বিৰাট কোহলীৰ লগতে সময় অতিবাহিত কৰি আহি গতানুগতিক কৰ্মত ব্যস্ত অনুষ্কা শৰ্মা

বিৰাট কোহলীৰ লগতে সময় অতিবাহিত কৰি আহি গতানুগতিক কৰ্মত ব্যস্ত অনুষ্কা শৰ্মা

বলীউডৰ অভিনেত্ৰী অনুস্কা শৰ্মাই ইতিমধ্যে স্বামী বিৰাট কোহলীৰ লগত সময় অতিবাহিত কৰি আহিছে ৷ সম্প্ৰতি অভিনেত্ৰী গৰাকী নিজৰ গতানুগতিক কৰ্মসূচীলৈ উভতি আহিছে ৷ সততে চৰ্চাত থকা বলীউডৰ বিৰাট কোহলী অনুস্কা শৰ্মাৰ যুটিটোৱে তেওঁলোকৰ সুন্দৰ ফ’টোসমূহ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে ৷ সম্প্ৰতি,এই ফ’টোসমূহৰ জৰিয়তে বহু কথা শিকিব পাৰিছে বিৰাট অনুষ্কাৰ অনুৰাগীসকলে ৷ ইফালে,সম্প্ৰতি অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এটা ভিডিঅ’ আৰু ফ’টো শ্বেয়াৰ কৰিছে ৷অৱশ্যে,সততে দেখা যায় যে বি টাউনৰ চেলীব্ৰেটীসকলৰ এটা ভিডিঅ’ বা ফ’টো ভাইৰেল হ’বলৈ বেছি সময় নালাগে ৷এই ফ’টোখনত অনুষ্কাই ডেনিম জেকেটৰ পৰিধান কৰা দেখা গৈছে ৷

https://www.instagram.com/p/BtitekmnKY2/

ইফালে,অনুষ্কা শৰ্মা আৰু বিৰাট কোহলীয়ে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰি আহিছে ৷ আমোদজনক কথাটো এয়ে যে নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ পিছতেই হলীউডৰ এগৰাকী অভিনেত্ৰীৰ লগত হোৱা সাদৃশ্যই বাৰুকৈয়ে ব্যতিব্যস্ত কৰিছিল বিৰাট কোহলীক ৷আমেৰিকাৰ প্ৰসিদ্ধ গায়িকা-গীতিকাৰ জুলীয়া মাইকেল্সে নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এখন ফ’টো শ্বেয়াৰ কৰিছিল৷ কিন্তু আশ্চৰ্যপূৰ্ণ কথা এইটোৱে যে জুলীয়া মাইকল্সৰ এই ফ’টোখন শ্বেয়াৰ কৰাৰ পিছতে বলীউডৰ অনুৰাগীসকলৰ মনত এটাই প্ৰশ্ন যে, সচাঁকৈয়ে অনুষ্কা শৰ্মাই নিজৰ লুক পৰিৱৰ্তন কৰিলে নেকি? ন’হবনো কিয়,কাৰণ অনুষ্কা শৰ্মা আৰু জুলীয়া মাইকল্সৰ সাদৃশ্য দেখিলে আপুনিও দোমোজাত পৰিব ৷ কাৰণ অনুষ্কা আৰু জুলীয়া দেখিবলৈ প্ৰায় একে ৷ইফালে জুলীয়াৰ এগৰাকী অনুৰাগীয়ে জুলীয়া আৰু অনুষ্কাৰ সাদৃশ্যৰ বিষয়ে টুইট কৰে৷অনুৰাগী গৰাকীয়ে জুলীয়াক প্ৰশ্ন কৰে যে তেওঁ বলীউডৰ ষ্টাৰসকলৰ কথা শুনিছেনে ? তেতিয়া জুলিয়াই মন্তব্য কৰে যে জুলীয়াই তেওঁক ভালকৈ জানে ৷ তুলনা কৰাৰ কাৰণে ধন্যবাদ ৷

