শীতকালত আপোনাৰ উফিৰ সমস্যা হৈছে যদি;পঢ়ক এই বিশেষ বিধি

শীতকালত আপোনাৰ উফিৰ সমস্যা হৈছে যদি;পঢ়ক এই বিশেষ বিধি

শীতকালত অৰ্থাৎ Winter এটা বিশেষ সমস্যা হৈছে উফিৰ সমস্যা ৷ উফিৰ সমস্যাটো কেৱল আপোনাৰ অথবা মোৰ নহয় ৷ প্ৰায়ভাগ যুৱক যুৱতীৰে আছে উফিৰ সমস্যা । ছালৰ বিভিন্ন সমস্যাৰো সৃষ্টি হয় উফিৰ কাৰণে। অন্যহাতে শীতকালত ছাল ৰুক্ষ হৈ পৰে ।সেয়েহে আমাৰ মূৰৰ ছালো শুকান হৈ পৰে । উফিৰ কাৰণে সততে ছুলিৰ বিভিন্ন সমস্যাই দেখা দিয়ে। ছুলি সৰা আমাৰ এটা প্ৰধান সমস্যা ৷পাৰ্টি,বিভিন্ন অনুষ্ঠানত আমি উফিৰ কাৰণে প্ৰায়ে সমস্যাৰ সন্মুখীন হয়।বিভিন্ন কেমিকেল যুক্ত চেম্পুৰে আমি উফিৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চেষ্টা কৰোঁ যদিও বাস্তৱত কিন্তু উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ নাপাওঁ ৷

কিন্তু আপুনি উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে আমলখিৰ এটা বিশেষ বিধি ৷যাৰ জৰিয়তে আপোনাৰ ছুলিৰ বিভিন্ন সমস্যা ছুলি সৰা,উফি,ছুলি ফটা আদি বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব ৷তাৰ কাৰণে আপোনাক লাগিব এক চামুচ আমলা পাউডাৰ,৫-৬ টা নীম পাত,১ চামুচ চিকাকাই পাউডাৰ, ১ চামুচ মেথী পাউডাৰ, ১ চামুচ ৰীঠা পাউডাৰ, ১ ক’প পানী ৷ এই সামগ্ৰী খিনি লৈ এটা পেনত একাপ পানী লৈ গৰম কৰিব ৷ গৰম পানীত উল্লেখিত সামগ্ৰীখিনি দি ১০ মিনিটমান উতলাই ঠাণ্ডা কৰি এখন চেকনিৰে চেকি ল’ব ৷

ইয়াৰ পিছত এই পেষ্টটো ছুলিত লগাই অলপ সময়ৰ কাৰণে মাছাজ কৰি ১ ঘন্টাৰ কাৰণে ৰাখি ধুই দিব ৷ আপুনি সপ্তাহত দুবাৰ এই পেষ্টটো লগাব পাৰে। লগতে আমলখি ৰসে ছুলিৰ ৰং অটুত ৰাখে। দিনে এটাকৈ আমলখি খালেও ছাল আৰু ছুলিৰ কাৰণে অত্যন্ত উপকাৰী ৷যদি আপুনি ছুলিৰ গুৰিৰ পৰা আমলখিৰ পেষ্ট লগাই তেন্তে আপুনি লাভ কৰিব পাৰে চিকমিকাই থকা একোচা সুন্দৰ ছুলি ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com