মই কেটৰীনাৰ কাৰণে ভাইজান নহয়ঃ বলীউডৰ ভাইজান ছলমান খান

মই কেটৰীনাৰ কাৰণে ভাইজান নহয়ঃ বলীউডৰ ভাইজান  ছলমান খান

বলীউডৰ ভাইজান ছলমান খান আৰু অভিনেত্ৰী কেটৰীনা কাইফে আজি ভাৰত ছবিৰ ’জিন্দা" সংগীতটি মুকলি কৰে ৷ ছলমান খান আৰু কেটৰীনা কাইফক প্ৰায়ে অন স্কীণ আৰু অফ স্কীণ দুয়োটাতে সুন্দৰ কেমেষ্ট্ৰীৰে দেখা যায় ৷ব্যতিক্ৰম নহয় এইবাৰো ৷ কাৰণ ভাৰত ছবিৰ জিন্দা গীতটি মুকলি অনুষ্ঠানত ছলমান আৰু কেটৰীনাৰ মাজত যে এটি সুন্দৰ কেমেষ্ট্ৰী আছে,সেই কথাত সন্মতি জনালে চলমান খানে ৷

অন্যহাতে ছলমান খানে দেশী গাৰ্ল প্ৰিয়াংকা চোপ্ৰাক ৰাষ্ট্ৰীয় পুৰস্কাৰৰ সম্ভাৱনা থকা ভাৰত ছবিৰ মুখ্য চৰিত্ৰটোত অভিনয় নকৰাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰে। কাৰণ প্ৰিয়াংকা চোপ্ৰাই নাকচ কৰা এই চৰিত্ৰটোত অভিনয় কৰিছে কেটৰীনা কাইফে। ইফালে কেটৰীনাক এই বিশেষ চৰিত্ৰটোৰ সম্পৰ্কত প্ৰশ্ন কৰাৰ লগতে ছলমান খানক ভাইজান নামেৰে সম্বোন্ধিত কৰে ৷

কিন্তু?কেটৰীনাই এই প্ৰসংগত মন নিদিলেও চলমান খানে কয় যে মই কেটৰীনাৰ কাৰণে ভাইজান নহয় ৷লগতে এগৰাকী ব্যক্তিক উদ্দেশ্য কৰি কয় যে পাজী,মই কেটৰীনাৰ কাৰণে ভাইজান নহয় । লগতে ছলমানে কেটৰীনাক উদ্দেশ্য কৰি কয় কব’টো নোৱাৰি ভাইজান বুলিও ক’ব পাৰে ৷ অন্যহাতে কেটৰীনা আৰু ছলমান খানৰ মাজত হাস্য মধুৰ কথা বতৰা শেষ হোৱা নাছিল ।

কাৰণ যদিহে কেটৰীনাই ভাইজান বুলি নামাতে,তেতিয়া কি বুলি মাতিব বুলি প্ৰশ্ন কৰাত ছলমান খানে কয় যে মেৰী জান বুলি কয় ৷ উল্লেখ্য যে,বলীউডৰ অভিনেতা ছলমান খানৰ যেতিয়া ছবিয়ে মুক্তি লাভ কৰে তেতিয়া এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হয় ।ছলমান খানৰ ছবিসমূহ ঈদত মুক্তি দিয়াটো যেন সকলোৰে কাৰণে এক বৃহৎ প্ৰতীক্ষা ৷

কিন্তু কেটৰীনা কাইফ আৰু ছলমান খানৰ অভিনীত ভাৰত ছবিখনৰ মুক্তিৰ দিনটো সম্প্ৰতি ছবিখনৰ নিৰ্মাতা তথা কলা কুশলী সকলৰ কাৰণে প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিছে ৷ কাৰণ ছবিখনৰ মুক্তিৰ দিনৰ পৰাই আৰম্ভ হ’ব বিশ্ব কাপ । এই সন্দৰ্ভত আলী আব্বাছ জাফাৰে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে যে ভাৰতে প্ৰথমখন খেল খেলিব আৰু আমাৰ ছবিখনেও ছবিগৃহত পদাৰ্পন কৰিব ৷

জুন মাহতো মনোৰঞ্জনৰ কাৰণে এক বিশেষ দিন ৷ যেতিয়া আমি ছবিখন মুক্তি দিয়াৰ কথা ঘোষণা কৰিছিলো তেতিয়া বিশ্ব কাপৰ কাৰ্যক্ৰমৰ তালিকা মুকলি কৰা নাছিল ৷ গতিকে এইটো এটা সংযোগ যে ভাৰতৰ প্ৰথমখন মেচ আৰু ঈদ একে সময়তে অনুষ্ঠিত হ’ব ৷

বলীউডৰ মুক্তিৰ অপেক্ষাত থকা ছবি ভাৰত”ৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা শেহতীয়া চলমান খানৰ এখন ফ’টো শ্বেয়াৰ কৰিছে অতুল অগ্নিহোত্ৰীয়ে। ফ’টো খনত ছলমান খানক বগা কুৰ্তা পায়জামা পৰিধান কৰি থকা দেখিবলৈ পোৱা গৈছে ৷সম্প্ৰতি ভাৰত ছবিৰ দৃশ্য গ্ৰহণ স্থলীৰ পৰা বিভিন্ন ফ’টো আৰু ভিডিঅ’ই অনুৰাগীসকলৰ মাজত উৎসুকতা প্ৰকাশ কৰিছে । ভাৰত ছবিত ছলমান খানৰ বিভিন্ন প’ষ্টাৰৰ পিছত শেহতীয়াকৈ অনুৰাগী সকলৰ মাজলৈ আহিছে ভাৰত ছবিৰ ট্ৰেইলৰ ৷ ছবিখনত অভিনেত্ৰী কেটৰীনা কাইফৰ লুকে বিশেষকৈ চৰ্চা লাভ কৰিছে ।

ছবিখনত অভিনেত্ৰী কেটৰীনা কাইফো বয়োজেষ্ঠ্য মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ মনকৰিব লগীয়া যে সকলো মেক আপ আৰ্টিছৰ লগতে ষ্টাইলিষ্টে কেটৰীনাক সজাঁওতে প্ৰায় দুঘন্টা সময় লাগিছিল ৷ এক সাক্ষাৎকাৰত কেটৰীনাৰ ষ্টাইলিষ্ট বীৰা কাপুৰে কয় যে কেটৰীনা কাইফৰ এই ষ্টাইল অভিনেত্ৰী নুতনৰ পৰা পাইছিল ৷ ৬০ আৰু ৭০ দৰ্শকৰ বলীউডৰ অভিনেত্ৰী নুতন আছিল যথেষ্ট জনপ্ৰিয় ৷ বীৰা কাপুৰে কয় যে আমি যথেষ্ট পুৰণি হিন্দী ছবি প্ৰত্যক্ষ কৰিছো ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com