লোকসভাত উত্থাপন বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬

লোকসভাত উত্থাপন বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬

ৰাজ্যত সৰ্বত্ৰে বন্ধৰ প্ৰভাৱ ৷

নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ (citizenship amendment bill 2016)ক বাতিলৰ দাবীত সম্প্ৰতি ৰাজ্যৰ সৰ্বত্ৰে ৰাজপথ উত্তাল কৰিছে জনগণে৷

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বাতিলৰ দাবীত আছুৰ লগতে ৩০ টা জনগোষ্ঠী উত্তৰ পূৱ ছাত্ৰ সংগঠনে ( NESO) আহবান কৰা অসম তথা উত্তৰ পূৱ বন্ধ‌ৰ আৰু দিয়া ১১ ঘন্টীয়া বন্ধক সাফল্যমণ্ডিত কৰিবলৈ সহযোগ ৰাইজৰ৷

ইয়াৰ মাজতে , অধিবেশনৰ অন্তিম দিনা লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ ক উত্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙে Rajnath Singh

ৰাজনাথ সিঙৰ ভাষণৰ মাজতে "মোডী চৰকাৰ হায় হায় " ধবনিৰে উত্তাল হয় সদন ৷

ৰাজসিঙৰ মন্তব্য শৰনাৰ্থীসকলৰ কাৰণে ভাৰতৰ বাদে অন্য ৰাষ্ট্ৰ নাই ।

লগতে নাগৰিকত্বৰ কাৰণে ৭ বছৰ শৰণাৰ্থী হিছাপে বসবাস কৰিলেই আবেদন কৰিব পাৰিব ৷

ইফালে,কেন্দ্ৰীয় চৰকাৰে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কত অনুমোদন দিয়ে ৷

কোচ ৰাজবংশী, টাই আহোম, চুতীয়া,মৰাণ মটক আদি ৩৬ চা জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়কত অনুমোদন জনায় কেন্দ্ৰীয় চৰকাৰে৷

অন্যহাতে, অৱশ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত উত্থাপন কৰাৰ পিছতে কংগ্ৰেছে সদন ত্যাগ কৰে ৷

লগতে বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে সাংসদ সৌগত ৰয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কে দেশক ভাগ ভাগ কৰিব৷

আফগানিস্তান, পাকিস্তানৰ পৰা বিদেশী অনাত আপত্তি নাই,কিন্তু বাংলাদেশক এই বিধেয়কৰ পৰা বাদ দিব লাগে ৷ এই মন্তব্য সৌগত ৰয়ৰ ৷

উল্লেখ্য যে, সম্প্ৰতি জাতি মাটি ভেটি ৰক্ষাৰ শ্ল’গানেৰে ক্ষমতালৈ অহা চৰকাৰখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ জনসাধাৰণৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com