লোকসভা নিৰ্বাচন: কামৰূপ জিলাত ড্ৰাই ডে ঘোষণা

লোকসভা নিৰ্বাচন: কামৰূপ জিলাত ড্ৰাই ডে ঘোষণা

দ্বিতীয় পৰ্যায় লোকসভা নিৰ্বাচনৰ বাবে কামৰূপ জিলাত ড্ৰাই ডে ঘোষণা কৰিছে । ২০১৯ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হব ১৮ এপ্ৰিলত । দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ বাবে ১৬ এপ্ৰিলৰ ৫ বজাৰ পৰা ১৮ এপ্ৰিলৰ ৫ বজালৈকে কামৰূপ জিলাত ড্ৰাই ডে ঘোষণা কৰিছে কামৰূপ জিলা উপায়ুক্তয়ে ।

লোকসভা নিৰ্বাচনৰ সময়ত সুৰা বিক্ৰী আৰু বিতৰণ আদি সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে। গুদামৰ লগতে সুৰাৰ বিপনী সমুহ , ক্লাব , হোটেলতো বন্ধ থকাৰ সময়ত সুৰাৰ বিক্ৰী নিষিদ্ধ হব ।

ইতিমধ্যে ৰাজ্যত প্ৰথম পৰ্যায়ত ভোট গ্ৰহণ সমাপ্ত হৈছে । ১৮ এপ্ৰিলত দ্বিতীয় পৰ্যায়ত ভোট গ্ৰহণ অনুষ্ঠিত হব । ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায় ভোট গ্ৰহণ । ২৩ মেত ফলাফল ঘোষণা কৰা লোকসভা নিৰ্বাচনৰ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com