মোবাইল গেম আৰু ছছিয়েল মেডিয়াত সময় অপচয় নকৰিবলৈ শিক্ষাৰ্থীক উপদেশ

মোবাইল গেম আৰু ছছিয়েল মেডিয়াত সময় অপচয় নকৰিবলৈ শিক্ষাৰ্থীক উপদেশ

কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়ত শিক্ষাৰ্থী , শিক্ষক আৰু কৰ্মচাৰী সকলৰ বাবে ব্যক্তিত্ব বিকাশৰ কৰ্মশালা আয়োজন কৰা হয়। মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হয় এই কৰ্মশালাৰ । মিৰ্জাৰ দক্ষিণ কামৰূপৰ কলেজৰ সহকাৰী প্ৰবক্তা ডঃ চৈলেন দাস বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত থাকে । বহু সংখ্যক শিক্ষাৰ্থী, শিক্ষক আৰু কৰ্মচাৰী উপস্থিত থাকে এই অনুষ্ঠানত ।

এই অনুষ্ঠানতে ২০১৮ চনৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা ফওৰমান ব্ৰহ্ম আৰু তাপস বসুমতাৰীকো সম্বৰ্ধনা জনাই। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা ত উৰ্ত্তীৰ্ণ হোৱা ফওৰমান ব্ৰহ্ম আৰু তাপস বসুমতাৰীয়ে শিক্ষাৰ্থী সকলৰ লগত মত বিনিময় কৰাৰ লগতে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে ।

এই অনুষ্ঠানতে শিক্ষাৰ্থী সকলক তেওঁলোকৰ সময় মোবাইল গেম আৰু ছছিয়েল মেডিয়াত অপচয় নকৰিবলৈ আহ্বান জনাইছে । লগতে তেওঁলোকৰ লক্ষ্যত উপনীত হ'বলৈ মনোনিবেশ কৰিবলৈ আহ্বান জনাইছে । পিছপৰা অৰ্থাৎ অভাৱে কেতিয়াও সফলতা হেঙাৰ হব নোৱাৰে বুলি প্ৰকাশ কৰে ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com