ভোটৰ দ্বাৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ বাতিলৰ পদক্ষেপ আছুৰ লগতে নেছোৰ

ভোটৰ দ্বাৰা নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ বাতিলৰ পদক্ষেপ আছুৰ লগতে নেছোৰ

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ক লৈ সমগ্ৰ অসম উত্তাল হৈ থকাৰ সময়তে আছুৰ সহিতে উত্তৰ পূব ছাত্ৰ সংগঠন অৰ্থাৎ নেছোৰ প্ৰতিনিধি মণ্ডল উপস্থিত হৈছিল গৈ দিল্লীত। প্ৰতিনিধি মণ্ডলৰ স্পষ্ট মত যে কেতিয়াও বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিল মানি লোৱা নহব।সেয়েহে ৰাষ্ট্ৰীয় তথা বিভিন্ন দল সমূহৰ লগত সাক্ষাৎ কৰি ৰাজ্যসভাত যাতে বিধেয়কখন গৃহীত নহয়,তাৰ কাৰণে বিধেয়কখনৰ বিৰুদ্ধে ভোট একত্ৰিত কৰা।ইফালে আছু,নেছো আৰু অন্যান্য প্ৰতিনিধি মণ্ডলে ভোটদানৰ দ্বাৰা নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিল কৰিবলৈ জোৰদাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । পূৰ্বোত্তৰৰ ছাত্ৰ সংগঠন আৰু অন্যান্য ৰাজনৈতিক দলৰ নেতা সকলে সম্প্ৰতি নাগৰিকত্ব সংশোধনী বিধেয়ক যাতে কোনো কাৰণতে গৃহীত নহয় । অন্যহাতে বিধেয়কখন যাতে ৰাজ্যসভাত গৃহীত নহয় তাৰ কাৰণে সকলোকে উপস্থিত থাকিবৰ কাৰণে আহ্বান জনাইছে ছাত্ৰ সংগঠন কেইটাই ।

আছুৰ লগতে নেছোৰ সংগঠন কেইটাই বিধেয়খনৰ বাতিলৰ সন্দৰ্ভত জেডিৰ নেতা কেচি ত্যাগী,এছ পি জাভেদ আলী খান,ডিএমকে এমপি টি শিৱা,বিপিএফৰ এমপি বিশ্বজিৎ দৈমাৰীৰ লগতে অন্যান্য নেতা সকলক সাক্ষাৎ কৰে ।বিতৰ্কিত বিধেয়ক খনৰ সন্দৰ্ভত জেডিৰ নেতা কেচি ত্যাগীয়ে কয় যে এনডিএৰ লগত থাকিও ,আমি বিতৰ্কিত বিধায়ক খনক ৰাজ্যসভাত গৃহীত হোৱাত বাধা প্ৰদান কৰিম ।লগতে অন্য দলৰ ৰাজনৈতিক নেতা সকলকো বিধেয়ক খন বাতিল কৰিবলৈ একত্ৰিত হ'বলৈ সাক্ষাৎ কৰিছো ।

বিধেয়ক খনৰ সম্পৰ্কত প্ৰতিনিধিমণ্ডলৰ লগত হোৱা সাক্ষাৎত বিশ্বজিৎ দৈমাৰীয়ে কয় যে বিধেয়কখনক ভোটদানৰ কাৰণে ৰখা হ'ব।গতিকে এই সন্দৰ্ভত পাৰ্টীয়ে সিদ্ধান্ত ল'ব।লগতে বিশ্বজিৎ দৈমাৰীয়ে কয় যে এই সিদ্ধান্ত উত্তৰ পূবৰ লোকসকলৰ হিতৰ কাৰণে হ'ব ।বিধেয়ক খনৰ সম্পৰ্কত জাভেদ আলীয়ে কয় যে আমি জেপিচিটো বিধেয়কখনৰ বিৰোধিতা কৰিছিলো,সম্প্ৰতি ৰাজ্যসভাতো কৰিম।অন্যহাতে প্ৰতিনিধিমণ্ডলত নেছোৰ সভাপতি চেমুৱেল বি জিৰৱা,সাধাৰণ সম্পাদক চাইনম প্ৰকাশ আৰু উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য,আছু সভাপতি দীপাংক কুমাৰ নাথ,সাধাৰণ সম্পাদক লুৰীণ জ্যোতি গগৈ,খাছী ছাত্ৰ সন্থা,সদৌ মণিপুৰ ছাত্ৰ সন্থা,নগা ছাত্ৰ সন্থা,ত্ৰিপুৰা ছাত্ৰ সন্থা,গাৰো ছাত্ৰ সন্থা আদি উপস্থিত আছিল ।উল্লেখ্য যে,বিয়লি মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু উত্তৰ পূবৰ বিভিন্ন ৰাজনৈতিক নেতাসকলৰ লগত এখন বৈঠক অনুষ্ঠিত কৰে । লগতে কেন্দ্ৰীয় চৰকাৰক স্পষ্ট কৰি দিয়ে যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰালৈকে প্ৰতিবাদ অব্যাহত ৰাখিব ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com