পাকিস্তানৰ নাগৰিকে লাভ কৰিব মাত্ৰ ৩ মাহৰ ভিছা: আমেৰিকাৰ চৰকাৰ

পাকিস্তানৰ নাগৰিকে লাভ কৰিব মাত্ৰ ৩ মাহৰ ভিছা: আমেৰিকাৰ চৰকাৰ

আমেৰিকাৰ চৰকাৰে পাকিস্তানৰ নাগৰিকৰ ভিছাৰ সময়সীমা হ্ৰাস কৰিছে । পুৰ্বতে পাকিস্তানৰ নাগৰিকৰ ভিছাৰ সময়সীমা আছিল ৫ বছৰ। পাকিস্তানৰ নাগৰিকৰ ভিছাৰ সময়সীমা ৫ বছৰৰ পৰিবৰ্তে ৩ মাহলৈ হ্ৰাস কৰিলে আমেৰিকাৰ চৰকাৰে। পাকিস্তানৰ নাগৰিকৰ লগতে পাকিস্তানী সাংবাদিকৰ ক্ষেত্ৰতো ভিছাৰ এই নতুন সময়সীমা প্ৰযোজ্য হ'ব ।

আমেৰিকাৰ দ্ৰুতভাষাৰ প্ৰবক্তাই এই তথ্য প্ৰকাশ কৰিছে । লগতে আমেৰিকাৰ চৰকাৰে পাকিস্তানৰ নাগৰিকৰ ভিছাৰ আবেদনৰ মাছুলো বৃদ্ধি কৰিছে । আমেৰিকাৰ চৰকাৰৰ নতুন নিৰ্দেশৰ পাছত পাকিস্তানৰ চৰকাৰে আমেৰিকাৰ নাগৰিকৰ বাবে ভিছাৰ সময়সীমা হ্ৰাস কৰাৰ লগতে আবেদনৰ মাছুলো বৃদ্ধি কৰে ।

বিগত বৰ্ষত পাকিস্তানে আমেৰিকাৰ ৰাষ্ট্ৰদূতক পাকিস্তান ভ্ৰমণৰ ক্ষেত্ৰত কিছু বাধা আৰোপ কৰিছিল । তাৰ পাছত আমেৰিকাৰ চৰকাৰেও পাকিস্তানৰ ৰাষ্ট্ৰদূতৰ ক্ষেত্ৰত একে নীতি ধাৰ্য কৰিছিল । আমেৰিকাৰ দ্ৰুতভাষাৰ প্ৰবক্তাই এই তথ্য দিছে । উল্লেখযোগ্য পুলোৱামা কাণ্ডৰ পাছত পাকিস্তানক বিশ্ব ৰাষ্ট্ৰ সমুহে নিন্দা কৰিছিল । সকলো ৰাষ্ট্ৰই ভাৰতক সমৰ্থন কৰিছিল । তাৰ পাছত আমেৰিকাৰ চৰকাৰে পাকিস্তানৰ নাগৰিকৰ ভিছাৰ সময়সীমা ৫ বছৰৰ পৰিবৰ্তে ৩ মাহলৈ হ্ৰাস কৰিলে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com