বিটিছি শান্তি আৰু বিকাশৰ প্ৰতীকঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

বিটিছি শান্তি আৰু বিকাশৰ প্ৰতীকঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

স্বায়ত্ব শাসনৰ কাৰণে আত্ম বলিদান দিয়া শ্বহীদসকলক সৰ্বোচ্চ সন্মান হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২০ জন শ্বহীদ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহাৰ্য্য প্ৰদান কৰে ৷দেওবাৰে কোকৰাঝাৰত আয়োজিত ১৭ সংখ্যক বড়োলেণ্ড দিৱস উপলক্ষে বডোফা নগৰৰ গ্ৰীণ ফিল্ডত আয়োজিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল ৷ ২০০৩ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীৰ দিনটোতে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আৰু বড়ো লিবাৰেশ্যনৰ মাজত হৈছিল ঐতিহাসিক বড়ো চুক্তি ৷ ইফালে , মুঠ ২,৬২৪ গৰাকী শ্বহীদ পৰিয়ালক অসম চৰকাৰে ৫ লাখ টকাকৈ প্ৰদান কৰে ৷মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে এই দিনটোক ঐতিহাসিক আখ্যা দিয়ে ৷ আৰু উপেন ব্ৰহ্মৰ লগতে অন্যান্য শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে এসময়ত ভাৰতৰ সকলোৰে ভিতৰত অশান্ত বুলি কোৱা কোকৰাঝাৰত সম্প্ৰতি শান্তিয়ে বিৰাজ কৰিছে ৷২০০৩ চনৰ পাছত BTAD ত অভূতপূৰ্ব বৃদ্ধি আৰু বিকাশ হৈছে ৷শিক্ষা,স্বাস্থ্য,যাতায়ত,সৈনিক স্কুল,ক্ৰীড়াৰ বিভিন্ন ক্ষেত্ৰত মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখ কৰে ৷ সৰ্বানন্দ সোনোৱালে লগতে কয় যে বিটিচিৰ বিভিন্ন ক্ষেত্ৰত সম্প্ৰতি বিভিন্ন ধৰণৰ পৰিৱৰ্তন হৈছে ৷ এই পৰিৱৰ্তন বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলো ক্ষেত্ৰতে হোৱা বুলিও কয় মুখ্যমন্ত্ৰী সোনোৱালে ৷ ইফালে ছয় জনগোষ্ঠীৰ জনজাতি কৰণ সন্দৰ্ভত উল্লেখ কৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে, কিছু নিহিত স্বাৰ্থ জড়াত থকা লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে বিধেয়কখনৰ সন্দৰ্ভত জনতাক বিপথে পৰিচালিত কৰিছে ৷ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত আন জন জাতিৰ ক্ষয় ক্ষতি নোহোৱাকৈ জনজাতি প্ৰদান কৰিব ৷

লগতে মুখ্যমন্ত্ৰী সোনোৱালে কয় যে চৰকাৰ স্বদেশী লোকসকলৰ হিতৰ কাৰণে কাম কৰাত কাম কৰাত দৃঢ় প্ৰতিজ্ঞ ।সেয়েহে চলিত বৰ্ষৰ বাজেটত ৰাজ্যৰ বিভিন্ন ভাষা, সাংস্কৃতিক আৰু শৈক্ষিক মূল্য সংৰক্ষণ কৰাৰ কাৰণে চৰকাৰে পৰ্যাপ্ত পুঁজি আৱন্টন কৰিছে ৷চলিত চৰকাৰৰ উন্নয়নৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে কয় যে,অসমত অনুষ্ঠিত বিনিয়োগ সন্মিলনত ৭৯,০০০ কোটি টকা প্ৰস্তাৱ ৰখা হৈছে। অৱশ্যে শিখৰ সন্মিলনৰ এক বছৰৰ ভিতৰত ৫০,০০০ কোটি টকা সূদ পৰিশোধ কৰা হৈছে ৷বিটিচিৰ মুখ্য হাগ্ৰামা মহিলাৰী আৰু তেওঁৰ সহযোগী সকলক বিটিচিত শান্তিপূৰ্ণ পৰিবেশ স্থাপন কৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোনোৱালে ৷

অন্যহাতে শ্বহীদ উপেন ব্ৰহ্মক সুঁৱৰি মুখ্যমন্ত্ৰী সোনোৱালে কয় যে বিটিচিৰ ক্ষেত্ৰ খনৰ কাৰণে লোৱা অপাৰ ভূমিকাৰ কাৰণে উপেন ব্ৰহ্মৰ নামত এক ৰাজ্য স্তৰীয় পুৰস্কাৰ স্থাপন কৰাৰ কথা উল্লেখ কৰে ৷বিটিচি মুখ্য হাগ্ৰামা মহিলাৰীয়ে এই অনুষ্ঠানত জনতা আৰু সংগঠনসমূহক বীটিছি চুক্তিত স্বাক্ষৰিত হোৱা কৰা সহায়ৰ তথা বিকাশৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে ৷লগতে হাগ্ৰামা মহিলাৰীয়ে কয় যে,বিটিছী থকা প্ৰত্যেক জন লোকৰে সকলো বৰ্গৰ বিকাশৰ কাৰণে প্ৰতিবদ্ধ ৷এই অনুষ্ঠানত বিভিন্ন লোকসকলে নিজৰ পৰম্পৰাগত সাজ পৰিধান কৰি অংশ লয় ৷মুখ্যমন্ত্ৰৱ সোনোৱালে জমীল কুমাৰ ব্ৰহ্মক প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম সাহিত্য পুৰস্কাৰ,সুলেক বসুমতাৰীক নিলেশ্বৰ ব্ৰহ্ম পুৰস্কাৰ আৰু খেলৰ কাৰণে পল্লৱী বড়োক পুৰস্কৃত কৰে ৷ এই সময়ত সমাজ কল্যান মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম,পৰ্যতন মন্ত্ৰী চন্দন বহ্ম,BTC ৰ উপ প্ৰমুখ্য কাম্পা বৰগয়াৰী,সাংসদ বিশ্বজিৎ দৈমাৰৰ লগতে গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com