বৰদিন উপলক্ষে আমাজনে গ্ৰাহকসকলক দিছে বিশেষ অফাৰ ;কিন্তু কি এই অফাৰ ?

বৰদিন উপলক্ষে আমাজনে গ্ৰাহকসকলক দিছে বিশেষ অফাৰ ;কিন্তু কি এই অফাৰ ?

সমাগত বৰদিন ৷ চলিত বৰ্ষত অনলাইন শ্ব’পিং ৱেবচাইট আমেজন ব্যৱহাৰকাৰী সকলৰ কাৰনে হ’ব বিশেষভাৱে লক্ষ্যনীয় ৷২৫ ডিচেম্বৰত উদযাপন কৰিব লগীয়া বৰদিনৰ উপলক্ষে আমাজনত উপলব্ধ হ’ল "খ্ৰীষ্টমাছ ট্ৰি" ৷ এজন "আমাজন"ৰ গ্ৰাহকে ৬ ৰ পাৰ ৭ জোপা খ্ৰীষ্টমাছ ট্ৰি ক্ৰয় কৰিব পাৰিব ৷খ্ৰীষ্টমাছ ট্ৰি "আমাজন"ত অৰ্ডাৰ দিয়া সাত দিনৰ ভিতৰত গ্ৰাহকে ল’ব পাৰিব৷ ইফালে,"আমাজন"ত বৰদিনকে আদি কৰি বিভিন্ন উৎসৱসমূহত দিয়া অফাৰসমূহ গ্ৰাহক বঢ়াবৰ কাৰণে লোৱা প্ৰচেষ্টা ৷ এই অফাৰসমূহে আমাজনৰ অৰ্থনৈতিক দিশটোত প্ৰভাৱ পেলোৱাৰ লগতে গ্ৰাহকৰ সংখ্যা বৃদ্ধি কৰিব ৷

অন্যহাতে ’আমাজন’"জৰিয়তে ঘৰতে খ্ৰীষ্টমাছ ট্ৰী উপলব্ধ হোৱা প্ৰসংগত বিভিন্ন লোকে ইয়াৰ বিৰোধিতা কৰিছে। কিছুসংখ্যক লোকৰ ভাষ্য অনুসৰি, জনসাধাৰণক স্থানীয় বজাৰ বা যিকোনো ঠাইত পোৱা খ্ৰীষ্টমাছ ট্ৰীয়ে যি আনন্দ দিয়ে আমাজনে সেই আনন্দ দিব নোৱাৰে ৷ লগতে কয় যে, আমাজনত উপলব্ধ খ্ৰীষ্টমাছ ট্ৰীয়ে উৎসৱৰ আনন্দ তথা ৰীতি নীতিত ব্যাঘাত জন্মাইছে ৷

ইয়াৰ বিপৰীতে আমাজনে খ্ৰীষ্টমাছ উপলক্ষে "খ্ৰীষ্টমাছ ট্ৰী"যোগান ধৰি গ্ৰাহকসকলৰ বৰদিনটো বিশেষভাৱে লক্ষ্যনীয় কৰি তুলিব বিচাৰিছে। গ্ৰাহকসকলক অনলাইনত খ্ৰীষ্টমাছ ট্ৰী যোগান ধৰোতে যাতে গছজোপাৰ কোনো ক্ষয় ক্ষতি নহয় তাৰ কাৰণে কৰিছে বিশেষ ব্যৱস্থা ৷ খ্ৰীষ্টমাছ গছ জোপা এটা ইক’ফ্ৰেণ্ডলী বাকচত পঠোৱা হ’য় ৷ বাকচটোৰ দৈঘ্য প্ৰায় ১ ৰ পৰা ৭ ফুট ৷লগতে খ্ৰীষ্টমাছ গছজোপাৰ দাম গছজোপাৰ আকাৰ অনুযায়ী হ’ব ৷এজোপা খ্ৰীষ্টমাচ গছৰ দাম প্ৰায় ১৪০০ ৰ পৰা ৮০০০ টকা পৰ্যন্ত হ’ব।

উল্লেখ্য যে,গ্ৰাহকক খ্ৰীষ্টমাছ ট্ৰী"যোগান ধৰিবলৈ আমাজনে কেলিফৰ্ণিয়াস্থিত চেন্টা ফাৰ্মৰ লগত চুক্তি কৰিছে । উল্লেখ্য যে,"আমাজন"ৰ অনলাইন শ্ব’পিঙত খ্ৰীষ্টমাছ ট্ৰী উপলব্ধ হোৱা বিষয়টোক সম্প্ৰতি ছ’চিয়েল মিডিয়াত যথেষ্ট চৰ্চা লাভ কৰিছে।অনলাইনত খ্ৰীষ্টমাছ ট্ৰী ক্ৰয় কৰাৰ প্ৰসংগত এজন গ্ৰাহকে কয় যে,বিভিন্ন উৎসৱৰ লগত জড়িত এনে ধৰণৰ সামগ্ৰীবোৰে উৎসৱৰ পৰম্পৰাত ব্যাঘাত জন্মায় ৷কাৰণ বৰদিনত সেই গছজোপা নিজে ক্ৰয় কৰাৰ মজায় বেলেগ ৷এনেধৰণৰ অনলাইন শ্ব’পিং ৱেৱচাইটসমূহে মানুহক ঘৰতে সকলোবস্তু উপলব্ধ কৰায় কিন্তু মানুহৰ উৎসৱৰ প্ৰতি থকা আৱেগ অনুভূতিত আঘাত দিয়ে ৷ কিন্তু যিয়েই নহঁওক,অনাগত দিনত যে "আমাজন" ত বিভিন্ন উৎসৱৰ লগত জড়িত অন্যান্য সামগ্ৰী উপলব্ধ হ’ব সেয়া সহজেই অনুমেয় ৷

অন্য খবৰৰ বাবে পঢ়ক:বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com