মোদীৰ লক্ষ্য সংবিধানক ধ্বংস কৰা: ৰাহুল গান্ধী

মোদীৰ লক্ষ্য সংবিধানক ধ্বংস কৰা: ৰাহুল গান্ধী

দেওবাৰে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক সমালোচনা কৰি প্ৰকাশ কৰে যে মোদীৰ প্ৰধান লক্ষ্যয়ে হৈছে ভাৰতৰ সংবিধান খন ধ্বংস কৰা । কিন্তু সেয়া কংগ্ৰেছে কেতিয়াও হবলৈ নিদিয়ে বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে ।

অন্ধ্ৰ প্ৰদেশৰ দুটা ৰেলীত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণৰ লক্ষ্য কৰি লয় । মোদীক সমালোচনা কৰি দলিত, ট্ৰাইবেল আৰু সংখ্যালঘু সকলৰ কথা প্ৰকাশ কৰে । এই লোকসকল ৰাজপথত আক্ৰমণৰ সন্মুখীন হব লগা হোৱাৰ লগতে দৈনন্দিন ভাবুকিৰো সন্মুখীন হয় । বিজেপি আৰু আৰ এচ এচে ভাৰতৰ সংবিধানৰ সন্মানত হানি কৰিছে বুলি অনন্তাপুৰ জিলাৰ কাল্যনাদুৰ্গত অনুষ্ঠিত ৰেলীত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে ।

বিজয়াৱাদা নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহন কৰি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে যে ভাৰতক ভাগ ভাগ কৰা আৰু ভাৰতৰ পৰা চুৰি কৰা মোদীৰ মুল ৰাজনীতি । বৰ্তমান হত্যাকাণ্ড আৰু ধৰ্ষণ বৃদ্ধি হৈছে । ভয়ৰ এটা পৰিবেশে বিৰাজ কৰিছে । এইয়া মোদীৰ ৰাজনীতি বুলি প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে । সকলোৱে জানে যে মোদীৰ মুল্য হৈছে ভাৰতৰ সংবিধানৰ সন্মান খৰ্ব কৰা । আৰু কংগ্ৰেছ এয়া কেতিয়াও হবলৈ নিদিয়ে বুলি প্ৰকাশ কৰে । দলিত, সংখ্যালঘু, ট্ৰাইবেল, খেতিয়ক সকল দুৰ্বল, আৰু সকলোৰে দেশত শান্তিপুৰ্ন ভাবে জীয়াই থাকিবলৈ অধিকাৰ আছে । এইখন দেশ কোনো এজন ব্যক্তিৰ বা সংগঠনৰ ব্যক্তিগত সম্পত্তি নহয় বুলি ৰাহুল গান্ধীয়ে প্ৰকাশ কৰে ।

অন্ধ্ৰ প্ৰদেশত কংগ্ৰেছ ক্ষমতালৈ আহিলে শীঘ্ৰে ফৰাম লোন দিয়াৰ ক্ষেত্ৰত ব্যবস্থা কৰা হব বুলি প্ৰকাশ কৰে।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com