মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশেষ টুইট

মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশেষ টুইট

সমাগত লোকসভা নিৰ্বাচনত তেজপুৰ সমষ্টিৰ পৰা ড° হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ সম্পৰ্কে চৰ্চা হৈ থকাৰ সময়তে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে বৃহস্পতিবাৰে টুইটাৰ যোগে প্ৰকাশ কৰে যে ড° হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সিদ্ধান্ত দল তথা অসমৰ হিতৰ কাৰণে লোৱা হৈছে । অসম নিৰ্বাচন চয়ন সমিতি আৰু অসমৰ বিজেপিৰ সদস্যই লোকসভা নিৰ্বাচনৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাৰ নাম উপস্থাপন কৰিছিল ৷ কিন্তু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব বৰ্গৰ পৰামৰ্শ অনুসৰি উত্তৰ পূবৰ গণতান্ত্ৰিক মিত্ৰতাই হিমন্ত বিশ্ব শৰ্মাক অসমৰ এজন মন্ত্ৰী হিছাপে আৰু নেডাৰ আহ্বায়ক হিছাপে অধিস্থিত কৰি ৰাখিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰে ৷

অমিত শ্বাহে লগতে উল্লেখ কৰে যে আশা কৰা হৈছে এই সিদ্ধান্তত অসম আৰু উত্তৰ পূবৰ প্ৰগতি আৰু উন্নয়ণ আদি সকলো দিশত সহায় কৰিব। ইফালে অমিত শ্বাহৰ টুইটক ধন্যবাদ জনায় মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে আদৰনীয় অমিত মহোদয়, আপুনি মোৰ প্ৰতি দেখুওৱা বিশ্বাসৰ কাৰণে মই চিৰ কৃতজ্ঞ ৷ মই বিনম্ৰতাৰে আপোনাৰ সিদ্ধান্তক স্কীকাৰ কৰিছোঁ ৷ নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী হিছাপে পাবৰ কাৰণে যিসময়ত সকলো উৎসাহিত হৈ আছে ৷ সেই সময়ত উত্তৰ পূবে আপোনাক নিৰাশ নকৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com