লোকসভা নিৰ্বাচন: নিৰ্বাচনী প্ৰচাৰ সূচী প্ৰকাশ বিজেপিৰ

লোকসভা নিৰ্বাচন: নিৰ্বাচনী প্ৰচাৰ সূচী প্ৰকাশ বিজেপিৰ

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলৰ মাজত ব্যাপক তৎপৰতা বৃদ্ধি পাইছে । ইতিমধ্যে বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ সূচী প্ৰকাশ কৰিলে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয় ৩০ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰৰ চলাবলৈ অসমলৈ আহিব । অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত হব লোকসভা নিৰ্বাচন। ১১ এপ্ৰিলত অনুষ্ঠিত হব প্ৰথম পৰ্যায় ভোট গ্ৰহণ। ১১ এপ্ৰিলত তেজপুৰ, কলিয়াবৰ, যোৰহাট , ডিব্ৰুগড় আৰু লক্ষিমপুৰত অনুষ্ঠিত হব ভোট গ্ৰহণ । ১৮ এপ্ৰিলত অনুষ্ঠিত হব দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। দ্বিতীয় পৰ্যায়ত কৰিমগঞ্জ, শিলচৰ, মংগলদৈ, ডিফু আৰু নগাঁওত অনুষ্ঠিত হব ভোট গ্ৰহণ । ২৩ এপ্ৰিলত অনুষ্ঠিত হব তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ ধুবুৰী, কোকৰাঝাৰ, বৰপেটা আৰু গুৱাহাটীত অনুষ্ঠিত হব ।

বৃহস্পতিবাৰে বিজেপিয়ে ৮ টা সমষ্টিৰ প্ৰাৰ্থী ৰ তালিকা প্ৰকাশ কৰিছে । শনিবাৰে এটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম প্ৰকাশ কৰে । বিজেপিৰ ষ্টাৰ নিৰ্বাচনী প্ৰচাৰকে প্ৰয়োজনীয় স্থানত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি প্ৰকাশ কৰে । বিজেপি মিত্ৰজোট চৰকাৰৰ মিত্ৰ দল অগপয়ে ৩ টা লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব । কলিয়াবৰ, বৰপেটা আৰু ধুবুৰীৰ পৰা অগপয়ে প্ৰতিদন্দ্বিতা আগবঢ়াব । আনহাতে মিত্ৰ দল বিপিএফে এটা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব । বি পি এফয়ে কোকৰাঝাৰ সমষ্টিৰ পৰা মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মক প্ৰাৰ্থীত্ব প্ৰদান কৰে ।

৩০ এপ্ৰিলত নিৰ্বাচনী প্ৰচাৰৰ চলাবলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীয়ে তেজপুৰ লোকসভা সমষ্টিৰ গহপুৰ আৰু ডিব্ৰুগড় লোকসভা সমষ্টিৰ অন্তৰ্গত মৰানত নিৰ্বাচনী প্ৰচাৰ চলাব ।

ৰাজ্যিক বিজেপিৰ সূত্ৰয়ে প্ৰকাশ কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৬ টা ৰেলীত অংশগ্ৰহণ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । তাৰে ২ টা ৰেলী ৩০ তাৰিখে অনুষ্ঠিতহব বুলিও প্ৰকাশ কৰে । লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহকো ৬ টা ৰেলীৰ অংশগ্ৰহনৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছে । কলিয়াবৰ, গোলাঘাট, নলবাৰী, হোজাই আৰু হাজোত ৰেলীৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰাৰ লগতে এটা স্থান বৰ্তমানলৈকে নিৰ্নয় হোৱা নাই বুলিও প্ৰকাশ কৰে । উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, মন্ত্ৰী স্মৃতি ইৰানী, বলীউডৰ অভিনেতা অক্ষয় কুমাৰে অসমত নিৰ্বাচনী প্ৰচাৰৰ চলোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰে ।

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com