মেধাৱী ছাত্ৰী অংকিতালৈ ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা

মেধাৱী ছাত্ৰী অংকিতালৈ ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁটা

২০১৭ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত নগাঁৱৰ আগশাৰীৰ ব্যক্তিগত শিক্ষানুষ্ঠান 'দ্ৰোণাচাৰ্য কনিষ্ঠ মহাবিদ্যালয়' ৰ অৱতীৰ্ণ হৈ সুখ্যাতিৰে প্ৰথম স্থান অধিকাৰ কৰা মেধাৱী ছাত্ৰী অংকিতা হাজৰিকাই লাভ কৰিছে ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় যোগ্যতা বটা । ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ ড° আম্বেদকাৰ ফাউণ্ডেচনে আগবঢ়োৱা বঁটাটি আজি প্ৰদান কৰে নগাঁৱৰ উপায়ুক্ত বিশ্বজিত পেগুৱে । এই বঁটাটিত আছে এখন প্ৰশস্তি পত্ৰ আৰু নগদ ষাঠি হাজাৰ টকাৰ এখন চেক । উল্লেখ্য যে, অংকিতা নগাঁৱৰ নাজিৰাজান নিৱাসী প্ৰয়াত বিষ্ণু হাজৰিকা আৰু বন্তি হাজৰিকাৰ কনিষ্ঠ জীয়ৰি।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com