শীত কালৰ ৰুক্ষতাৰ পৰা পৰিত্ৰাণ পাই জিলিকি থাকক আপুনিও

শীত কালৰ ৰুক্ষতাৰ পৰা পৰিত্ৰাণ পাই জিলিকি থাকক আপুনিও

সকলো মানুহেই,নিজক সুন্দৰকৈ সজায় ভাল পায় ৷ তাৰ ভিতৰত আমিও ব্যতিক্ৰম নহয় ৷ সেয়া অৱশ্যে ল’ৰায়ে হওক বা ছোৱালীয়ে হওক ৷ সুন্দৰ এখন ছাল,সুন্দৰ একোচা চুলি সকলোৱে বিচাৰে ৷ যদিও বাস্তৱত সেয়া হৈ নুঠে ; বিশেষকৈ শীত কালত ৷ আমাৰ ছাল আৰু চুলিৰ সমস্যা প্ৰায়ে শীতকালতেই দেখা যায় ৷কাৰণ শীতকালত আমাৰ প্ৰধান সমস্যা হৈছে শুকান শুকান ভাৱ ৷ আমি ছালত ময়শ্বৰাইজাৰ লগালেও আমাৰ ছালখন কম সময়ৰ ভিতৰতে হৈ পৰে শুকান । লগতে ছালৰ দৰে ছুলিত উফিৰ সমস্যাই প্ৰায়ে দেখা যায় শীতকালতে ৷ কিন্তু আজি আমি আলোচনা কৰিম আমি আমাৰ ঘৰতে পোৱা,আপোনাৰ পাকঘৰতে পোৱা সামগ্ৰীৰে কেনেদেৰে আমাৰ ছালখনক সুস্থ কৰি ৰাখিব পাৰো ৷লগতে আমি ঘৰতে পোৱা সামগ্ৰীৰে কেনেদৰে একোছা সুন্দৰ ছুলি লাভৰ কাৰণে যতন ল’ম,সেয়াও আলোচনা কৰিম ৷ আহক চাও শীত কালত আমি কেনেদৰে এখন সুন্দৰ ছাল আৰু ছুলিৰ অধিকাৰী হ’ব পাৰোঁ ৷

আমি সকলোৱে জানো যে এতিয়া যিহেতু শীত কাল,Winter season.গতিকে অলপ অলপ বতাহ বলি থাকে ৷ আৰু সেই বতাহটোৱে আমাৰ মুখৰ ছালখনকেই নহয় ৷ আমাৰ সম্পূৰ্ণ শৰীৰটোতে প্ৰভাৱ পেলায় ৷ গতিকে যদিহে কোনো ব্যক্তিয়ে বডি লোচন ব্যৱহাৰ কৰিব বিচাৰে তেন্তে মিল্ক আৰু গ্লিচাৰিণৰ পৰিমাণ বেছিকৈ থকা বডী লোচন শৰীৰত লগাব পাৰে ৷ ইয়াৰ বিপৰীতে,যিসকলে ময়শ্বৰাইজাৰ লগাব নিবিচাৰে,তেওঁলোকে শৰীৰত গ্লিচাৰিণ,গোলাপজল আৰু নেমুৰ ৰস মিহলাই লগাব পাৰে ৷ গা ধোৱাৰ পিছতে সম্পূৰ্ণ শৰীৰত লগালে সুফল পাব ৷লগতে এটা বটলত গোলাপজল,গ্লিচাৰিন আৰু নেমুৰ ৰস মিহলাইও থ’ব পাৰে ৷ ইফালে ৰাতি শোৱাৰ আগত মুখখন ভালকৈ ছাফা কৰি গাখীৰৰ সৰ লগালে ছালৰ বিভিন্ন সমস্যা যেনে ছাল ফটা,শুকাই যোৱা আদি সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷ লগতে দৈ ছালৰ কাৰণে অত্যন্ত উপযোগী ৷ ছান বাৰ্ণ হলে দৈ,হালধি মিহলাই ছালত লগালে সুফল পাব পাৰি ৷

কুহুমীয়া গৰম পানীৰে শীতকালত স্নান কৰিলে ভাল ৷কিন্তু বেছি গৰম পানী ছালত লগালে ছাল আৰু অধিক শুকাই যায় ৷

গ্লিচাৰিন ছালৰ কাৰণে কিমান উপযোগী সেয়া নিশ্চয় কোৱাৰ প্ৰয়োজন নাই ৷কাৰণ আমি ব্যৱহাৰ কৰা প্ৰায়সমূহ ক্ৰীম বডি লোচনত গ্লিচাৰিণ থাকেই ৷ আনহাতে নাৰিকল তেল আমাৰ ছুলিৰ কাৰণে ভাল বুলি সকলোৱে জানো ৷ কিন্তু নাৰিকল তেল আমাৰ ছালৰ কাৰণেও ভাল। গাধোৰ পিছতে যদি আমি শৰীৰত নাৰিকল তেল ব্যৱহাৰ কৰোঁ ৷ তেন্তে ছালখন সজীৱ হোৱাত সহায় কৰিব নাৰিকল তেলে ৷ কিন্তু আপুনি নাৰিকল তেলৰ উপৰিও আপোনাৰ পছন্দৰ অন্য তেল ছালত লগাব পাৰে ৷লগতে গা ধোৱাৰ পানীতো দুটোপ মান তেল দি গা ধূব পাৰে ৷

