বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীৰ নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক পদৰ পৰা পদত্যাগ

বিশিষ্ট সাহিত্যিক ড° ৰীতা চৌধুৰীৰ নেশ্যনেল বুক ট্ৰাষ্টৰ সঞ্চালক পদৰ পৰা পদত্যাগ

সাহিত্য অকাডেমী বটাঁ প্ৰাপ্ত বিশিষ্ট লেখিকা ড° ৰীতা চৌধুৰীয়ে (rita chowdhury) নেশ্যনেল বুক ট্ৰাষ্ট সঞ্চালক পদৰ পৰা পদত্যাগ কৰিছে। এই সন্দৰ্ভত বিশিষ্ট সাহিত্যিক ড° চৌধুৰীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে । ড° ৰীতা চৌধুৰীয়ে বহু কেইখন উপন্যাসৰ জৰিয়তে প্ৰসিদ্ধি লাভ কৰে ৷তেখেতৰ উপন্যাস সমূহ হৈছে অবিৰত যাত্ৰা,তীৰ্থ ভূমি,মহা জীৱনৰ আধাৰশিলা,নয়না তৰালী সুজাতা,পপীয়া তৰাৰ সাধু,ৰাগ মলাকোশ,জল পদ্ম,হৃদয় নিৰুপায়, দেও লাংখুই,মাকাম,এই সময় সেই সময়,ৰাজীৱ ঈশ্বৰ,জাহ্নৱী,মায়াবৃত্ত আদি । ড° চৌধুৰীয়ে অসমীয়া সাহিত্য জগতলৈ আগবঢ়োৱা অন্যবদ্য অৱদানৰ কাৰণে বিভিন্ন বটাঁৰে সন্মানিত হয় ৷ তাৰ ভিতৰত অসম সাহিত্য সভা বটাঁ, কলাগুৰু বিষ্ণপ্ৰসাদ ৰাভা বটাঁৰ লগতে দেও লাংখুইৰ কাৰণে সাহিত্য অকাডেমী বটাঁ লাভ কৰে ৷

উল্লেখ্য যে, ১৯৫৭ চনত স্থাপন হোৱা নেশ্যনেল বুক ট্ৰাষ্ট হৈছে চৰকাৰৰ দ্বাৰা স্থাপন হোৱা এটা সংস্থা ৷ নেশ্যনেল বুক ট্ৰাষ্ট অৰ্থাৎ NBT ৰ উদ্দেশ্য হৈছে সকলো ভাৰতীয় ভাষাত উন্নত মানদণ্ডৰ সাহিত্যৰ সৃষ্টি হয় ৷লগতে সংস্থাটোৰ জৰিয়তে নৱ প্ৰজন্মৰ যুৱক যুৱতীক গ্ৰন্থৰ বিভিন্ন চেমিনাৰৰ জৰিয়তে গ্ৰন্থৰ প্ৰতি অধিক আগ্ৰহী কৰি তোলা ৷ এগৰাকী উপন্যাসিকাৰ উপৰিও ড° ৰীতা চৌধুৰী অসম আন্দোলন সক্ৰিয় কৰ্মী আছিল ৷সম্প্ৰতি ৰাজ্য জুৰি অব্যাহত থকা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰে ড° চৌধুৰীয়ে ৷ ইয়াৰে পিছতে NBT ৰ সঞ্চালক পদৰ পৰা পদত্যাগ কৰে।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com