মডেল ক'ড অব ক'ণ্ডাকৰ নীতি উলংঘা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে: তৰুণ গগৈ

মডেল ক'ড অব ক'ণ্ডাকৰ নীতি উলংঘা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে: তৰুণ গগৈ

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ অসমত নিৰ্বাচনী প্ৰচাৰ চলাই মডেল ক'ড অব ক'ণ্ডাকৰ নীতি উলংঘা কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে লোকসভা নিৰ্বাচনৰ ভোটদান কৰি এই মন্তব্য কৰে । অসমৰ ৫ টা লোকসভা সমষ্টি ত ভোট গ্ৰহণ চলি থকা সময়ত ৰাজ্যত প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই মডেল ক'ড অব ক'ণ্ডাকৰ নীতি উলংঘা কৰিছে বুলি প্ৰকাশ কৰে ।

লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী গৰাকীয়ে কাইলৈ অৰ্থাৎ শুকুৰবাৰে নিৰ্বাচনী প্ৰচাৰ চলাব পাৰিলে হয় । লগতে শ্বহীদৰ নাম লৈ নিৰ্বাচনী প্ৰচাৰৰ চলোৱাতো মডেল ক'ড অব ক'ণ্ডাকৰ বিৰোধী বুলি প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ দুখন ঠাইত নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰে । কামৰূপ জিলাৰ কেন্দুকনা আৰু শিলচৰত নিৰ্বাচনী প্ৰচাৰৰ চলাই । ১৮ এপ্ৰিলত অনুষ্ঠিত হব লগা দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনী প্ৰচাৰ চলাই ।

কংগ্ৰেছৰ নেতা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে যে বিজেপিয়ে নিৰ্বাচনক লৈ শংকিত হৈছে সেয়েহে প্ৰধানমন্ত্ৰী মোদী অসমলৈ বাৰম্বাৰ আহিছে । প্ৰধানমন্ত্ৰী মোদীয়ে নিজকে চকীদাৰ বুলি অভিহিত কৰিছে তেনে দেশৰ ধন লৈ উধাও হোৱা ব্যক্তিৰ পৰা কিয় ধন ঘূৰাই আনিবলৈ সক্ষম হোৱা নাই বুলি প্ৰশ্ন কৰে তৰুণ গগৈয়ে ।

ৰাজ্যত তিনিটা পৰ্যায়ত হব লোকসভা নিৰ্বাচন। আজি অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায় ভোট গ্ৰহণ । ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com