ভাৰতীয় মহিলাৰ সহৃদয়তা;বুলেট ট্ৰেইন আঁচনিৰ কাৰণে দান কৰিলে ভূমি

ভাৰতীয় মহিলাৰ সহৃদয়তা;বুলেট ট্ৰেইন আঁচনিৰ কাৰণে দান কৰিলে ভূমি

এগৰাকী ভাৰতীয় মূলৰ মহিলা ৷নাম সবিতা বেন ৷জাৰ্মানৰ বাসিন্দা ভাৰতীয় মূলৰ সবিতা বেন সম্প্ৰতি সকলোৰে মাজত পৰিচিত ৷কাৰণ সবিতা গুজৰাটত থকা পৈতৃক সম্পত্তি মুম্বাই আহমদাবাদক সংযোগ কৰিব লগীয়া বুলেট ট্ৰেইন প্ৰজেক্ট কাৰণে দান কৰে ৷শুক্ৰবাৰে এই তথ্য দিয়ে,নেশ্যনেল হাইস্পীড ৰেল ক’ৰপোৰেছন লিমিটেডৰ(NHSCRL)এজন সদস্যই ৷

ইফালে,এই আঁচনিখনৰ কাৰণে প্ৰথমবাৰৰ কাৰণে গুজৰাটত ভূমি অধিগ্ৰহণ কৰা হ’ব ৷অন্যহাতে গুজৰাটৰ চনচাহ গাঁৱৰ বাসিন্দা সবিন বেন ।কিন্তু বিবাহ সূত্ৰে জাৰ্মানীৰ বাসিন্দা ৷প্ৰায় ৩৩ বছৰৰ পূৰ্বেই সবিতা বেনৰ বিয়াৰ হৈছিল ৷ চনচাহ গাঁৱত প্ৰায় ৭১ বিঘা মাটিৰ মালিক সবিতা বেন৷ইয়াৰে সবিতা বেনে প্ৰায় ১১.৯৪ বিঘা মাটি NHSCRLক দান কৰে।এই মাটি NHSCRL ক দান কৰিবৰ কাৰণে ভাৰত আহে যদিও আকৌ জাৰ্মানীলৈ যায়গৈ সবিতা বেন৷

সম্প্ৰতি বুলেট ট্ৰেইন প্ৰজেক্ট তৈয়াৰ কৰিবৰ কাৰণে প্ৰয়োজনীয় মাটিক লৈ চিন্তিত হৈ পৰিছে নেশ্যনেল হাইস্পীড ৰেল ক’ৰপোৰেছন লিমিটেডৰ সদস্যসকল৷কাৰণ আঁচনিখন তৈয়াৰ কৰিবৰ কাৰণে প্ৰয়োজন বহু বিঘা ভূমিৰ ৷

অন্য খবৰৰ বাবে পঢ়ক: বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com