ পৰা প্ৰায় ১.৯০ কোটি লোক ভাৰতত প্ৰবেশ কৰিব ।এই তথ্য সমূহ সছাঁ নহয় । এই মন্তব্য ৰাম মাধৱৰ৷

লগতে ৰাম মাধৱে কয় যে বিভাজনৰ সময়ত গোপীনাথ বৰদলৈৰ নেতৃত্বৰ কাৰণে অসমৰ লোকসকল সুৰক্ষিত হৈছিল ৷ অৱশ্যে ইয়াৰে কিছু সংখ্যক লোক বিভাজনৰ সন্মুখীন হ’ব লগীয়া হয় ।এই লোকসকলক ভাৰতে গ্ৰহণ কৰিব লাগিব ৷ইফালে বিজেপিৰ কিছুসংখ্যক নেতাক নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰ সন্দৰ্ভত আৰু NEDA ৰ এজন বৰিষ্ঠ নেতা কয় যে মই জনসাধাৰণৰ প্ৰতিনিধিসকলৰ লগত আলোচনা কৰিম ৷

লগতে ৰাজ্যৰ ছয় জনজাতিৰ জনজাতি কৰণৰ সন্দৰ্ভত ৰাম মাধৱে কয় যে এই ছয় জনজাতিক জনজাতিকৰণৰ দাবী দীৰ্ঘ সময় ধৰি হৈ আছে ৷২০১৬ চনৰ নিৰ্বাচনত ছয় জনজাতিক জনজাতিকৰণ সন্দৰ্ভত প্ৰতিশ্ৰুতিও দিছিল চৰকাৰে ৷এই বিধেয়ক খনক নেতিবাচক ৰূপত উপস্থাপন কৰা হৈছে ৷ বাস্তৱত এই বিধেয়ক বা এনেধৰণৰ বিষয়ত ৰাজ্য চৰকাৰ বিশেষ অধিকাৰ থাকে ৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ সন্দৰ্ভত ৰাম মাধৱে কয় যে কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ ন্যায়ালয় আৰু RGI য়ে অসমৰ NRC ক আগুৱাই নিবলৈ চেষ্টা কৰি আছে ৷ অসমৰ লোকসকলৰ ভাষা,সাংস্কৃতি,সাহিত্য সংৰক্ষণ কৰিবলৈ অসম চুক্তি ৬ নং দফাক ৰক্ষা কৰাটো আৱশ্যক ৷এই ক্ষেত্ৰতএখন উচ্চ ক্ষমতা সম্পন্ন কমিটী গঠন কৰা হৈছে ৷ আশা কৰা হৈছে এই কমিটীয়ে আমাক সহায় কৰিব ৷

উল্লেখ্য যে , প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সন্দৰ্ভত ৰাম মাধৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এনডিএ চৰকাৰ গঠন কৰিবলৈ গৈ আছে ৷ লগতে কয় মোডী চৰকাৰৰ প্ৰথম কাৰ্যকাল যথেষ্ট পাৰদৰ্শিতাপূৰ্ণ, দুনীৰ্তিমুক্তৰূপে বিবেচিত হৈছে ৷ প্ৰধানমন্ত্ৰী মোডীৰ চৰকাৰে ২২/২৩ কোটি লোকৰ লাভালাভৰ কাৰণে ১২৯ খন আঁচনি আৰম্ভ কৰিছে ৷মোডীৰ কাৰ্যকালতেই ছত্তীছগড়ৰ কিছু অঞ্চলক বাদ দি অন্যান্য অঞ্চলত মাওবাদী সকলক উৎখাত কৰা হৈছে। ইফালে প্ৰধানমন্ত্ৰী মোডীৰ কাৰণে আমি ২০২০ চনত প্ৰত্যক্ষ কৰিবলৈ পাম "নিউ ইণ্ডিয়া"৷ এই মন্তব্য ৰাম মাধৱৰ ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com