যোৰহাটত পথ দূৰ্ঘটনাত স্কুলীয়া ছাত্ৰীৰ মৃত্যু

যোৰহাটত পথ দূৰ্ঘটনাত স্কুলীয়া ছাত্ৰীৰ মৃত্যু

পঞ্চম শ্ৰেনীৰ ডনবস্ক হাই স্কুলৰ এগৰাকী ছাত্ৰীৰ পথ দূৰ্ঘটনাত মৃত্যু হয় । ছাত্ৰী গৰাকী মাকৰ সৈতে স্কুটীত আহি থকা অৱস্থাত এএছ ০৩বিচি-২৩০৫ নম্বৰত পঞ্জীয়ন কৰা ব'লেৰ গাড়ী এখনত খুন্দিওৱাৰ ফলত ঘটনাটি সংঘটিত হয় যাৰ ফলত মাতৃ গৰাকী গুৰুতৰ ভাৱে আহত হোৱাৰ লগতে ছাত্ৰী তথা ছোৱালী জনীৰ মৃত্যু হয় । তিতাবৰৰ পৰা আহি থকা ব'লেৰ গাড়ী খনে লেদেন আৰু মাদক দ্ৰব্যৰ কাৰ্টন কঢ়িয়াই আনিছিল । ঘটনাটি সোমবাৰে নিশা যোৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ন-আলিৰ দক্ষিন হাতীচুঙ্গী তিনিআলিৰ সমীপত সংঘটিত হোৱা বুলি আৰক্ষীৰ পৰা জানিব পোৱা গৈছে । মৃত ছাত্ৰী গৰাকী হিমাদ্ৰী হাটীবৰুৱা(৯) বুলি চিনাক্ত কৰা হৈছে । যোৰহাট চিকিৎসালয়ত ছাত্ৰী গৰাকীক মৃত বুলি ঘোষনা কৰে আৰু স্কুটী চলোৱা মাতৃ পপী গগৈ(৩৮) গুৰুতৰ ভাৱে আহত হয় আৰু বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে । ব'লেৰ আৰু স্কুটী খন আৰক্ষীয়ে জব্দ কৰি ৰাখে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com