ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ টু জৰিয়তে বলীউডলৈ যাত্ৰা দুগৰাকী নৱাগতাৰঃ মুক্তি পালে প’ষ্টাৰ

ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ টু জৰিয়তে বলীউডলৈ যাত্ৰা দুগৰাকী নৱাগতাৰঃ মুক্তি পালে প’ষ্টাৰ

বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক অনতি পলমে দেখা পাব ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ছবিত ৷ এই ছবিখনৰ সম্প্ৰতি দুখন প’ষ্টাৰ মুকলি কৰিছে ৷ ইয়াত টাইগাৰ শ্ৰফক এখন গেটৰ বাহিৰত দেখা গৈছে। এই ছবিখনৰ জৰিয়তে অন্যন্যা পাণ্ডে আৰু তাৰা চুতাৰিয়াই বলীউডলৈ যাত্ৰা কৰিছে। কৰণ জোহৰ আৰু পুনীত মালহোত্ৰাই নিৰ্মাণ কৰা ষ্টুণ্ডেণ্ট অৱ দ্য ইয়েৰ ছবিখনৰ প্ৰথম খন প’ষ্টাৰ মুকলি হ’ল মংগলবাৰে ৷

https://www.instagram.com/p/BwEKN9sn7Hs/

ইফালে টাইগাৰ শ্ৰফে টুইটাৰ যোগে ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখনৰ প’ষ্টাৰ মুকলি কৰিছে ৷ এই প’ষ্টাৰখনত টাইগাৰ শ্ৰফক গেটৰ ভিতৰতলৈ যোৱা দেখা গৈছে। প’ষ্টাৰখন মুকলি কৰি টাইগাৰ শ্ৰফে লিখিছে আপুনি আছো নে ? ঠিক সেইদৰে তৃতীয়খন প’ষ্টাৰত টাইগাৰ শ্ৰফক সম্পূৰ্ণভাৱে দেখা গৈছে ৷ আৰু টাইগাৰে লিখিছে বেক টু কলেজ। ইয়াৰ পূৰ্বেই ছবিখনৰ প’ষ্টাৰ মুকলি কৰি মংগলবাৰে টাইগাৰ শ্ৰফে লিখিছে আগবাঢ়ক আৰু প্ৰত্যাহ্বান গ্ৰহণ কৰক। ছবিখনৰ প্ৰথম প’ষ্টাৰ চাই অনুভৱ হৈছে যে ছবিখন খেলৰ ওপৰত আধাৰিত ৷

https://www.instagram.com/p/BwEX9mdnkzX/

ইফালে ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ হৈছে ২০১২ চনত মুক্তি লাভ কৰা ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিৰ চিকুৱেল। ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখনৰ দ্বাৰা বলীউডলৈ যাত্ৰা কৰিছিল আলিয়া ভাট্ট,বৰুণ ধাৱন আৰু সিদ্ধাৰ্থ মালহোত্ৰাই। প্ৰথমখন ছবিৰো নিৰ্মাতা হৈছে কৰণ জোহৰ ৷ গতিকে দুয়োখন ছবিৰ অভিনেতা অভিনেত্ৰীসকলৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে ৷

https://www.instagram.com/p/BwGwAq7nbs8/

অন্যহাতে, ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ২ ছবিখনক আৰু অধিক আকৰ্ষণীয় ভাৱে নিৰ্মাণ কৰিবৰ কাৰণে প্ৰথম ছবিখনৰ ৰাধা গীতটি হলীউড ষ্টাৰ বিল ষ্মিথৰ ওপৰত নিৰ্মিত। ইফালে বহু প্ৰত্যাশিত ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবিখন মুক্তি পাব ১৯ মে’ত। ছবিখনৰ টিজাৰ মুকলি হ’ল আজি অৰ্থাৎ বৃহস্পতি বাৰে। আশা কৰা হৈছে ১২ এপ্ৰিলত ছবিখনৰ ট্ৰেইলৰ মুক্তি পাব ৷ইফালে ছবি খনৰ জৰিয়তে বলীউডলৈ যাত্ৰা কৰা অন্যন্যা পাণ্ডে সম্প্ৰতি চৰ্চাত আছে ৷ কাৰণ ছবি খনত অভিনয় কৰাৰ মাজতে অন্যান্যাই Elle আলোচনীৰ কাৰণে ইটালীত ফ’টো শ্বুট কৰে। Elle ৰ বেটুপাতত অতি সুন্দৰ লাগিছে অন্যান্য পাণ্ডেক ৷

https://www.instagram.com/p/BwG-MhFHXMM/

অভিনেত্ৰী অন্যন্যাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত এই ফ’টো অনুৰাগীলৈ আগবঢ়াইছে ৷ লগতে আলোচনীখনৰ সকলো কৰ্মকৰ্তাক ধন্যবাদ জনাই অভিনেত্ৰী অন্যন্যা পাণ্ডেই। ইফালে অন্যন্যা পাণ্ডে আৰু তাৰা চুতিয়াৰ ষ্টুণ্ডেন্ট অৱ দ্য ইয়েৰ ছবি খনৰ প’ষ্টাৰ মুকলি হৈছে ৷ দুয়ো গৰাকী নৱাগতাক কৰণ জোহৰে স্বাগতম জনাইছে ইনষ্টাগ্ৰামৰ জৰিয়তে ৷

https://www.instagram.com/p/Bv5-_3YHo57/

অন্যহাতে কৰণ জোহৰৰ কফী উইথ কৰণ অনুষ্ঠানটোত টাইগাৰ শ্ৰফৰ লগতে আহিছিল অন্যন্যা ৷ এই অনুষ্ঠানত অন্যন্যাই কয় যে কৰণ জোহৰৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ মই উৎসাহী যদিও ৷ মই তেনেধৰণে একো কাম কৰা নাই ৷ যাৰ কাৰণে মই এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিম ৷ মই ভাগ্যৱান যে মোৰ দেউতা এজন অভিনেতা ৷ আৰু অভিনয় কৰিবলৈ মোৰ সৌভাগ্য হৈছে ৷ অন্যন্যা পাণ্ডে হৈছে বলীউডৰ অভিনেতা চাকি পাণ্ডেৰ জীয়ৰী ৷ ছবিখনৰ পিছত অন্যন্যাক দেখিবলৈ পোৱা যাব কাৰ্তিক আয়ান আৰু ভূমি পাদনেকাৰৰ সৈতে পতি পত্নী আৰু ৱ’ ৷

https://www.instagram.com/p/Bv5-lJ8HVFF/

অন্য খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com