কণী খাই আমি সকলোৱে ভাল পাওঁ ৷সেয়া অমলেটেই হওঁক বা বইলেই হওঁক ৷কিন্তু আমি কণীযে খাবই কাৰি, তেনে নহয়৷ ৷কণীক ফেছ মাক্স হিচাপেও ব্যবহাৰ কৰিব পাৰি ৷

কণী বগা অংশটো উলিয়াই, তাত অলপ মৌ মিহলাই , আমি আমাৰ মুখত যদি মাক্স হিচাপে ব্যৱহাৰ কৰোঁ ৷ তেন্তে আমি এখন সুন্দৰ জিলিকা ছালৰ অধিকাৰী হ’ব পাৰিম ৷

অন্যহাতে ছাল আৰু ছুলিৰ যত্নৰ কৰাৰ দৰে আমি আমাৰ ওঁঠ জুৰিৰ যত্ন লোৱাটো অতি প্ৰয়োজন ।কাৰণ পিঙ্ক লিপিছ আমি বিছাৰিলেই নহ’ব যত্নও ল’ব লাগিব ৷লিপবাম হিচাপে পেট্ৰ’লিয়াম জেলি অথবা ভিটামিন ই কেপচুল লগাব পাৰে ৷লগতে ঘিঁ লগাব পাৰে ৷আৰু লিপষ্টিক কম পৰিমাণে লগাব ৷ লিপষ্টিক লগালেও মইশ্বৰাইজাৰ লগাবলৈ একেবাৰে নাপাহৰিব ৷

ছাল,চুলি আৰু ওঁঠৰ দৰে ভৰি দুখনৰো যত্ন ল’বলৈ নাপাহৰিব ৷শীত কালত প্ৰায়েই আমাৰ ভৰিৰ গোৰোহা ফটা দেখা যায় ৷সেইকাৰণে ভৰি দুখনৰ ছাফা কৰি ৰাখিব লাগে ৷অলপ কুহুমীয়া গৰম পানী লৈ,তাত নেমু আৰু ছেম্পু মিহলাই ভৰি দুখন অলপ সময় সেই পানীত ৰাখিব লাগে ৷ইয়াৰ পিছত এটা সৰু ব্ৰাছেৰে ভৰি দুখনৰ গোৰোহা ছাফা কৰি মইশ্বৰাইজাৰ বা গ্লিচাৰিন লগালে সুফল পোৱা যায় ৷

শীতকালত চুলিত উফি সমস্যাকে ধৰি বিভিন্ন সমস্যা আমাৰ প্ৰায় সংখ্যক মানুহৰে থাকে ৷ সপ্তাহত তিনিদিন চুলিত তেল লগোৱাটো অত্যন্ত জৰুৰী ৷ নাৰিকল তেল

বা যিকোনো তেল,আপোনাৰ পছন্দ অনুসৰি তেল চুলিত লগাব পাৰে ৷ কিন্তু তেলৰ লগত দুটোপালমান নেমুৰ ৰস দি চুলিত লগালে চুলিৰ কাৰণে ভাল ৷ লগতে,উফি কাৰণে প্ৰয়োজন অনুসৰি দৈ আৰু নেমু মিহলাই চুলিত লগাই প্ৰায় ১৫ মিনিটতমান মাছাজ কৰি ১-২ ঘন্টাৰ পিছত ধুব লাগে ৷ এনেদৰে চুলিত পেষ্টটো লগালে উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ৷লগতে উফি হ’লে চুলি সৰেও ৷ পিয়াঁজ ৰস আৰু নাৰিকল তেল লগালেও চুলি সৰা বন্ধ হোৱাৰ লগতে গজেও ৷ পিয়াজঁৰ গোন্ধৰ পৰা পৰিত্ৰান পাবলৈ নেমুৰস মিহলাই ল’ব পাৰে ৷

কিন্তু শীতৰ বতৰত এই সকলোখিনি উপকৰণ ছাল,চুলিত লগাও আপুনি পানী সেৱন কৰিবই লাগিব ৷ কাৰণ পানীয়েই প্ৰাণ ৷ এজোপা গছক লহপহকৈ বাঢ়িবলৈ যেনেদৰে পানীৰ প্ৰয়োজন ৷তেনেদৰে আমাৰ শৰীৰটোৰ উৎকৃষ্ট ছাল, সুন্দৰ চুলি,পিঙ্ক লিপছ’ৰ কাৰণ পানীৰ প্ৰয়োজন ৷লগতে খাব লাগিব পুষ্টিকৰ খাদ্য। সেউজীয়া শাক পাছলি,বতৰৰ ফল এই সকলো উপাদান আমাৰ শৰীৰটোৱে লাভ কৰিলেহে আমি সুস্থ সৱল হোৱাৰ লগতে শীত কালটো সুন্দৰ ছাল , চুলিৰ অধিকাৰী হৈ জিলিকি থাকিব পাৰিম ৷

অধিক খবৰৰ বাবে পঢ়ক : বিবিধ

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com