মিয়ামীত পৰিয়ালৰ সৈতে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছ

মিয়ামীত পৰিয়ালৰ সৈতে প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছ

শেহতীয়াকৈ বলীউড তথা হলীউডৰ অভিনেত্ৰী প্ৰিয়াংকা চোপ্ৰাৰ (Priyanka Chopra) নাম মনোৰঞ্জন জগতৰ ৫০ গৰাকী প্ৰতিভাৱান মহিলাৰ শাৰীত সন্নিবিষ্ট হোৱাৰ পিছত অভিনেত্ৰী গৰাকী পৰিয়ালৰ সৈতে সম্প্ৰতি ব্যস্ত আছে মিয়ামী ভ্ৰমণত ৷ প্ৰিয়াংকা চোপ্ৰাৰ স্বামী নিক জ’নাছৰ লগতে পৰিয়ালৰ বাকী সদস্য সকলৰ সৈতে কৰা মিয়ামী ভ্ৰমণৰ ফ’টো ভিডিঅ’ ইতিমধ্যে প্ৰিয়াংকাই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে ৷ ভিডিঅ’ সমূহত প্ৰিয়াংকা চোপ্ৰাক নিক জ’নাছৰ পৰিয়ালৰ লগত বহুত আনন্দ কৰা দেখিবলৈ পোৱা গৈছে । অন্যহাতে প্ৰিযাংকা আৰু নিকৰ লগত জ’ জ’নাছ আৰু গাৰ্লফেণ্ড ছ’ফী টৰ্নৰকো দেখিবলৈ পোৱা গৈছে ৷

https://www.instagram.com/p/BvcweJjHfFG/

৫০ গৰাকী প্ৰতিভাৱান মহিলাৰ শাৰীত সন্নিবিষ্ট হোৱাৰ পিছতে প্ৰিয়াংকা চোপ্ৰাই কয় যে মই বহুত সুখী ৷ এনে ধৰণৰ প্ৰাপ্তিয়ে কাম কৰাৰ কাৰণে প্ৰেৰণা দিয়ে ৷ মই বহুত গৰ্ব অনুভৱ কৰিছোঁ ৷ কাৰণ মই সেই সকল মহিলাৰ শাৰীত স্থান পাবলৈ সক্ষম হৈছো ৷ যিসকলে গভীৰ প্ৰত্যাহ্বানক হেলাঙৰে অতিক্ৰম কৰি নিজক প্ৰতিষ্ঠা কৰিছে ৷ ইয়াৰ পূৰ্বতে প্ৰিয়াংকা চোপ্ৰাই ২০১৮ বৰ্ষত ফৰ্বছত ম’ষ্ট পাৱৰফুল মহিলাৰ সূচীত নিজৰ নাম প্ৰতিষ্ঠা কৰিছিল ৷ আনহাতে নিক জ’নাছৰ লগত বিয়াৰ হোৱাৰ পিছত স্বামী নিক জ’নাছ আৰু পৰিয়ালৰ বাকী সদস্যৰ লগত শেহতীয়াকৈ মুক্তি পায় Sucker ভিডিঅ’ টি ।

https://www.instagram.com/p/BvczlhGH-w4/

Sucker শীৰ্ষত এটি গীতত প্ৰিয়াংকা উপৰিও আছে নিক,জ’,ডেনিয়েল আৰু চ’ফী ৷ উল্লেখ্য যে,নিক জ’নাছ সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছত পৰিয়ালৰ সদস্যৰ সৈতে কৰা এই ভিডিঅ’টোক লৈ অত্যন্ত উৎসাহী প্ৰিয়াংকা চোপ্ৰা ৷ ইফালে প্ৰিয়াংকা-নিকৰ পৰিয়ালৰ সকলোৰে ইনষ্ট্ৰাগ্ৰামত এই ভিডিঅ’ দেখিবলৈ পোৱা গৈছে ৷গীতটিত প্ৰিয়াংকা,চ’ফী, ডেনিয়েল সকলোৱে অত্যন্ত আনন্দৰে দৃশ্যগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ৷ নিক জ’নাছৰ লগত প্ৰিয়াংকাৰ এইটো প্ৰথম আৰু বাকী শহুৰ ঘৰৰ লোকসকলৰ লগত প্ৰথম ভিডিঅ’ ৷

https://www.instagram.com/p/BvcuojXFNFD/

প্ৰিয়াংকা চোপ্ৰা আৰু নিক জ’নাছ ভাতৃৰ Sucker ভিডিঅ’টিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল সৰ্বত্ৰে। নিক জ’নাছ আৰু পৰিয়ালৰ সকলোৱে অভিনয় কৰা Sucker ভিডিঅ’টিয়ে কৰিছে এক নতুন ৰেকৰ্ড ৷ জ’নাছ ভাতৃ আৰু প্ৰিয়াংকা চোপ্ৰাৰ এই ভিডিঅ’টিয়ে বিলবোৰ্দ হট ১০০ গীতৰ তালিকাত ১ নম্বৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে । প্ৰিয়াংকা চোপ্ৰা স্বামী নিক জ’নাছৰ সফলতাত অতি সুখী হৈ পৰিছে ৷ এই সন্দৰ্ভত টুইটাৰ যোগে এক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে প্ৰিয়াংকা চোপ্ৰাই ৷

অন্যহাতে জ’নাছ ভাতৃৰ এই সফলতা প্ৰাপ্ত হৈছে দ্বিতীয় বাৰৰ কাৰণে ৷ পূৰ্বতে ২০০৮ চনত এলবাম ৱাৰ্নিঙত জৰিয়তে ৫ নম্বৰ স্থান পাইছিল । ২০১৩ চনত জ’নাছ ভাতৃ পৃথক হয়। ইয়াৰ পিছত ৬ বছৰৰ পিছত চকাৰ এলবামৰ জৰিয়তে আকৌ অনুৰাগীৰ মাজলৈ ঘূৰি আহে জ’নাছ ভাতৃ। সম্প্ৰতি প্ৰিয়াংকা চোপাৰ নিক জ’নাছ ভাতৃৰ এই সফলতাত যথেষ্ট সুখী ৷ চকৰ ভিডিঅ’টিত প্ৰিয়াংকা চোপ্ৰাৰ উপৰিও নিক জ’নাছ,জ’ জ’নাছৰ গাৰ্ল ফেণ্ড চ’ফীয়ে অভিনয় কৰিছে। ইফালে জ’নাচ পৰিয়ালৰ সকলো একত্ৰিত হৈ নিৰ্মাণ কৰাৰ কাৰণেই এই ভিডিঅ’টিয়ে এক স্থান লাভ কৰিবলৈ সক্ষম হোৱাটো নুই কৰিব নোৱাৰি ৷

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com