মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সন্মতিৰ পাছতে ১১ টা বিভাগলৈ খচৰা প্ৰেৰণ কৰা হৈছে

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সন্মতিৰ পাছতে ১১ টা বিভাগলৈ খচৰা প্ৰেৰণ কৰা হৈছে

"ভূমি নীতি-২০১৯ " ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ইতিমধ্যে অনুমোদন জনাইছে । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰে ইতিমধ্যে ১১ টা বিভাগলৈ খচৰা নীতি প্ৰৰন কৰি ১৫ দিনৰ ভিতৰত তেওঁলোকৰ মতামত জনাবলৈ জাননী জাৰি কৰিছে ।

১৫ দিনৰ সময় সীমাৰ পিছত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে এই ১১ টা বিভাগৰ মতামত সমূহৰ ভিত্তিত টোকা প্ৰস্তুত কৰিব । এই টোকাটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৈ অন্তিম অনুমোদনৰ বাবে প্ৰেৰণ কৰা হব । তাৰ পাছত কেবিনেটত উত্থাপন কৰা হোৱাৰ পাছত খচৰা খন ৰাজ্যৰ নতুন ভূমি নীতিলৈ ৰূপান্তৰ কৰা হব ।

ব্যক্তিগত, কৃষি, বন , অৰ্থ , উদ্যোগ , গুৱাহাটী উন্নয়ন আৰু গ্ৰামোন্নয়ন বিভাগলৈ মতামতৰ বাবে প্ৰেৰণ কৰা হৈছে । যদি কোনো বিভাগে খচৰা খনৰ সন্দৰ্ভত সময় সীমাৰ ভিতৰত মতামত নিদিয়ে তেতিয়া সন্মতি থকা বুলি ধৰি লোৱা হব । ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ বিষয়ায়ে জেষ্ঠ বিষয়াৰ লগতে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ লগত আলোচনা কৰি এই "ভূমি নীতি-২০১৯" প্ৰস্তুত কৰিছে ।

"১৯৮৯ চনৰ ভূমি নীতি " আৰু "২০১৬ ভূমি নীতি" ৰ লগতে প্ৰাক্তন মুখ্য নিৰ্বাচনী আয়ুক্ত হাৰি শংকৰ ব্ৰহ্মৰ " অসমৰ থলুৱা লোকসকলৰ ভূমি অধিকাৰ সুৰক্ষা কমিটিৰ নীতিৰ ওপৰত ভিত্তি কৰি "ভূমি নীতি-২০১৯ " প্ৰস্তুত কৰা হৈছে । অসমৰ ৰাজ্যপালৰ নিৰ্দেশত ২০১৭ চনৰ ৬ ফেব্ৰুৱাৰীত এই কমিটি খন গঠন কৰা হৈছিল । ৰিপোৰ্ট জমা দিয়া হৈছিল ২০১৮ চনৰ ১৮ জানুৱাৰীত ।

নতুন ভূমি নীতি ২০১৯ চনৰ শেষৰ ফালে ৰাজ্য চৰকাৰে অনুমোদন জনোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com