ব্যস্ততাৰ মাজতে চাওঁ আহক সৰু পৰ্দাৰ সৰু সৰু খবৰ

ব্যস্ততাৰ মাজতে চাওঁ আহক সৰু পৰ্দাৰ সৰু সৰু খবৰ

সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক কছোটি জিন্দেগী কী ২ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত ৷ ইতিমধ্যে কছোটি জিন্দেগী কী২ ৰ পৰা হিনা খান অৰ্থাৎ কম’লিকাই বিদায় লোৱাৰ প্ৰসংগটো অনুৰাগীসকলে নিশ্চয় খবৰ পাইছে ৷কিন্তু তাৰ মাজতে প্ৰসিদ্ধ অভিনেত্ৰী হিনা খানক ধাৰাবাহিকখন এৰি নাযাবলৈ অনুৰোধ জনাইছে একতা কাপুৰে ৷ তাৰেই এটি ভিডিঅ’ই সম্প্ৰতি চৰ্চা লাভ কৰিছি চ’চিয়েল মিডিয়াত ৷ ভিডিঅ’টিৰ লগতে কেপচনত হিনা খানে লিখিছে She's sooo cute and she wants me to stay.

ইফালে সম্প্ৰতি হিনা খান কছোটি জিন্দেগী কীত জৰিত আছে যদিও অনতি পলমে হিনাই আৰম্ভ কৰিব বলীউডলৈ যাত্ৰা ৷ সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক কছোটি জিন্দেগী কী হৈছে শীৰ্ষত থকা ধাৰাবাহিকসমূহৰ ভিতৰত অন্যতম ৷ ইফালে কছোটি জিন্দেগী কীত হোৱা বিভিন্ন অভিজ্ঞতাৰ সন্দৰ্ভত ধাৰাবাহিকখনৰ নিৰ্মাতাসকলক ধন্যবাদ জ্ঞাপন কৰে হিনা খানে ৷ লগতে প্ৰত্যাহ্বানপূৰ্ণ এটি চৰিত্ৰত ইমান বিশ্বাসেৰে অভিনয় কৰিবলৈ সুযোগ দিয়াৰ কাৰণে হিনা খান কৃতজ্ঞ৷ কম’লিকা চৰিত্ৰটোক বাস্তৱ তথা সজীৱ কৰি ৰখাত সহায় কৰা ধাৰাবাহিকখনৰ প্ৰত্যেকজন কলা কুশলীলৈ ধন্যবাদ জনায় হিনা খানে।

সৰু পৰ্দাৰ চিনাকী মুখ তথা সততে চৰ্চাৰ শীৰ্ষত থকা প্ৰিয়াংক শৰ্মাক দেখিবলৈ পোৱা যাব ভাৰতী সিং আৰু স্বামী হৰ্ষৰ ধাৰাবাহিক অনুষ্ঠান খটৰা খটৰা খটৰাত ৷ বিগ বছ ১১ত অংশগ্ৰহণ কৰি চৰ্চালৈ আহিছিল প্ৰিয়াংক শৰ্মা ৷ইয়াৰ পিছতেই প্ৰিয়াংকাক দেখিবলৈ পোৱা গৈছিল হিনা খানৰ লগত কিটচ্চেন চেম্পিয়ন অনুষ্ঠানটিত ৷ ভাৰতী আৰু হৰ্ষৰ অনুষ্ঠানটি হৈছে কমেডীৰ ওপৰত আধাৰিত ৷ অনুষ্ঠানটি খতৰো কী খিলাড়ী ৯ ৰ প্ৰতিযোগী হৰ্ষ,ভাৰতী,ৰিডিমা পণ্ডিতৰ লগতে অন্যান্যসকলে অংশগ্ৰহণ কৰে ৷ অন্যহাতে প্ৰিযাংক শৰ্মাই গাৰ্ল ফেণ্ড দিব্যি আগৰৱালৰ কৰা ব্ৰেকআপৰ খবৰ নিশ্চয় প্ৰিয়াংকৰ অনুৰাগীসকলে জানে ৷

কিন্তু প্ৰিয়াংক শৰ্মাৰ অনুৰাগীসকলে প্ৰায়ে সহযোগ কৰে অভিনেতাজনক ৷ ইয়াৰ মাজতে প্ৰিয়াংক বেষ্ট ফেণ্ড হিনা খান ,ৰকী জয়ছোৱাল আৰু বিনাফছাৰ লগত প্ৰায়ে কৰা পাৰ্টিৰ ফ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হয়। তেওঁলোক আটাইকেইজনৰ বিশেষকৈ লগ হৈছিল বিগ বছ ১১ ৷ কিন্তু তেওঁলোকৰ মাজৰে লভ ত্যাগীয়ে হিনা খান আৰু প্ৰিয়াংক শৰ্মাক ইনষ্টাগ্ৰামত আনফ’ল’ কৰে ৷ আৰু সেই কথাই সম্প্ৰতি চৰ্চতি লাভ কৰিছিল অনুৰাগীসকলৰ মাজত ৷

বিগ বছ প্ৰেমীসকলৰ কাৰণে সুখবৰ ৷ কাৰণ বিগ বছ ১২ ৰ পিছত অনুষ্ঠানটিৰ কৰ্মকতা সকলে সম্প্ৰতি ল’নাৱলাত বিগ বছৰ প্ৰস্তুটি অব্যাহত ৰাখিছে। এই কথা প্ৰকাশ কৰিছে বিগ বছ অনুষ্ঠানটিৰ পৰিচালক ওমংগ কুমাৰে। ইফালে বিগ বছ ১২ ত জয়ী হৈছিল প্ৰসিদ্ধ অভিনেত্ৰী দীপিকা কাক্কৰ ৷ ইফালে প্ৰত্যেক বছৰে বিভিন্ন ধৰণৰ থিম লৈ বিগ বছ অনুষ্ঠানটি দৰ্শকৰ মাজলৈ অনা হয় । গতিকে চলিত বৰ্ষত বিগ বছ কেনেদৰে চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজলৈ আহিব সেয়াহে হ’ব লক্ষ্যনীয় ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com