মানৱীয়তাৰ জয়গান গাইছে ২০১৯-২০ৰ বাজেটেঃ ড° হিমন্ত বিশ্ব শৰ্মা

মানৱীয়তাৰ জয়গান গাইছে ২০১৯-২০ৰ বাজেটেঃ ড° হিমন্ত বিশ্ব শৰ্মা

বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ২০১৯-২০ৰ বাজেটক লৈ সম্প্ৰতি শাসক বিৰোধীৰ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ শুক্ৰবাৰে বিধানসভাত বাজেটক লৈ হোৱা আলোচনাৰ সময়ত বিৰোধীয়ে বাজেটখনক নিৰ্বাচনমুখী বুলি মন্তব্য কৰে ৷ ইয়াৰ পিছতেই বিৰোধীৰ বাজেটক লৈ কৰা সকলো অভিযোগ অস্বীকাৰ কৰি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে অসম বিধান সভাত কয় যে ২০১৯-২০ বৰ্ষৰ বাজেটখন হৈছে মানৱীয় বাজেট তথা জনতাৰ বাজেট ৷

লগতে মন্ত্ৰী ড° শৰ্মাই উল্লেখ কৰে যে ১৪ সংখ্যক বিত্ত আয়োগে ৩৪,০০০ কোটি টকা পুৰস্কাৰ হিচাপে ৰাজ্যৰ কাৰণে আগবঢ়াইছে ৷ বিৰোধীৰ সকলো অভিযোগ খণ্ডন কৰি মন্ত্ৰী ড° শৰ্মাই কয় যে,এই বাজেটখন নিৰ্বাচনমুখী বাজেট নহয়৷বাজেটখনৰ প্ৰত্যেকটো পৰিকল্পনাৰ অন্তৰালত একোটা উদ্দেশ্য নিহিত হৈ আছে৷এই সন্দৰ্ভত এজনী যুৱতীৰ বিবাহৰ সময়ত এতোলা সোন প্ৰদান কৰা কথাটো ল’লে দেখা যায় যে,যিসকল লোকে এই আঁচনি খনৰ সুবিধা লাভ কৰিব বিচাৰে,তেওঁলোকে নিজৰ জী অথবা ভগ্নীৰ বিবাহ অনুষ্ঠিত কৰিব ৷ লগতে এনে ধৰণৰ পদক্ষেপে যুৱতীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিব ৷পুৰুষেও সততে পত্নীক তালাক দিয়াৰ পদক্ষেপ হ্ৰাস পাব ৷

অন্যহাতে মন্ত্ৰী ড° শৰ্মাই কয় যে আমি দেৱালয়সমূহৰ বিকাশ সাধন কৰিব বিছাৰিছোঁ ৷এই বিকাশ নিৰ্বাচনত জয়ী হ’বৰ কাৰণে লোৱা নাই ৷ আমি বিধবাসকলক সহায় কৰিব বিচাঁৰিছোঁ ৷এইয়া মা সকলৰ কাৰণে আমাৰ শ্ৰদ্ধা তথা সন্মান ৷কাৰণ,আমি মানুহ ৷ যিসকলক সহায়ৰ প্ৰয়োজন তেওঁলোকক আমি সহায় কৰিব বিচাৰোঁ ৷প্ৰথমতে বৃদ্ধসকলৰ মাহিলী পেঞ্চন ৫০ টকা আছিল ৷কিন্তু সম্প্ৰতি ২৫০ লৈ বৃদ্ধি পাইছে ৷ভৱিষ্যতেও বাঢ়িব ৷এই মন্তব্য বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷

ইফালে,বিগত বৰ্ষৰ বাজেটৰ ক্ষেত্ৰত বিৰোধী মন্তব্য আছিল যে,সেই বাজেটৰ প্ৰায় সংখ্যকেই পৰিকল্পনায়ে বাস্তৱত ৰূপায়িত ন’হল ৷এই সন্দৰ্ভত মন্ত্ৰী ড° শৰ্মাই কয় যে এই অভিযোগ সচাঁ নহয় ৷বিগত বৰ্ষৰ ১৮ টা মুখ্য আঁচনিৰ ভিতৰত ১৭ টা সম্প্ৰতি সম্পূৰ্ণ হোৱাৰ পথত ৷ৰাজ্যখনৰ প্ৰত্যেকটো বিধান সভা ক্ষেত্ৰতে প্ৰায় ২০ কোটি টকাৰ পথৰ কাম হৈ আছে ৷পূৰ্বৰ চৰকাৰৰ দিনত ইয়াৰ পৰিমাণ আছিল ৫ কোটি টকা ৷ অন্যহাতে ড° শৰ্মাই এই বাজেট খনক স্নেহ পূৰ্ণ বাজেট আখ্যা দিয়ে লগতে কয় যে বাজেট খনে মমতাময়ী আৰু মানৱতাৰ জয়গান গাইছে ৷ বিত্ত আয়োগৰ পুৰস্কাৰ সন্দৰ্ভতে মন্ত্ৰী ড° শৰ্মাই কয় যে ১৪ সংখ্যক বিত্ত আয়োগে অসমৰ কাৰণে ৩৪,০০০ কোটি টকা প্ৰদান কৰিছে ৷এই বৰ্ষৰ বাজেটৰ ব্যয় হৈছে ৯৯,৪১৮ কোটি টকা আৰু সম্পূৰক চাহিদা হ’ব প্ৰায় ১,২০,০০০ কোটি টকা৷

বিগত বৰ্ষত বাজেটৰ ব্যয় আছিল ৯০,০০০ কোটি টকা আছিল,যাৰ সম্পূৰক চাহিদা আছিল ১০৪,০০০ কোটি টকা ৷ বিত্ত মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদনত মন্তব্য কৰে যে,বিগত বৰ্ষত গুণোৎসৱৰ পিছত প্ৰাথমাক শিক্ষা বিভাগে শৈক্ষিক বুনিয়াদী বিভাগৰ বিকাশৰ কাৰণে ৯০০ কোটি টকা বিছাৰিছিল ৷নাৰ্বাডে এই আঁচনিৰ মঞ্জুৰী দিছে ৷আৰু এই আঁচনিৰ অধীনত এক বা দুদিনৰ ভিতৰতে ৩৬২ কোটি টকা মুকলি কৰিব ৷ উল্লেখ্য যে,ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিগত বিত্ত মন্ত্ৰীয়ে বাজেটৰ কোনো ৰিপ’ট দিয়া নাছিল৷ময়েই বিগত বৰ্ষত বাজেটৰ এই প্ৰণালী আৰম্ভ কৰিছোঁ ৷২০১৮-১৯ ৰ বাজেটৰ কাৰণি অনাগত বিধানসভাত এনে ধৰণৰ বাজেটৰ ৰিপ’ট কাৰ্ড দিয়াৰ পদক্ষেপ গ্ৰহণ কৰিম ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com