বিহুৰ মাজতে ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি

বিহুৰ মাজতে ৰাজ্যত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰস্তুতি

লোকসভা নিৰ্বাচনৰ মাজতে উজনি অসমত সম্প্ৰতি দেখা গৈছে বিহুৰ প্ৰস্তুতি ৷ ইয়াৰ বিপৰীতে নামনি অসমত দেখা গৈছে লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ ছবি। বহু ৰাজনৈতিক দলৰ বিভিন্ন দলীয় নেতৃ বৃন্দৰ লগতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,নেডাৰ আহ্বায়ক তথা মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ,এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমল,বিটিচি মুখ্য হাগ্ৰামা মহিলাৰীৰ লগতে অন্যান্যসকলে ৰাজ্যত হ’ব লগা দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ কাৰণে শুক্ৰবাৰে প্ৰচাৰ কৰে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নগাঁৱৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ কাৰণে মৰিগাঁও,হাজো,কামপুৰ আৰু দক্ষিণপাটত নিৰ্বাচনী প্ৰচাৰ কৰি কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদুৎ বৰদলৈক কটাক্ষ কৰি কয় যে,প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ শাসনত থাঁকোতে বিদুৎ মন্ত্ৰী প্ৰদুৎ বৰদলৈক অসমৰ প্ৰত্যেকজন মানুহৰ ঘৰত বিজুলীৰ ব্যৱস্থা কৰিবলৈ দায়িত্ব দিছিল ৷ অৱশ্যে প্ৰদুৎ বৰদলৈ এই ক্ষেত্ৰত সম্পূৰ্ণ বিফল হয়।

গতিকে, কংগ্ৰেছ প্ৰথমতেই পৰাজয় হৈছে ৷ ৰাজ্যবাসীয়ে বিভিন্ন জনসাধাৰণৰ বিকাশ,সুৰক্ষা,শান্তি আৰু সদ্ভাৱৰ কাৰণে ভোটদান কৰিছে ৷ কংগ্ৰেছে এআইইউডিএফৰ সৈতে বুজা বুজিলৈ আগবাঢ়িছে ৷ কংগ্ৰেছৰ এনেধৰণৰ এটা দলৰ লগত বুজাবুজি আছে, যাৰ বাংলাদেশৰ লগত হিতৰ কাৰণে বহুত আগ্ৰহী। ইফালে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শিলচৰৰ প্ৰাৰ্থী ৰাজদ্বীপ ৰায় আৰু কৰীমগঞ্জৰ প্ৰাৰ্থী কৃপানাথ মল্লাহৰ কাৰণে ৰেলীত ভাগ লৈ মন্তব্য কৰে যে কংগ্ৰেছে ধূতি,সূতা আৰু ব্লেংকেটৰ ৰাজনীতি কৰিছে ৷

প্ৰথম পৰ্যায়ৰ কাৰণে হোৱা লোকসভা নিৰ্বাচনত বিজেপিয়ে প্ৰায় দুই লাখ ভোটত জয় লাভ কৰিব ৷ কলিয়াবৰ নিৰ্বাচন ক্ষেত্ৰত এজিপিৰ প্ৰাৰ্থীৰ জয়ী নিশ্চিত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে দলৰ প্ৰাৰ্থী আব্দুল খালেকৰ পক্ষত মন্তব্য কৰি কয় যে আমি অসমৰ ১৪ খন আসনৰ ভিতৰত ৮ খনত জয়ী লাভ কৰিম ৷ তেজপুৰ,কলিয়াবৰ, গুৱাহাটী,বৰপেটা,ধুবুৰী আৰু যোৰহাটৰ আসনত জয়ী হোৱাৰ আশা কৰিব পাৰি ৷ যদি কোনোৱে মন্তব্য কৰে যে মই ধূতি,লুঙীৰ ৰাজনীতি কৰিছোঁ ৷ তেন্তে মই এই কথা স্বীকাৰ কৰিছোঁ ৷কিন্তু মই লোকসকলৰ লাভৰ কাৰণে এই পদক্ষেপ হাতত লৈছোঁ ৷

এআইইউডিএফৰ সভাপতি বদৰুদ্দিন আজমলে ইউপিপিএলৰ প্ৰাৰ্থী ইজি ব্ৰহ্ম আৰু এআইইউডিএফৰ বৰপেটাৰ প্ৰাৰ্থী ৰফিকুল ইছলামৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ কৰে ।অন্যহাতে বিটিছি মুখ্য হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ প্ৰাৰ্থী কুইন ওঝাৰ কাৰণে বকোত নিৰ্বাচনী প্ৰচাৰ কৰে ৷ উল্লেখযোগ্য যে,নগাঁও,মংগলদৈ, স্বায়ত্ব শাসিত জিলা,শিলচৰ আৰু কৰিমগঞ্জত ১৮ এপ্ৰিলত হ’ব লগা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫০ জন প্ৰাৰ্থী আছে ৷ ইফালে ২৩ এপ্ৰিলত হ’ব লগা তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত গুৱাহাটী,বৰপেটা,ধুবুৰী আৰু কোকৰাঝাৰত ৫৪ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com