লোকসভা নিৰ্বাচন: সোনাপুৰত জোনমনি দেৱীৰ নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচন:  সোনাপুৰত জোনমনি দেৱীৰ নিৰ্বাচনী প্ৰচাৰ

মংগলবাৰে দ্বিতীয় পৰ্যায় নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিন আছিল । দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠিত হব লগা ৫ টা লোকসভা সমষ্টি প্ৰচাৰৰ সমান্তৰালকৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ চলাই । মংগলবাৰে লোকসভা নিৰ্বাচনৰ গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমনি দেৱীয়ে সোনাপুৰত নিৰ্বাচনী প্ৰচাৰ চলাই ।

জোনমনি দেৱী খাউণ্ডৰ নিৰ্বাচনী প্ৰচাৰত নাগৰিকত্ব সংশোধনি বিধেয়কৰ খনক বিৰোধিতা কৰে । লগতে প্ৰকাশ কৰে নাগৰিকত্ব সংশোধনি বিধেয়ক খনক বিৰোধিতা কৰি ৰাজ্যবাসীৰ অধিকাৰৰ ৰক্ষাৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিব । সেয়েহে অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে জোনমনি দেৱী খাউণ্ডক ভোট দিবলৈ আহ্বান জনাই।

লগতে জোনমনি দেৱী খাউণ্ডে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গন পৰিষদক তীব্ৰ সমালোচনা কৰি কয় যে বিজেপি আৰু অগপয়ে অসমীয়া লোকৰ অনুভৱক প্ৰতাৰণা কৰিছে। সেয়েহে অসমবাসীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি প্ৰকাশ কৰে । কেৱল ক্ষমতাৰ লোভত অগপয়ে পুনৰ বিজেপিৰ লগত মিত্ৰতা কৰিছে বুলি প্ৰকাশ কৰে ।

মংগলবাৰে সোনাপুৰৰ নাজিৰাখাটৰ এক নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি জোনমনি দেৱী খাউণ্ডে এই মন্তব্য কৰে। লগতে কংগ্ৰেছক সমালোচনা কৰি জোনমনি দেৱী খাউণ্ডে কয় যে কংগ্ৰেছে কেৱল ভোটাৰক আকৰ্ষিত কৰিব কাৰনে নাগৰিকত্ব সংশোধনি বিধেয়কখনৰ বিৰুদ্ধে একেৰাহে প্ৰচাৰ চলাইছে বুলি প্ৰকাশ কৰে । লগতে কয় যে যেতিয়া নাগৰিকত্ব সংশোধনি বিধেয়ক খনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছিল, সেই সময়ত কিমান জন কংগ্ৰেছৰ নেতায়ে প্ৰতিবাদত অংশগ্ৰহন কৰিছিল বুলিও প্ৰশ্ন উত্থাপন কৰে জোনমনি দেৱী খাউণ্ডে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com