লোক-কৃষ্টিৰ সাধক বিনোদ খনাললৈ আছুৱে আগবঢ়ালে ২০১৮ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বটাঁ

লোক-কৃষ্টিৰ সাধক বিনোদ খনাললৈ আছুৱে আগবঢ়ালে ২০১৮ বৰ্ষৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বটাঁ

গোৱালপৰীয়া লোকগীতৰ অক্লান্ত সেনানী পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যু বাৰ্ষিকীৰ দিনটোতে চান্দমাৰীত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ২০১৮ বৰ্ষৰ "পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বটাঁ" প্ৰদান অনুষ্ঠানত বিশ্বনাথ জিলাৰ বিহালীৰ গোৰ্খা জনগোষ্ঠীৰ লোককৃষ্টিৰ সাধক বিনোদ খনাললৈ এই বটাঁ প্ৰদান কৰা হয়।

১৯৬৩ চনৰ ২ আগষ্টত জন্ম গ্ৰহণ কৰা বিনোদ খনালে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ গোৰ্খা জনগোষ্ঠীৰ থলুৱা গীত-মাত, নৃত্য কৃষ্টিৰ নিৰলস ভাৱে সাধনা কৰি আহিছে, কেৱল গীত মাত নহয় গোৰ্খা জনগোষ্ঠীৰ বাদ্য মাদল, খুঞ্জুৰী, দম্ফু, মুচুঙা আদি পৰিৱেনৰ ক্ষেত্ৰতো অন্য এক সুকীয়া স্থান দখল কৰি আহিছে।

১৯৮০ চনৰ পৰা বিনোদ খনালে প্ৰায় ২৫ বছৰ যথাক্ৰমে চুনম থিয়েটাৰ, অসমী থিয়েটাৰ, ভাস্কৰ থিয়েটাৰ, নটৰাজ থিয়েটাৰ, আৰাধনা থিয়েটাৰ, লালিগোৰাচ থিয়েটাৰত নিজৰ কৰ্ম অভিজ্ঞতা লোৱাৰ লগতে পোন্ধৰ খনৰো অধিক নেপালী আৰু অসমীয়া ভাষাত পূৰ্ণাংগ আৰু একাঙ্কিকা নাট ৰচনা কৰিছে।

বটাঁ প্ৰদান অনুষ্ঠানত বিনোদ খনাললৈ গামোচা, এখন শৰাই, এখন চেলেং চাদৰ, এখন সম্বৰ্ধনা পত্ৰ আৰু এককালিন ২৫০০০ টকা আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাই।

সম্বৰ্ধনা গ্ৰহণ কৰাৰ পিছত বিনোদ খনালে ভূপেন হাজৰিকাৰ এটি গীত নেপালী ভাষাত আৰু প্ৰতিমা বৰুৱা পাণ্ডেৰ এটি গীত পৰিৱেশন কৰি এই বটাঁৰ বাবে তেওঁক যোগ্য বুলি ভবা সদৌ অসম ছাত্ৰ সন্থাক ধন্যবাদ জ্ঞাপন কৰে লগতে কয় অসম আৰু বৃহত্তৰ অসমীয়া জাতিৰ লোক সংস্কৃতিৰ ভৰাঁল অত্যন্ত জীপাল, যি জীপালতাই বিশ্বৰ পৰ্যটকক আকৰ্ষণ কৰিব পাৰে, কিন্তু অসম চৰকাৰৰ কিছু কিছু ক্ষেত্ৰত আওকাণ কৰা স্বভাৱৰ বাবেই যিখিনি কাম কৰিছে তাতেও উইয়ে খাইছে, আনহাতে সদৌ অসম ছাত্র সন্থাৰ দৰে জাতীয় সংগঠন বোৰে এতিয়াও বহু ইতিবাচক চিন্তা চৰ্চাৰে কাম কৰি গৈছে বাবেই বৃহত্তৰ অসমীয়া জাতিৰ লোক সংস্কৃতিবোৰ বাছি আছে বুলি উল্লেখযোগ্য মন্তব্য আগবঢ়াই আজিৰ প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বটাঁ প্ৰাপক বিনোদ খনালে।

বটাঁ প্ৰদান অনুষ্ঠানত আছুৰ উপদেষ্টা ড° সমুজ্জল কুমাই ভট্টাচাৰ্যই কয় " জীৱিত কালত যদি আমি লোক কৃষ্টিৰ সাধক সকলক সন্মান জনাব পাৰো তেন্তে জীৱনৰ বাকী থকা দিনত দুগুণ উৎসাহেৰে তেওঁলোকে কাম কৰিব পাৰিব আৰু উঠি অহা প্ৰজন্মৰ বাবেও অনুপ্ৰেৰণা হব, আৰু এই উদ্দেশ্য আগত ৰাখিয়ে সদৌ অসম ছাত্র সন্থাই এই বটাঁ প্ৰদান কৰি আহিছে"।

লগতে অসম চৰকাৰক পুনৰ সকীয়াই আছুৰ উপদেষ্টা গৰাকীয়ে জনাই যে মাটিয়াবাগত থকা প্ৰতিমা বৰুৱা পাণ্ডে বৰুৱাৰ ঘৰটি যদি সংৰক্ষণ কৰিব নোৱাৰে তেন্তে জনাই দিয়ক সেই কাম ৰাইজে কৰিব। আছুৰ উপদেষ্টা ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যই

প্ৰতিমা বৰুৱা পাণ্ডেৰ স্মৃতিত লোক সংস্কৃতিৰ এক গৱেষণা প্ৰতিষ্ঠান গঢ়ি তোলাৰ দাবী জনাই য'ত অসমৰ সকলো লোক সংস্কৃতিৰ চৰ্চা তথা গৱেষণাৰ উল্লেখযোগ্য থল হিচাপে চিহ্নিত হব।

চান্দমাৰীত অনুষ্ঠিত অনুষ্ঠানত সদৌ অসম ছাত্র সন্থাৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে অন্য বিষয়ববীয়া সকল উপস্থিত থাকে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com