লোকসভা নিৰ্বাচন:ওদালগুৰিত অধিক সংখ্যক ভোটাৰে প্ৰথম ভোটাৰ

লোকসভা নিৰ্বাচন:ওদালগুৰিত অধিক সংখ্যক ভোটাৰে প্ৰথম ভোটাৰ

বৃহস্পতি বাৰে ৰাজ্যত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচন। ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত ভোট গ্ৰহণত জনসাধাৰণে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰে। মংগলদৈ লোকসভা সমষ্টিৰ ওদালগুৰি, পেনেৰি আৰু মাজবাতত অধিক সংখ্যক ভোটাৰে ভোটদান কৰে ।

ভোট গ্ৰহণ কেন্দ্ৰ সমুহত পুৱাৰে পৰা শাৰী পাতি নতুন ভোটা আৰু যুৱ প্ৰজন্মক ভোট দান কৰা পৰিলক্ষিত হয় । বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰত বিশেষ ভাবে সক্ষম লোকসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰে । মংগলদৈ লোকসভা সমষ্টিৰ টংলা, পেনেৰি আৰু ওদালগুৰিত নতুন ভোটাৰৰ লগতে বিভিন্ন বয়সৰ লোকে ভোটদান সাব্যস্ত কৰে ।

ওদালগুৰি নিৰ্বাচনী বিষয়ায়ে প্ৰকাশ কৰে যে ভোটৰ হাৰ সন্তোষজনক । ওদালগুৰিত ভোটৰ হাৰ ৭৪ শতাংশ আৰু পেনেৰিত ভোটৰ হাৰ ৭৫ শতাংশ আৰু মাজবাতত ভোটৰ হাৰ ৭৩ শতাংশ । টংলা, পেনেৰি আৰু ওদালগুৰিৰ বিভিন্ন প্ৰান্তত ইভিএমৰ বিসংগতিৰ বাবে ভোট গ্ৰহণ পলমকৈ আৰম্ভ হয়।

ভোটগ্ৰহন কেন্দ্ৰ সমুহত সকলো বয়সৰ লোকে ভোটদান সাব্যস্ত কৰি চেলফি লোৱা পৰিলক্ষিত হয় । মংগলদৈত লোকসভা সমষ্টিত ১০ টা বিধানসভা সমষ্টিত আছে। কলাইগাও, পেনেৰি, ওদালগুৰি , মাজবাত, মংগলদৈ, ছিপাঝাৰ, দলগাও, কমলপুৰ , ৰঙিয়া আৰু নলবাৰী অন্তৰ্গত । ৪ খন জিলা অন্তৰ্গত মংগলদৈ লোকসভা সমষ্টিত ভোটাৰৰ সংখ্যা ১৭,৭৫,১৮০ । ২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিৰ সাংসদ ৰমেন ডেকায়ে ২২,৮৯৪ ভোটৰ ব্যবধানত কংগ্ৰেছৰ প্ৰাৰ্থী কিৰিপ চলিহাক পৰাজিত কৰিছিল ।

সন্ধিয়া ৫ বজালৈকে কৰিমগঞ্জত ভোটৰ হাৰ ৭১.৪১ শতাংশ, শিলচৰত ৭১.৭৯ শতাংশ, ডিফুত ভোটৰ হাৰ ৬৯,৫১ শতাংশ, মংগলদৈত ৭৫.০৭ শতাংশ আৰু নগাঁওত ৭৫.৭১ শতাংশ ভোটৰ হাৰ ।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com