বিশ্বকাপ ফুটবল ২০১৮,দল বিশ্লেষণ,গ্ৰুপ : H

বিশ্বকাপ ফুটবল ২০১৮,দল বিশ্লেষণ,গ্ৰুপ : H

পোলেন্ড

শ্ৰেষ্ঠ বিশ্বকাপ : কোৱাৰ্টাৰ ফাইনেল (১৯৭৪,১৯৮২)

কি দৰে যোগ্যতা অৰ্জন কৰিছে : বেয়ান্ড মিউনিখৰ তাৰকা খেলুৱৈ ৰবাৰ্ট লাৱানচকি একক প্ৰচেষ্ঠাত ৰাচিয়া পাইছেহি পোলেন্ড।

কি আশা কৰিব পাৰি :দুৰ্বল গ্ৰুপৰ শক্তিশালী দল হিচাবে নকআউট ৰাউন্ড পোৱাতো প্ৰায় খাটাং।

তাৰকা কোন : তাৰকা খেলুৱৈ লাৱানচকিয়েই হ'ল পোলেন্ডৰ ভাগ্য বিধাতা।অতি ভয়াৱহ খেলুৱৈ।

সফলতা কেনেধৰনৰ : কোৱাৰ্টাৰ ফাইনেল খেলিলেই সফলতা পাব পোলেন্ডে।

কলম্বিয়া

শ্ৰেষ্ঠ বিশ্বকাপ : কোৱাৰ্টাৰ ফাইনেল (২০১৪)

কিদৰে যোগ্যতা অৰ্জন কৰিছিল: জজ পেকাৰমেনৰ দল যোৱাবাৰৰ ৪ৰ্থ স্থান প্ৰাপ্ত কলম্বিয়াই যোগ্যতা নিৰ্ণায়ক খেলৰ অন্তিম ৰাউণ্ডত জিকি যোগ্যতা লাভ কৰিছিল।

কি আশা কৰিব পাৰি: ২০১৪ বিশ্বকাপৰ সোণৰ বুট বিজয়ী জেমচ ৰ'ড্ৰিগেজৰ দেশ কলম্বিয়াৰ পৰা বহুত আশা নকৰিলেও নক আউট পৰ্য্যায়লৈ যোৱাটো নিশ্চিত।

তাৰকা কোন: ৰ'ড্ৰিগেজ , ৰাডামেল ফালাকাউ আৰু ৰেজুভেনেটড মনাকোৰ ওপৰতে সকলো নিৰ্ভৰশীল।

সফলতা কেনেধৰণৰ: যোৱাবাৰৰ দৰে পুনৰ কোৱাৰ্টাৰ ফাইনেল খেলিলেই সফল বুলি ক'ব পাৰি।

চেনেগাল

শ্ৰেষ্ঠ বিশ্বকাপ : কোৱাৰ্টাৰ ফাইনেল (২০০২)

কি দৰে যোগ্যতা অৰ্জন কৰিছে : বিতৰ্কিত খেলত দঃ আফ্ৰিকাক পৰাস্ত কৰি ৰাচিয়াৰ টিকত পাইছে চেনেগালে।অঘটন ঘটাই চমক দিব পাৰে চেনেগালে।

কি আশা কৰিব পাৰি : আফ্ৰিকাৰ শক্তিশালী দেশ চেনেগালত বহু প্ৰতিভাবান খেলুৱৈৰ সমাহাৰ ঘটিছে।

এই সকল খেলুৱৈ ভয়াৱস হৈ উঠিব পাৰে।

তাৰকা কোন : চেডিঅ' মানে নিঃসন্দেহে ভয়াৱহ খেলুৱৈ।ফৰ্মত থাকিলে যিকোনো প্ৰতিপক্ষক ধাৰাশাৰী কৰিব পাৰে।

সফলতা কেনেধৰনৰ : কোৱাৰ্টাৰ ফাইনেল খেলিবলৈ সমথ্য হলে সফল হব চেনেগাল।

জাপান

শ্ৰেষ্ঠ বিশ্বকাপ : ৰাউন্ড ১৬ (২০০২,২০১০)

কিদৰে যোগ্যতা অৰ্জন কৰিছে : অষ্ট্ৰেলিয়া,ছৌদি আৰবৰ দৰে দলৰ লগত সুন্দৰ প্ৰদৰ্শনেৰে ৰাচিয়া পাইছেহি জাপান।

কি আশা কৰিব পাৰি : জাপানে কোনোবাৰেই উন্নত প্ৰদৰ্শন দাঙি ধৰিব পৰা নাই যদিও এইবাৰ নতুন আশা লৈ ৰাচিয়া পাইছেহি।অঘটন সংঘটিত কৰিব পাৰে।

তাৰকা কোন : ডৰ্টমুন্দৰ মিডফিল্ডাৰ চিনজি কাগাৱা হৈছে জাপানৰ ভাগ্যবিধাতা।

সফলতা কেনেধৰনৰ : গ্ৰুপ ষ্টেজ পাৰ হব পৰাৰ থল আছে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com