"ভাৰত ৰত্ন" সন্মানক লৈ প্ৰতিক্ৰিয়া ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ

"ভাৰত ৰত্ন" সন্মানক লৈ প্ৰতিক্ৰিয়া ড° ভূপেন হাজৰিকাৰ পুত্ৰ তেজ হাজৰিকাৰ

সূধাকণ্ঠ ড° ভূপেন হাজৰিকাক ভাৰত ৰত্ন দিয়াক লৈ প্ৰতিক্ৰিয়া কৰিছে ৰাজ্যৰ বিভিন্ন মহলে ৷ তেনে সময়তে প্ৰয়াত ড° ভূপেন হাজিকাৰ পুত্ৰ তেজ হাজৰিকাই এক বিবৃত্তি যোগে প্ৰকাশ কৰে যে অসংখ্য সংবাদ মাধ্যমে মোক প্ৰশ্ন কৰিছে যে মই মোৰ পিতৃক অৰ্পণ কৰা ভাৰত ৰত্ন গ্ৰহণ কৰিম নে নকৰিম ৷ এই প্ৰশ্নৰ উত্তৰত মই মন্তব্য দিব বিচাৰো যে,এই সন্দৰ্ভত মই এতিয়ালৈকে কোনো ধৰণৰ নিমন্ত্ৰণ পোৱা নাই ৷লগতে অস্বীকাৰ কৰিবলৈও একোৱেই নাই ৷ বিধেয়ক খনক লৈ কেন্দ্ৰীয় চৰকাৰ যিদৰে আগবাঢ়িছে সেইটোৱে ভাৰত ৰত্নক দৰে বিষয়টোক উপেক্ষা কৰিছে ৷

ড° ভূপেন হাজৰিকাৰ এজন পুত্ৰ হিচাপে মই কওঁ যে অসমৰ লোকসকল আৰু পূৰ্বোত্তৰৰ ৰাজ্য কেইখনত মোৰ পিতৃৰ নাম আৰু শব্দ আছে ৷ এই ৰাজ্যকেইখন সকলোতকৈ লোকপ্ৰিয় ,সাংস্কৃতিক আৰু সামাজিক ৰাজনৈতিক সকলো দিশৰ পৰা উন্নত ৷ ইফালে নাগৰিকত্ব সংশোধনী বিধেয়ক লৈ সম্প্ৰতি ৰাজ্য উত্তাল হৈ আছে ৷ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ বাবে মোডী চৰকাৰে ড° ভূপেন হাজৰিকাই ভাৰত ৰত্ন আগবঢ়াইছে ৷লগতে তেজ হাজৰিকাই কয় যে মই বিদেশত থাকিও অসমৰ প্ৰতিটো খবৰ ৰাখিছোঁ ৷আমাৰ পৰিয়ালে সিদ্ধান্ত লৈছো যে আমি এই সন্মান গ্ৰহণ নকৰোঁ। সম্প্ৰতি বিধেয়ক খনৰ বিৰোদ্ধে গণ প্ৰতিবাদ হৈছে ৷উল্লেখ্য যে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসত সুধাকণ্ঠ প্ৰয়াত ড° ভূপেন হাজৰিকালৈ ভাৰত ৰত্ন আগবঢ়াইছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com