https://www.instagram.com/p/BtfcKYbneMB/

অন্যহাতে,জুলীয়া হৈছে গ্ৰেমী নামাংকৃত শিল্পী ৷ সম্প্ৰতি জুলীয়াৰ চেলেনা গোমেজৰ লগত এখন নতুন এলবাম Anxietyৰ উন্মোচন হয় ৷ইফালে জুলীয়াই অনুষ্কাৰ সন্দৰ্ভত জানিবলৈ উৎসুক বুলি জানিব পৰা গৈছে ৷সচাঁকৈয়ে অনুষ্কা শৰ্মা আৰু জুলীয়া মাইকেল্সৰ সাদৃশ্য দেখিলে হিন্দী ছবিৰ দৰেই মেলাত বিছিন্ন হৈ যোৱা দুগৰাকী ভগ্নীৰ কাহিনীৰ দৰে ।আমোদ জনক কথা যে জুলীয়া আৰু অনুষ্কাৰ সাদৃশ্যত প্ৰশ্নৰ সন্মুখীন হৈছে অনুষ্কাৰ শৰ্মাৰ স্বামী ক্ৰিকেটাৰ বিৰাট কোহলী ৷ কোনোৱে আকৌ বিৰাট কোহলীলৈ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া ভ্ৰমণ কৰাৰ পিছত অনুষ্কাই নিজৰ নাম পৰিৱৰ্তন কৰিলে নেকি বুলিও প্ৰশ্ন কৰে ৷

উল্লেখ্য যে বলীউডত নিজৰ সাৱলীল অভিনয়েৰে,নিজৰ দক্ষতাৰে নিজক প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা অনুষ্কা শৰ্মাই শেহতীয়াকৈ পিপুল্স ফৰ এথিকেল ট্ৰিটমেন্ট অফ এনিমেলছ(PETA)ৰ ৱেবচাইটৰ ভোটৰ অনুসৰি India's Hottest Vegetarians ৰ খিতাপ লাভ কৰে৷অৱশ্যে ২০১৫ চনত অনুষ্কাই এই খিতাপ লাভ কৰিছিল ৷ দুবাৰকৈ এই খিতাপ লাভ কৰা একমাত্ৰ মহিলা হিচাপে পৰিগণিত হৈছে অভিনেত্ৰী অনুষ্কা শৰ্মা ৷২০১৭ চনত পেটা ইণ্ডিয়াৰ পাৰ্চন অৱ দ্য ইয়েৰ খ্যাত অনুষ্কা শৰ্মাই পেটা ইণ্ডিয়াৰ কাৰণে এক বিজ্ঞাপনত অংশ লয় ৷ আৰু ঘোষণা কৰে যে "I Am Anushka Sharma,I'm a Vegetarian"৷

ইফালে অনুষ্কা শৰ্মাই জীৱ জন্তুসমূহৰ কাৰণে সততে বিভিন্ন পদক্ষেপ লৈ থকা কথাই চৰ্চা লাভ কৰি থাকে ৷ সদ্যহতে জীৱ জন্তু সুৰক্ষিত কৰিবৰ কাৰণে মুম্বাইৰ এক অঞ্চলত পশুৰ আশ্ৰয় গৃহ মুকলি কৰাৰ কাৰণে এক পদক্ষেপ লোৱাৰ কথা ঘোষণা কৰিছে অনুষ্কাই। লগতে জীৱ জন্তুসমূহৰ সুৰক্ষা কৰিবৰ কাৰণে বিভিন্ন জাগৰণ সম্বন্ধীয় প্ৰচাৰৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে অনুষ্কাই ৷ অভিনেত্ৰী অনুষ্কা শৰ্মাই নিৰামীষ আহাৰ খোৱাৰ ক্ষেত্ৰত কয় যে নিৰামীষ আহাৰ কোৱাৰ সিদ্ধান্তটো আছিল মোৰ জীৱনৰ আটাইতকৈ উচিত নিৰ্ণয় ৷ মই নিজেই বহুত স্বাস্থ্যবান অনুভৱ কৰোঁ ৷লগতে মোৰ খাদ্যৰ কাৰণে কোনো জীৱই আঘাত নোপোৱাটো মোৰ কাৰণ বহুত সুখৰ কথা ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com