লোকসভা নিৰ্বাচন : ৩০ বছৰৰ পাছত কেৰেলাত সৰ্বাধিক ভোটৰ হাৰ

লোকসভা নিৰ্বাচন : ৩০ বছৰৰ পাছত কেৰেলাত সৰ্বাধিক ভোটৰ হাৰ

লোকসভা নিৰ্বাচনত ৩০ বছৰৰ পাছত কেৰেলাত সৰ্বাধিক ভোটৰ হাৰ হৈছে । কেৰেলাত ভোটৰ হাৰ ৭৭.৬৮ শতাংশ । শাসক দল এল ডি এফ ( Left Democratic Front) আৰু বিৰোধী ইউ ডি এফ (United Democratic Front)ৰ মাজত তুমুল্ প্ৰতিদন্দ্বিতা হোৱা পৰিলক্ষিত হয় ।ৰাজ্য খনত ২.৬১ ভোটাৰ আছে । ১৯৮৯ চনতে সংসদীয় নিৰ্বাচনত ভোটৰ হাৰ ৭৯.৩ শতাংশ আছিল ।

নিৰ্বাচনী আয়োগে আজি পুৱা প্ৰকাশ কৰে যে সমগ্ৰ ৰাজ্যখনতে ভোটৰ হাৰ ৭৭.৬৮ শতাংশ । মংগলবাৰে ৰাজ্য খনৰ ২৪, ৯৭০ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায় লোকসভা নিৰ্বাচনত ৩০ বছৰৰ পাছত সৰ্বাধিক ভোটৰ হাৰ হয় ।

উল্লেখযোগ্য যে কেৰেলাৰ ৱায়ানাড় লোকসভা সমষ্টিৰ পৰা ৰাহুল গান্ধীয়ে দ্বিতীয় খন আসনৰ বাবে প্ৰতিদন্দ্বিতা কৰিছে। ৱায়ানাড়ত ভোটৰ হাৰ ৮০.৩১ শতাংশয়ে অভিলেখ সৃষ্টি কৰিছে । ২০১৪ চনত ভোটৰ হাৰ আছিল ৭৩.২৫ শতাংশ ।

ৱায়ানাড়ৰ সমষ্টিৰ কংগ্ৰেছৰ শক্তিশালী প্ৰাৰ্থী কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধী, বিজেপিৰ নেতা কুম্মানাম ৰাজাশ্বেখৰন আৰু তিৰুভান্নাথাপুৰামৰ পৰা শশী থাৰুৰ আৰু ইৰনাকুলাম পৰা কেন্দ্ৰীয় মন্ত্ৰী আলফনচ কন্নামথান্নাম শক্তিশালী প্ৰাৰ্থী ।

উত্তৰ কেৰেলাৰ কান্নুৰত ভোটৰ হাৰ সৰ্বাধিক । কান্নুৰত ভোটৰ হাৰ ৮৩.০৫ শতাংশ । আনহাতে তিৰুভান্নাথাপুৰামত সৰ্বনিম্ন ভোটৰ হাৰ ৭৩.৪৫ শতাংশ ।

ৱায়ানাড় সমষ্টিত সৰ্বাধিক প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা আগবঢ়াইছে। ২০ জন প্ৰাৰ্থী অবতীৰ্ণ হৈছে ৱায়ানাড় সমষ্টিত । আনহাতে আলাথুৰত সৰ্বনিম্ন প্ৰাৰ্থী । ৬ জন প্ৰাৰ্থীয়ে প্ৰতিদন্দ্বিতা আগবঢ়াইছে আলাথুৰৰ পৰা ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com