শিৱসাগৰত গুণোৎসৱ-২ৰ প্ৰস্তুতি সম্পূৰ্ন

শিৱসাগৰত গুণোৎসৱ-২ৰ প্ৰস্তুতি সম্পূৰ্ন

দ্বিতীয় বাৰলৈ শিৱসাগৰত অনুষ্ঠিত হ'বলগা গুণোৎসৱৰ প্ৰস্তুতিৰ কাৰ্যসূচী ইতিমধ্যে সম্পূৰ্ন হৈছে । শিৱসাগৰ জিলা প্ৰশাসনৰ সহায়ত শিৱসাগৰ শিক্ষা বিভাগে অক্টোবৰৰ ৮তাৰিখৰ পৰা ১১তাৰিখলৈ অনুষ্ঠিত হ'বলগা দ্বিতীয় বাৰৰ গুণোৎসৱৰ আয়োজন কৰিছে । মুঠ এল পি- এম ই স্কুলৰ ৬৪,৪৭৩ সংখ্যক ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগত সকলো দিশ পৰীক্ষা কৰা হ'ব ।

গুণোৎসৱৰ সময়তে শিৱসাগৰ জিলা উপায়ুক্ত পিজি ঝায়ে নডাল বিষয়া আৰু জিলা প্ৰাথমিক শিক্ষাৰ বিষয়াৰ নিৰ্বাচন কৰিব আনহাতে ৯গৰাকী আই এ এছ বিষয়া,আই পি এছ আৰু এ চি এছ বিষয়াই সম্বনয়ক আৰু মুঠ ৪৬৫ এম ই আৰু হাই স্কুলৰ শিক্ষকক বাহ্যিক নিৰীক্ষক হিচাপে নিয়োগ কৰিব ।

শিৱসাগৰ জিলাৰ শিক্ষা বিভাগৰ বিষয়াই জিলা খনৰ সকলো এম ই আৰু এল পি স্কুলৰ শিক্ষক সকলক গুণোৎসৱৰ সময়ত ছুটীৰ লব নোৱাৰিব বুলি নিৰ্দেশ প্ৰদান কৰিছে । ইয়াৰোপৰি ডি ই অ' ১৪গৰাকী শিক্ষকক নিৰ্দেশ জাৰি কৰিছে যে গুণোৎসৱৰ সময়ত কোনো অনুমতি লাভ নকৰাকৈ শিক্ষকে ছুটী লব নোৱাৰিব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com